অসমৰ কেইবাশ হেক্টৰ মাটি দখল কৰি খেতি আৰম্ভ নগাৰ

অসমৰ কেইবাশ হেক্টৰ মাটি দখল কৰি খেতি আৰম্ভ নগাৰ


ডিজিটেল সংবাদ মৰিয়নিঃ অসমৰ ভূমিত চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ বেদখল অব্যাহত আছে। মৰিয়নিৰ দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত নগাৰ ভয়াবহ আগ্ৰাসন আৰু গুলীচালনা ঘটনাই কিছু দিন পূৰ্বে মৰিয়নি সীমান্ত উতপ্ত কৰি তোলাৰ পাছত এতিয়া তিৰুহিলছ সংৰক্ষিত বনাঞ্চলত নগাই চলাইছে ভয়াবহ বেদখল। মৰিয়নি বিধান সভা সমষ্টিৰ তথা টীয়ক ৰাজহ চক্ৰৰ অন্তৰ্গত তিৰুহিলছ সংৰক্ষিত বনাঞ্চলত নগাই শ শ হেক্টৰ ভূমিৰ বন ধ্বংস কৰি বস্তি স্থাপন কৰা লগতে ঝুম খেতি,ৰবৰ আৰু চাহ বাগিছা স্থাপন কৰিছে।

বনাঞ্চল খনৰ অধিকাংশ ভূমি নগালোকে দখল কৰি ইয়াচাং এ, বি আৰু চি স্থাপন কৰা পাছত এতিয়া ইয়াচাং ডি নামৰ এখন নতুন বস্তি স্থাপন কৰিবৰ বাবে নগাই পূন্যদমে প্ৰস্তুতি চলাইছে। ইতিমধ্যে নগাই বনাঞ্চলখনৰ বন ধ্বংস কৰি ৰবৰ বাগিছা, চাহ বাগিছা, গোমধানৰ খেতি কৰি নিজৰ খোপনি গজগজিয়া কৰি তুলিছে।

শেতীয়াকৈ অসমৰ ভূমিত নতুনকৈ কেইবাটাও গৃহ নিৰ্মান কৰিছে নগালোকে। কিন্তু বৰ্তমানলৈকে ইয়াৰ ভূকে পোৱা নাই অসমৰ প্ৰশাসনে। আনহাতে নগাই বনাঞ্চলখনৰ এডোখৰ ভূমিত মোককচাং জিলা উল্লেখ থকা নাগালেণ্ড চৰকাৰৰ কৃষি বিভাগৰ এখন ফলক লগাই বিভিন্ন কৃষি কাৰ্য আৰম্ভ কৰি উক্ত ভূমি নগালেণ্ডৰ বুলি দাবী কৰিছে।অসমৰ উক্ত দখলীকৃত ভূমিত নগা লোক সকলে চাহ বাগিছা স্থাপন কৰা লগতে গোমধানৰ খেতি কৰিছে।

উল্লেখ্য যে, ২০১৩চনৰ এপ্ৰিল মাহত তিৰুহিলছ সংৰক্ষিত বনাঞ্চলৰ উক্ত ভূমিত নগাৰ আগ্ৰাসনক লৈ দুইখন ৰাজ্যৰ মাজত সংঘাত সৃষ্টি হোৱাৰ লগতে এক যুদ্ধ সদৃশ পৰিবেশ সৃষ্টি হৈছিল। কিন্তু ইয়াৰ পাছতো অসমৰ ভূমিত ৰোধ নহ'ল নগাৰ আগ্ৰাসন। অসমৰ বন বিভাগ আৰু যোৰহাট জিলা প্ৰশাসনৰ সোপাঢিলা নীতিৰ বাবে পূৰ্বতকৈ অধিক মাটী নগাই নিজৰ দখললৈ নিবলৈ সক্ষম হ'ল। নগাই অসমৰ ভূমি দখল কৰি ৰনখাম গাওঁৰ পৰা মাত্ৰ এককিলমিটাৰ দূৰত আহি অৱস্থান কৰাক লৈ শংকিত হৈ পৰিছে ৰনখাম গাওঁ বাসী।

মনকৰিবলগীয়া যে, ৰনখাম গাঁওৰ সমীপতে ২০১৩ চনত নগা আৰু অসমীয়াৰ সংঘাতৰ সময়তে যোৰহাট জিলা প্ৰশাসনে এটা অস্থায়ী সীমান্ত আৰক্ষী চকী স্থাপন কৰিছিল যদিও তিৰুহিলছ সংৰক্ষিত বনাঞ্চলত ৰোধ নহ'ল নগাৰ আগ্ৰাসন। আনহাতে অসম চৰকাৰক শীঘ্ৰে তিৰুহিলছ বনাঞ্চলত নগাৰ বেদখল ৰোধ কৰি অসমৰ ভূমি ৰক্ষা কৰিবলৈ অনুৰোধ জনাইছে সীমান্তৰ অসমীয়াই।অসমৰ তিৰুহিলছ সংৰক্ষিত বনাঞ্চলৰ ভূমিত নগাৰ বেদখল ৰোধ কৰা লগতে নগা বেদখলকাৰীৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে পৰবৰ্তী পৰ্যায়ত কেনেধৰনৰ পদক্ষেপ গ্ৰহণ কৰে সেইয়া লক্ষণীয় হ'ব ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in