‘এণ্ড দ্য অস্কাৰ গ’জ টু…ভিলেইজ ৰকষ্টাৰছ্’! অসমৰ অভিনেতা-অভিনেত্ৰীয়ে কি কয়?

‘এণ্ড দ্য অস্কাৰ গ’জ টু…ভিলেইজ ৰকষ্টাৰছ্’! অসমৰ অভিনেতা-অভিনেত্ৰীয়ে কি কয়?

অস্কাৰৰ সৈতে প্ৰথমবাৰৰ বাবে উচ্চাৰিত হ'ল এখন অসমীয়া চিনেমাৰ নাম। ৰীমা দাসে সেই গৌৰৱৰ অধিকাৰী কৰিলে অসমবাসীক। 'ভিলেইজ ৰকষ্টাৰছ'ক লৈ এতিয়া চৌদিশে সৰৱ চৰ্চা। কি কয় এই সন্দৰ্ভত অসমীয়া চলচ্চিত্ৰৰে জড়িত অভিনেতা-অভিনেত্ৰীয়ে? 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণে কথা পাতিছিল কেইগৰাকীমান অভিনেতা-অভিনেত্ৰীৰ সৈতে। তেওঁলোকৰ প্ৰতিক্ৰিয়াৰ সম্পাদিত ৰূপ।

তপন দাস, অভিনেতাঃ খুব ভাল খবৰ। মই সুযোগ পোৱা নাই ছবিখন চাবলৈ। মোৰ মিছেছে (পূৰবী শৰ্মা) চাইছে। সাংঘাতিক ভাল পাইছে। 

মই ভাবো এই ছবিখনৰ সফলতাই এটা  সাংঘাটিক টাৰ্ণ আনিব অসমীয়া ছবিৰ বাবে। লাগানৰ পাছত আৰু ভাল খবৰ ভিলেজ ৰকষ্টাৰছৰ জৰিয়তে আহিব বুলি মই আশাবাদী। ছবিখন ৰিলিজ হ'ব হলত। চাবৰ বাবে মই ৰৈ আছো। অন্তৰৰ পৰা ভাল লাগিছে এই খবৰটো শুনি।

যতীন বৰা, অভিনেতাঃ ৰীমা দাসক ধন্যবাদ জনাইছো। বৰ প্ৰতিভাৱান ছোৱালী। এনে এক ফলাফল যে পাব মই আগতেই জানিছিলো। 

অসম চৰকাৰে ৰীমা দাসক ৰাষ্ট্ৰীয় পুৰস্কাৰ পোৱাৰ পাছতো কিছু আৰ্থিক সাহায্য দিছিল। পৰৱৰ্তী ছবিখনৰ ক্ষেত্ৰতো ফিল্ম ফাইনেন্স এণ্ড ডেভল'পমেন্ট কৰ্পৰেশ্যনৰ হৈ কথা পাতিছিলো। তেওঁৰ লগত এই সন্দৰ্ভত আমি আলোচনা কৰিছিলো। ইতিমধ্যে ৰীমাই যথেষ্ট সফলতা লাভ কৰিছে। বিশ্বৰ ভাল ভাল ছবি মহোৎসৱত অংশ লৈছে। ৰীমাৰ অভিজ্ঞতা বাঢ়ি গৈ আছে। অভিজ্ঞতা যিমানেই বাঢ়িব কামৰ মান সিমানেই ভাল হ'ব। ৰীমাক অভিনন্দন।

ৰবি শৰ্মা, অভিনেতাঃ আমাৰ বাবে এয়া বৰ গৌৰৱৰ কথা। ৰীমা দাসে প্ৰমাণ কৰি দিছে, ছবি বনাবলৈ বেছি টকা নালাগে, এটা ভাল কন্সেপ্ট লাগে।

কন্সেপ্ট নতুন হ'লে বাজেটৰ কথা নাথাকে। তেওঁ এটা ভাল কন্সেপ্ট লৈ এই ছবিখন নিৰ্মাণ কৰিছিল। ভাল বাজেটৰ কমাৰ্চিয়েল ছবিও এই নতুন কন্সেপ্টত বনাব পাৰি। নিশ্চয় তেতিয়া দৰ্শক আহিব। বেয়া ছবি বনোৱাটো বন্ধ হ'ব লাগে। পইচা হ'লেই এখন ভাল ছবি বনাব নোৱাৰি। মই বৰ আনন্দিত হৈছো। ৰীমা দাসৰ লগতে তেওঁৰ টীমটোলৈ মই অভিনন্দন জ্ঞাপন কৰিছো।

চেতনা দাস, অভিনেত্ৰীঃ কম কথা নেকি এইটো। খুব ভাল পাইছো। অসমীয়া এজনী ছোৱালীয়ে ইমান কষ্ট কৰি এই সফলতা লাভ কৰিছে।

একক প্ৰচেষ্টাৰে ৰীমাই এয়া সম্ভৱ কৰি দেখুৱাইছে। কোনো দিনে বিচলিত হোৱা নাই। ৰীমাক অসম তথা ভাৰতৰ ৰাইজে উৎসাহ-উদ্দীপনা যোগাব লাগে। মোৰ এটা সুবিধাহে হৈছে। অসমৰ বাহিৰলৈ কেতিয়াবা গ'লে ৰীমা আৰু হিমা মোৰ ভণ্টী বুলি কম। ঠায়ে ঠায়ে নাতিনী বুলিও কম। এতিয়া মই আকাশলৈ দুহাত মেলি গৌৰৱ কৰিছো। আমি ছোৱালী বুলি পিছুৱাই থওঁ। নোৱাৰিবি বুলি কওঁ। ইয়াৰ পাছত আৰু কোনেও ক'ব নোৱাৰে ছোৱালীয়ে নোৱাৰিব বুলি। মই এই খবৰ পাই গৰ্ববোধ কৰিছো।

প্ৰস্তুতি পৰাশৰ, অভিনেত্ৰীঃ সাংঘাতিক এটা ভাল খবৰ। মই এতিয়া এটা কথাই কওঁ- অসমীয়া ৰাইজে এই ছবিখন উঠি-পৰি চাব লাগে।

অসমীয়া ছবিয়ে বিশ্ব দৰৱাৰলৈ এইদৰে আগবাঢ়ি যোৱা সুবিধা পাইছে। ই এক ডাঙৰ সফলতা। মই ভাৱো এতিয়া অমসীয়া ছবিৰ প্ৰতি মানুহৰ অনিহা নাইকিয়া হ'ব লাগে। এই ছবিখন চাবলৈ সকলো আহক। মই নিজেই হলত এই ছবিখন চাবৰ বাবে ৰৈ আছো। অতি গৌৰৱৰ কথা আমাৰ বাবে।

উৎপল দাস, অভিনেতাঃ এই খবৰ পাই খুবেই আনন্দিত। তেওঁ যিমান কষ্টৰে এই উদ্যোগটোক নতুন মাত্ৰা দিবলৈ চেষ্টা কৰিছিল সেয়া সাৰ্থক হৈছে। 

এয়া শুভ লক্ষ্যণ অসমীয়া চিনেমাৰ বাবে। শ্ৰদ্ধাৰে, আন্তৰিকতাৰে, একাগ্ৰতাৰে কাম কৰিলে সকলো সম্ভৱ হয়। ইয়াৰে এক ভাল উদাহৰণ দাঙি ধৰিলে ৰীমাই। এয়া আমাৰ বাবে উৎসাহৰ খবৰ। আশাৰ ৰেঙণী কঢ়িয়াই আনিছে এই খবৰে। দৃঢ়তাৰে কাম কৰিলে সকলো সম্ভৱ। বিভিন্ন বাধা নেওচি তেওঁ এই সফলতাৰ বাবে কাম কৰি গৈছিল। তেওঁৰ যিটো দক্ষতা, সেই দক্ষতাৰেই এয়া সম্ভৱ কৰি দেখুৱালে। আমি আশা কৰো ইয়াৰ পাছত ভাল চিনেমা নিৰ্মাণ কৰিবলৈ সকলোৱে উৎসাহ পাব। আমাৰ কলা-কুশলীৰো দায়িত্ব আছে। আচলতে বাচনিৰ বাবে এই চিনেমাখনৰ নাম নিৰ্বাচিত হোৱাতোৱেই ডাঙৰ কথা। আশা কৰো আৰু সফলতা আহিব।

কপিল বৰা, অভিনেতাঃ সাংঘাতিক খবৰ এইটো। ভাৰতৰ বিভিন্ন প্ৰান্তত ভাল ভাল চিনেমা নিৰ্মাণ হৈছিল। তাৰ মাজৰ পৰাই শ্ৰেষ্ঠত্ব অৰ্জন কৰিছিল ৰীমাৰ 'ভিলেইজ ৰকষ্টাৰছে'। 

ডাঙৰ ডাঙৰ মহোৎসৱত যোগ দিছে, সন্মান কঢ়িয়াই আনিছে।আৰু শেষত এই অস্কাৰৰ বাচনিৰ বাবে অফিচিয়েল এন্ট্ৰীৰ খবৰটোৱে যথেষ্ট সুখী কৰিছে। এটা কথা ঠিক, মানুহৰ যদি ৰুচি থাকে, ধাওতি থাকে তেন্তে প্ৰশিক্ষণৰ প্ৰয়োজন নাই। অসমৰ ৰীমা দাসে প্ৰমাণ কৰি দিছে যে বিশ্বৰ ভাল ভাল পৰিচালকৰে দৰে ৰীমায়ো সেই ৰুচিবোধৰ চিনেমা নিৰ্মাণ কৰিব পাৰে। অসমৰ চিনেমাৰ পৰিচালনাৰ বাবে বহু ভাল ভাল পৰিচালক আহিছে। তেওঁলোকে অসমীয়া ছবিৰ ৰূপ সলনি কৰিব পাৰিব। সঁচা অৰ্থৎ মই আজি ৰীমা দাসৰ খবৰক লৈ আনন্দিত।

আইমী বৰুৱা, অভিনেত্ৰীঃ ৰীমা দাসে অসমীয়া ছবিক আৰু আগুৱাই নিলে। ৰীমা মোৰ ভাল বান্ধৱী। আমি প্ৰায়ে কথা পাতি থাকো। 

আপুনি চাওঁকচোন ৰীমাৰ ছবৰ কাহিনীটো। সাধাৰণ জীৱনৰ কাহিনী। ইয়াত পানী, মাটি আৰু জাতিৰ গোন্ধ আছে। অস্কাৰৰ অফিচিয়েল এন্ট্ৰী এটা ভাল খবৰ। মই ভাবো আৰু ভাল খবৰ এই ছবিখনৰ জৰিয়তে আহিব। অসমীয়া ছবিৰ ওপৰত মোৰ দৃঢ় বিশ্বাস আছে। ভাল ছবি নিৰ্মাণ হৈয়ে আছে। উত্তৰ-পূৱত টেলেন্টৰ অভাৱ নাই। গুণগত মানেৰে বহুতে এই কাম কৰি আছে। আমি বলীউদক কপি কৰো। কিন্তু আমি নিজৰ মাটি-পানীৰ গোন্ধ থকা কাহিনীৰ ছবি নিৰ্মাণ কিয় নকৰো? বলীউদৰ ছবিৰ বাজেট আৰম্ভ হয় ১০০ কোটিৰ পৰা । আমাৰ ছবি নিৰ্মাণ ব্যয় এক কোটিও নহয়। যিসময়ত ভাৰতত প্ৰথম ছবি নিৰ্মাণ হৈছিল, তাৰ কেইবছৰমানৰ পাছতেই অসমীয়া ছবিৰো নিৰ্মাণ হৈছিল। সময়ৰ গতিত কিছু পাৰ্থক্য সৃষ্টি হ'লেও আশাবাদী অসমীয়া ছবি এনেদৰে উজ্বলি উঠিব। ৰীমা দাস তাৰেই প্ৰমাণ। যি কামেই নকৰো তাত মাটি-পানীৰ সৈতে সংস্পৰ্শ থাকিব লাগিব। জাতিবোধ থাকিব লাগিব। ৰীমাক অভিনন্দন।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in