ক্ৰিকেটাৰ জয়দেৱ উনাদকাটে আইপিএলৰ দৰমহাৰ ১০ শতাংশ ধন খৰছ কৰিব কোভিড ৰোগীৰ বাবে…

ক্ৰিকেটাৰ জয়দেৱ উনাদকাটে আইপিএলৰ দৰমহাৰ ১০ শতাংশ ধন খৰছ কৰিব কোভিড ৰোগীৰ বাবে…

ডিজিটেল ডেস্ক : কোৰোনাত আক্ৰান্ত সকলক সহায়ৰ বাবে আগবাঢ়ি আহিছে ৰাজস্থান ৰয়েলছৰ বলাৰ জয়দেৱ উনাদকাটে । আইপিএলৰ দৰমহাৰ ১০ শতাংশ ধন কোভিড আক্ৰান্ত ৰোগী সকলক চিকিৎসা প্ৰদান কৰাৰ বাবে দান কৰাৰ সিদ্ধান্ত লৈছে। টুইটাৰ যোগে এই কথা সদৰি কৰে ক্ৰিকেটাৰ গৰাকীয়ে।

টুইটত ক্ৰিকেটাৰ গৰাকীয়ে কয় -"মই মোৰ আই পি এলৰ দৰমহাৰ ১০% কোভিড আক্ৰান্ত লোক সকলৰ বাবে অত্যাৱশ্যকীয় চিকিৎসা সম্পদ প্ৰদান কৰাৰ ক্ষেত্ৰত অৱদান আগবঢ়াই আছো। মোৰ পৰিয়ালে নিশ্চিত কৰিব যে ই সঠিক স্থানত পাইছে নে নাই । জয় হিন্দ" ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in