হোটেল,ৰেষ্টুৰেণ্ট,ৰিজৰ্টৰ মালিক-কৰ্মচাৰীক ৪ মে’ৰ ভিতৰত কোভিড টেষ্ট কৰাৰ নিৰ্দেশ…

হোটেল,ৰেষ্টুৰেণ্ট,ৰিজৰ্টৰ মালিক-কৰ্মচাৰীক ৪ মে’ৰ ভিতৰত কোভিড টেষ্ট কৰাৰ নিৰ্দেশ…

ডিজিটেল সংবাদ,বোকাখাত : বোকাখাত মহকুমাত বৰ্ধিত কোভিড-১৯ আক্ৰান্ত ৰোগীৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি তথা জনসাধাৰণৰ মাজত আৰু অধিক সংক্ৰমণ প্ৰতিৰোধ কৰিবৰ বাবে বোকাখাতৰ মহকুমাধিপতি বিপুল দাসে মহকুমাটোৰ অন্তর্গত সকলো হোটেল আৰু ৰিজৰ্টৰ কৰ্মচাৰীসকলক নিকটতম স্বাস্থ্যকেন্দ্ৰ অথবা কোভিড-১৯ পৰীক্ষাকেন্দ্ৰত অহা ৪ মেৰ ভিতৰত বাধ্যতামূলক ভাবে কোভিড-১৯ ৰ টেষ্ট কৰাবলৈ নিৰ্দেশ জাৰি কৰিছে।

ইয়াৰ লগতে বজাৰ এলেকা আৰু ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত অৱস্থিত সকলো ধৰণৰ দোকান, চাহ দোকান, হোটেল -ৰেষ্টুৰেণ্ট তথা ধাবা আদিৰ মালিক তথা কৰ্মচাৰীসকলকো অহা ৪ মে'ৰ ভিতৰত বাধ্যতামূলক ভাবে কোভিড -১৯ ৰ পৰীক্ষা কৰাবলৈ মহকুমাধিপতিগৰাকীয়ে নিৰ্দেশ জাৰি কৰিছে। আনহাতে কোনো ব্যক্তি তথা প্ৰতিষ্ঠানে এই নিৰ্দেশনা অমান্য কৰিলে প্ৰশাসনে বিহিত ব্যবস্থা গ্ৰহণ কৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in