চাকৰি স্থায়ীকৰণৰ দাবীত মাজবাটত অস্থায়ী বিদ্যুৎ কৰ্মচাৰীৰ প্ৰতিবাদ

চাকৰি স্থায়ীকৰণৰ দাবীত মাজবাটত অস্থায়ী বিদ্যুৎ কৰ্মচাৰীৰ প্ৰতিবাদ

ডিজিটেল সংবাদ, ওৰাং:- মাজবাটত অস্থায়ী বিদ্যুৎ কৰ্মচাৰীৰ প্ৰতিবাদ। অস্থায়ী কৰ্মচাৰীৰ চাকৰি স্থায়ীকৰণৰ দাবীত এই প্ৰতিবাদ। সোমবাৰে মাজবাট বিদ্যুৎ উপ-সংমণ্ডলৰ কাৰ্যালয়ৰ সন্মুখত বিদুৎ বিভাগৰ অস্থায়ী কৰ্মচাৰী সকলে সাব্যস্ত কৰে এই প্ৰতিবাদ।

দীৰ্ঘ দিনৰ পৰা শক্তি বিভাগৰ অধীনত নিয়োজিত অস্থায়ী কৰ্মচাৰী আৰু বিদ্যুৎ বিল সংগ্ৰহকাৰী সকলে চাকৰি স্থায়ীকৰণ আৰু দৰমাহ বৃদ্ধিৰ দাবীত আন্দোলন কৰি আহিছে। কিন্তু চৰকাৰে অস্থায়ী কৰ্মচাৰী সকলৰ দাবী মানি লোৱা নাই।

ৰ'দ বৰষুণকো নেওচি দিনে-নিশাই অস্থায়ী কৰ্মচাৰী সকলে বিদুৎ সেৱা আগবঢ়াই আহিছে ৰাইজক। অসম চৰকাৰে ঘোষণা কৰা ১ লাখ চাকৰিত বিদুৎ বিভাগৰ অস্থায়ী কৰ্মচাৰী সকলৰ অন্তৰ্ভুক্ত কৰাৰ দাবী কৰ্মচাৰী সকলৰ। বিদুৎ বিভাগৰ অস্থায়ী কৰ্মচাৰী সকলৰ মুখলৈ আৰু পৰিয়াললৈ চাই চাকৰি স্থায়ী কৰণৰ কৰাৰ আহ্বান মুখ্যমন্ত্ৰী আৰু শক্তিমন্ত্ৰীক।

৫০০০ হাজাৰতকৈ অধিক অস্থায়ী কৰ্মচাৰীয়ে বিনা বেতনেৰে বিদুৎ সেৱাৰ কামত নিয়োজিত হৈ সেৱা আগবঢ়াই অহিছে। কিন্তু চৰকাৰে এই সকল অস্থায়ী বিদ্যুৎ কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ আৰু দৰমহা বৃদ্ধি কৰাত কোনো গুৰুত্ব দিয়া নাই। চৰকাৰে শীঘ্ৰে অস্থায়ী কৰ্মচাৰী সকলক নিয়মীয়া কৰণ নকৰিলে ধাৰাবাহিক আন্দোলন আৰু কৰ্ম বিৰতি পালন কৰাৰ হুংকাৰ বিদুৎ বিভাগৰ অস্থায়ী কৰ্মচাৰী সকলৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in