শেহতীয়া খবৰ
নগাঁৱৰ বৰ্ন্যাতৰ কাষত ফটোগ্ৰাফাৰ এছ’চিয়েচন....  •  পশ্চিম গাৰো পাহাৰত পুনৰ ভূমিস্খলন...  •  বানপানীৰ স্থায়ী সমাধানৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত পি আই এল...  •  মহানগৰীত মৰফিনসহ এজনক আটক...  •  ইউক্ৰেইনৰ জনবহুল এলেকাত ৰাছিয়াৰ মিছাইল আক্ৰমণঃ নিহত ১০, ৪০ ৰো অধিক আহত...  •  বাণিজ্যত চতুৰ্থ আৰু ষষ্ঠ স্থানেৰে উজলিল গোৱালপাৰাৰ প্ৰিয়াক্ষী ঘোষ আৰু মৃণাল ৰয়...  •  কৃতি শিক্ষক মাধুৰ্য বৰাৰ মৃত্যুত নগাঁৱত শোকৰ ছাঁ...  •  ৰাজধানীৰ 'কেৱ' চালকৰ কন্যা অৰ্পিতাৰ সাফল্য...  •  CPI(M)ৰ প্ৰতিবাদঃ ধনশিৰি মহকুমাধিপতিৰ যোগদি মুখ্যমন্ত্ৰীলৈ ৯ দফীয়া স্মাৰক পত্ৰ প্ৰেৰণ...  •  নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত UPSC,APSC, IFS ৰ সন্দৰ্ভত কৰ্মশালা...

গীৰ্জাত দুৰ্বৃত্তৰ বন্দুক, বোমাৰে আক্ৰমণঃ শিশুসহ অৰ্ধশতাধিক লোকৰ মৃত্যু…

ডিজিটেল ডেস্কঃ এক ভয়ংকৰ ঘটনাই জোকাৰি গ’ল সমগ্ৰ নাইজেৰিয়া। এটা গীৰ্জাত দুৰ্বৃত্তৰ আক্ৰমণৰ ফলত নিহত হৈছে ৫০ জনৰো অধিক লোক। নিহত লোকসকলৰ মাজত আছে কেইবাটাও শিশু। নাইজেৰিয়াৰ অণ্ডোৰ ছেইণ্ট ফ্ৰান্সিছ গীৰ্জাত সংঘটিত হৈছে এই ঘটনা।

প্ৰৰম্ভিক খবৰ অনুসৰি গীৰ্জাটোত প্ৰাৰ্থনা কৰি থকাৰ সময়তে একাংশ দুৰ্বৃত্তই হাতত মাৰণাস্ত্ৰ লৈ গীৰ্জাটোত প্ৰৱেশ কৰে আৰু সমৱেত লোকসকলক লক্ষ্য কৰি এফালৰ পৰা গুলী চালনা কৰিবলৈ আৰম্ভ কৰে। ফলস্বৰূপে এই ঘটনাত ৫০ জনৰো অধিক লোক নিহত হয়। কেৱল গুলী চালনা কৰাতেই সীমাবদ্ধ নাথাকি দুৰ্বত্তৰ দলটোৱে গীৰ্জাটোত বোমা বিস্ফোৰণৰ ঘটনাও সংঘটিত কৰিছে।

এই ঘটনা কোনে আৰু কি উদ্দেশ্যত সংঘটিত কৰিলে তাৰ কোনো তথ্য বৰ্তমানেও জানিব পৰা হোৱা নাই। আৰক্ষীয়ে সমগ্ৰ ঘটনা সদৰ্ভত তদন্ত অব্যাহত ৰাখিছে। ঘটনাত অতি সংকটত জনক অৱস্থাত আন বহু কেইজনক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। সেই অনুসৰি মৃত্যুৰ সংখ্যা আৰু অধিক হোৱাৰ সম্ভাৱনাই দেখা দিছে।

ক্লিক কৰি পঢ়কঃ গ্ৰেপ্তাৰ হ’ব পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান !