৯২সংখ্যক অস্কাৰ ঘোষণাঃ ৱাকিন ফিনিক্স, ৰেনে জেলৱেগৰ জিলিকিল শীৰ্ষত…

৯২সংখ্যক অস্কাৰ ঘোষণাঃ ৱাকিন ফিনিক্স, ৰেনে জেলৱেগৰ জিলিকিল শীৰ্ষত…

ডিজিটেল ডেস্কঃ ঘোষণা কৰা হ'ল বহু প্ৰত্যাশিত ৯২সংখ্যক অস্কাৰ- ২০২০ এৱাৰ্ড। আমেৰিকাৰ লছ এঞ্জেলেছস্থিত ডলবী থিয়েটাৰত দেওবাৰে নিশাৰ পৰা আয়োজিত হৈছে অস্কাৰ সমাৰোহ। ছবিজগতৰ সৰ্ববৃহৎ এৱাৰ্ড শ্ব' অস্কাৰ- ২০২০ত বিশ্বৰ বিভিন্ন প্ৰান্তৰ তাৰকা শিল্পীসকল উপস্থিত থকা দেখা যায়। আনহাতে বিগত বৰ্ষৰ দৰে এইবাৰো অস্কাৰৰ কোনো শিতানতে ভাৰতীয় চিনেমাই স্থান লাভ কৰিবলৈ সক্ষম নহ'ল। উল্লেখ্য যে, ৯২ সংখ্যক অস্কাৰ এৱাৰ্ডৰ বাবে ভাৰতৰ জয়া আখতাৰ পৰিচালিত ছবি 'গলী বয়' প্ৰেৰণ কৰা হৈছিল যদিও শীৰ্ষ ১০ ছবিৰ ভিতৰত এই ছবিখন অন্তৰ্ভূক্ত নহ'ল।

অস্কাৰ- ২০২০ত বেষ্ট চাপৰ্টিং এক্টৰৰ খিতাপ লাভ কৰিছে ব্ৰেড পিটে। তেওঁ ওৱান্স আপোন এ টাইম ইন হলীউড নামৰ ছবিখনৰ বাবে বেষ্ট চাপৰ্টিং এক্টৰৰ অস্কাৰ লাভ কৰে। এই শিতানৰ বাবে মনোনীত হৈছিল এ বিউটিফুল ডে' ইন নেইবাৰহুড ছবিৰ বাবে টম হেংকছ, দ্য টু পোষ্টৰ বাবে এন্থনী হপকিন্স, দ্য আইৰিছমেন ছবিৰ বাবে অল পচীনো, দ্য আইৰিছমেন ছবিৰ বাবে জ' পেক্সী আৰু ওৱান্স আপোন এ টাইম ইন হলীউড ছবিৰ বাবে ব্ৰেড পিট।

বেষ্ট চাপৰ্টিং এক্ট্ৰেছৰ অস্কাৰ লাভ কৰে লাৰা ডৰ্ণ-এ। মেৰীজ ষ্ট'ৰী নামৰ ছবিখনত কৰা সাৱলীল আৰু বলিষ্ঠ অভিনয়ৰ বাবে এই খিতাপ লাভ কৰে লাৰা ডৰ্ণ-এ। অস্কাৰ- ২০২০ খিতাপ গ্ৰহণ কৰি মঞ্চতে অতি আবেগিক হৈ পৰে তাৰকা অভিনেত্ৰীগৰাকী। তেওঁ এই খিতাপ পিতৃ-মাতৃৰ নামত উচৰ্গা কৰে। এই শিতানৰ বাবে মনোনীত হোৱা আন অভিনেত্ৰীকেইগৰাকী হৈছে- ৰিচাৰ্ড জুৱেল ছবিৰ বাবে কেথী বেটছ, জোজো ৰেবিটৰ বাবে স্কাৰলেট জনছন, লিটল ওমেনৰ বাবে ফ্লৰিন্স পঘ, বম্বছেলৰ বাবে মাৰ্গোট ৰাৱী আৰু মেৰীজ ষ্টোৰীৰ বাবে লাৰা ডৰ্ণ।

অস্কাৰ- ২০২০ৰ বেষ্ট এক্টৰ ইন লিডিং ৰোলৰ খিতাপ লাভ কৰিছে 'জোকৰ' ছবিৰ অভিনেতা ৱাকিন ফিনিক্স-এ। এই শিতানত মনোনীত হোৱা মুঠ অভিনেতা আছিল ৫ গৰাকী। তেওঁলোক হৈছে- পেন এণ্ড গ্লোৰী ছবিৰ বাবে এন্টোনীঅ' বেণ্ডেৰছ, ওৱান্স আপোন এ টাইম ইন হলীউডৰ বাবে লিঅ'নাৰ্ড' ডি কেপৰিঅ', মেৰীজ ষ্ট'ৰীৰ বাবে এডম ড্ৰাইভাৰ, জোকৰ ছবিৰ বাবে ৱাকিন ফিনিক্স আৰু দ্য টু পোপছৰ বাবে জোনাথন প্ৰাইছ।

অস্কাৰ- ২০২০ৰ বেষ্ট এক্ট্ৰেছ ইন লিডিং ৰোলৰ খিতাপ লাভ কৰিছে ৰেনে জেলৱেগৰে। এই শিতানৰ বাবে মোননীত হৈছিল চিনথিয়া ইৰিৱ' (হেৰিয়ট), স্কাৰলেট জনছন (মেৰীজ ষ্ট'ৰী), চাঅ'ৰ্ছ ৰোনন (লিটিল ওমেন), চাৰ্লিজ থেৰান (বম্বছেল) আৰু ৰেনে জেলৱেগৰ (জুড়ী)।

২০২০ৰ অস্কাৰ এৱাৰ্ডৰ বেষ্ট চাউণ্ড মিক্সিঙৰ খিতাপ লাভ কৰে '১৯১৭' নামৰ ছবিখনে। এই শিতানৰ বাবে মনোনীত হৈছিল এড আষ্ট্ৰা, ফোৰ্ড ভাৰ্ছেছ ফাৰাৰী, জোকৰ, ১৯১৭ আৰু ওৱান্স আপোন এ টাইন ইন হলীউড নামৰ ছবিকেইখন।

বেষ্ট চাউণ্ড এডিটিঙৰ খিতাপ লাভ কৰে ডোনাল্ড চিলভেষ্টৰে। ফোৰ্ড এণ্ড ফাৰাৰী নামৰ ছবিখনৰ বাবে লাভ কৰে তেওঁ এই খিতাপ। এই শিতানৰ বাবে মনোনীত হৈছিল এলন ৰৱাৰ্ট মৰে (জোকৰ), অলিৱৰ টাৰ্ণ আৰু ৰছেল টাটে (১৯১৭), বাইলী ষ্টেটমেন (ওৱান্স আপোন এ টাইম ইন হলীউড), মেথিউ বুড আৰু ডেভিদ অকাৰ্ড (ষ্টাৰ ৱাৰ্ছঃ দ্য ৰাইছ অৱ স্কাইৱকাৰ) আৰু ডোনাল্ড চিলভেষ্টৰ (ফোৰ্ড এণ্ড ফাৰাৰী)।

বেষ্ট ডকুমেণ্টৰী, চৰ্ট চাবজেক্টৰ খিতাপ লাভ কৰে লাৰ্নিং টু স্কেটবোৰ্ড ইন এ ৱাৰজ'নৰ বাবে হম ইউ আৰু এ গৰ্লে। উল্লেখ্য যে, শ্ৰেষ্ঠ তথ্যচিত্ৰ শিতানৰ বাবে চেইণ্ট লুইছ ছুপাৰমেন নামৰ তথ্যচিত্ৰখনো মনোনীত হৈছিল। এই তথ্যচিত্ৰখনৰ পৰিচালনা কৰিছে ভাৰতীয় মূলৰ আমেৰিকাৰ ছবি নিৰ্মাতা স্মৃতি মুদ্ৰা আৰু চমী খানে। এই শিতানৰ বাবে মনোনীত হোৱা আন তথ্যচিত্ৰ কেইখন হৈছে- ইন দ্য এম্বেছছ, লাইফ অভাৰটেকছ মি, চেইণ্ট লুইছ ছুপাৰমেন আৰু ৱাক ৰান চা চা।

২০২০ৰ বেষ্ট কষ্টিউম ডিজাইনাৰৰ অস্কাৰ লাভ কৰিছে লিটল ওমেন ছবিৰ বাবে জেকলীন ডুৰনে। এই শিতানৰ বাবে মনোনীত হৈছিল দ্য আইৰীছমেন ছবিৰ বাবে চেণ্ডী পাৰ্বেল আৰু ক্ৰিষ্ট'ফাৰ পীটাৰছন, জোজো ৰেবিটৰ বাবে মায়েছ চি ৰোবিঅ', জোকৰ ছবিৰ বাবে মাৰ্ক ব্ৰিজেছ, লিটল ওমেন ছবিৰ বাবে জেকলীন ডুৰন আৰু ওৱান্স আপোন এ টাইম ইন হলীউড ছবিৰ বাবে এৰিয়ন ফিলিপ্স।

অস্কাৰ, ২০২০ৰ বেষ্ট প্ৰডাকছন ডিজাইনাৰৰ খিতাপ লাভ কৰে ওৱান্স আপোন এ টাইম ইন হলীউড ছবিখনৰ বাবে বাৰবৰা লিংগে। পেৰাছাইট ছবিৰ বাবে নেন্সী হাইলৈ আগবঢ়োৱা হয় 'বেষ্ট ছেট ডেকোৰেশ্যন'ৰ অস্কাৰ।

দক্ষিণ কোৰিয়াৰ চিত্ৰনাট্যকাৰ ওৱং জুন হ' আৰু হান জিন হ'ৰ ছবি 'পেৰাছাইট'লৈ আগবঢ়োৱা হৈছে 'বেষ্ট অৰিজিনেল স্ক্ৰীনপ্লে'ৰ অস্কাৰ। এই শিতানৰ বাবে মনোনীত হোৱা আন কেইখন ছবি হৈছে ফোৰ্ড ভাৰ্ছেছ ফাৰাৰী, দ্য আইৰীছমেন, জোজো ৰেবিট, জোকৰ, লিটল ওমেন, মোৰীজ ষ্ট'ৰী, ১৯৭১, ওৱান্স আপোন এ টাইম ইন হলীউড আৰু পেৰাছাইট।

টাইকা ৱেটটী প্ৰযোজিত 'জোজো ৰেবিট' নামৰ ছবিখনে লাভ কৰিছে বেষ্ট এডাপ্টেড স্ক্ৰীণপ্লেৰ অস্কাৰ। আনহাতে, 'দ্য নেইবাৰ্ছ উইনড' নামৰ ছবিখনে লাভ কৰিছে বেষ্ট লাইভ ছৰ্ট ফিল্ম খিতাপ। 'জয় ষ্টৰী 4' ছবিখনে লাভ কৰিছে বেষ্ট এনিমেটেড ফিচাৰ ফিল্মৰ অস্কাৰ। আনহাতে, 'বেষ্ট এনিমেটেড শ্বৰ্ট ফিল্ম'ৰ অস্কাৰ লাভ কৰে 'হেয়াৰ লাভ'–এ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in