মঙলদৈত কোৰোনা ভাইৰাছৰ সজাগতা সভা আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন…

মঙলদৈত কোৰোনা ভাইৰাছৰ সজাগতা সভা আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন…

ডিজিটেল সংবাদ, মঙলদৈ : আপোন মানুহ এন জি অ"ৰ উদ্যোগত অহা ১৫ এপ্ৰিল বৃহস্পতিবাৰে মঙলদৈ বৰপুখুৰীপাৰৰ জয়ন্ত হাজৰিকা উদ্যানত মহামাৰী কোৰোনা ভাইৰাছৰ সজাগতা সভা আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰিছে।

এনজিঅ টোৰ সভাপতি হিমাঞ্জন শৰ্মা (হিমু) আৰু সম্পাদক ধ্ৰুৱ জ্যোতি শৰ্মাই জনোৱা মতে ১৫ এপ্ৰিল তথা ১ বহাগৰ দিনা ৰাতিপুৱা ৭ বজাত সমূহীয়া চাফাই আৰু বৃক্ষ ৰোপন কৰিব, অনুষ্ঠানৰ মুকলি কৰিব কৃতি শিক্ষক নীলকান্ত শৰ্মাই। ৯ বজাত পদপথত আশ্ৰিত অভাৱগ্ৰস্থলোকক খাদ্য আৰু কাপোৰ বিতৰণৰ উদ্বোধন কৰিব মঙলদৈৰ বিশিষ্ট সমাজ সেৱক ঋত্বিক চৌধুৰী আৰু ক্ৰাইচেম এন জি অৰ মুখ্য কাৰ্যবাহী বিষয়া অৰিন্দম নাৰায়ণে।

১১ বজাত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হব। দিনৰ ১২ বজাত সম্বৰ্ধনা আৰু সজাগতা সভা উদ্বোধন কৰিব বিশিষ্ট সমাজ সেৱক তথা ক্ৰীড়া সংগঠক হিমাঞ্জন শৰ্মাই(হিমু), সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব মঙলদৈ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ প্ৰতাপ বৰদলৈয়ে। সমুহ কাৰ্যসূচীত ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে আপোন মানুহৰ কৰ্ম কৰ্তা সকলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in