বিজেপিৰ উৰিয়ামঘাট যুৱ মৰ্চাৰ উদ্যোগত লাভলীনাৰ সমৰ্থনত বন্তি প্ৰজ্বলন…

বিজেপিৰ উৰিয়ামঘাট যুৱ মৰ্চাৰ উদ্যোগত লাভলীনাৰ সমৰ্থনত বন্তি প্ৰজ্বলন…

ডিজিটেল সংবাদ, উৰিয়ামঘাট: সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ সৰ্মথনত আৰু উৰিয়ামঘাট বি জে পিৰ যূৱ মৰ্চাৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত উৰিয়ামঘাটত অসম কন্যা লাভলীনাৰ মঙ্গল কামনা কৰি শতাধিক বন্তি প্ৰজ্বলন।বন্তি প্ৰজ্বলন অনুষ্ঠানত উপস্থিত থাকে উৰিয়ামঘাট বিজেপিৰ যুৱ মৰ্চাৰ সভাপতি কোবিদ হাজৰিকা সহ বহু কেইজনমান কৰ্মকতা।

উৰিয়ামঘাট শিৱ মন্দিৰত আৰম্ভ কৰা বন্তি প্ৰজ্বলন অনুষ্ঠান সমাপ্ত কৰে উৰিয়ামঘাট ১৪২ নং চিআৰ পি এফ কেম্পৰ সমিপত থকা মন্দিৰৰ লৈকে প্ৰায় ৫০০ গজ বন্তি প্ৰজ্বলন কৰি স্বৰ্ণ পদক লাভৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in