নুমলীগড়ত আৰম্ভ বিদ্যালয়ৰ আন্তঃগাঁথনিৰ কাম

নুমলীগড়ত আৰম্ভ বিদ্যালয়ৰ আন্তঃগাঁথনিৰ কাম

ডিজিটেল সংবাদ, নুমলীগড়ঃ ১১ ডিচেম্বৰ, ২০১৮ত 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণত প্ৰচাৰিত হোৱা এটা বাতৰিৰ প্ৰভাৱ পৰিছে নুমলীগড় তেল শোধনাগাৰ প্ৰকল্প সমাজ কল্যাণ বিভাগত। ৩ নং ৰংবং বগা মাটি প্ৰাথমিক বিদ্যালয় আন্তঃগাঁথনিৰ বাবে কেইবা বছৰৰ আগতে এন আৰ এলে ৭-৮ লক্ষ্য ধন মুকলাই দিছিল।

কিন্তু পৰিতাপৰ কথা যে, কেৱল গৃহটোৰ চাৰি দেৱাল নিৰ্মাণ কৰিয়ে সকলো ধন লুণ্ঠন কৰাৰ অভিযোগ উত্থাপন হৈছিল। বাতৰি প্ৰচাৰ হোৱাৰ পাছতে বিদ্যালয় আন্তঃগাঁথনি পুনৰ নিৰ্মাণৰ বাবে প্ৰাথমিক পৰ্যায়ত কাৰ্য্যালয়ৰ কাম-কাজ হাতত লৈছে আৰু পূৰ্ব ধন লুণ্ঠনৰ বিষয়টো তদন্তৰ বাবে যো-জা চলিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in