ওৰাঙত জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ জোঁৰ সমদল…

ওৰাঙত জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ জোঁৰ সমদল…

ডিজিটেল সংবাদ, ওৰাং: চৰকাৰে শীতকালীন অধিবেশনত জনজাতিকৰণ সংশোধনী বিধেয়কৰ জৰিয়তে ছয় জনগোষ্ঠীক অতি শীঘ্ৰেই জনজাতি কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাত ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰস্তাব শীঘ্ৰে বাতিলৰ দাবীত ওৰাঙত জনজাতীয় সংগঠন সমুহৰ সমন্বয়ৰক্ষী সমিতিয়ে জোৰ সমদলৰে প্ৰতিবাদ সাব্যস্ত কৰে৷

শুকুৰবাৰে ওৰাঙৰ কলাগুৰু বিষ্ণু ৰাভা মহাবিদ্যালয় প্ৰাঙ্গণৰ পৰা জনজাতি সংগঠন সমূহৰ সমন্বয়ৰক্ষী সমিতিৰ উদ্দ্যোগত প্ৰায় পাঁচ শতাধিক জনতাৰ দ্বাৰা জোৰ সমদল লৈ এক প্ৰতিবাদ কাৰ্য্যসূচী উলিয়ায়। জনজাতি সমন্বয়ৰক্ষীৰ নেতৃত্বই ছয় জনগোষ্ঠীক চৰকাৰে জনজাতিৰ মৰ্যাদা প্ৰদান কৰিব বিচৰা কাৰ্যৰ বিৰোধিতা কৰি এই প্ৰতিবাদী কাৰ্যসূচী উলিওৱা হয় বুলি মত প্ৰকাশ কৰে৷

প্ৰতিবাদী কাৰ্যসূচীত ভাৰত চৰকাৰ মুৰ্দাবাদ, বিজেপি চৰকাৰ গ'বেক, ছয় জনগোষ্ঠীৰ জনজাতিকৰণ শীঘ্ৰেই বাতিল কৰক ইত্যাদি শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in