এন‌আৰচিৰ বায়’মেট্ৰিক প্ৰক্ৰিয়াৰ বাবে মুকলিকৈ ধনদাবী কৰ্মচাৰীৰ! VIDEO

এন‌আৰচিৰ বায়’মেট্ৰিক প্ৰক্ৰিয়াৰ বাবে মুকলিকৈ ধনদাবী কৰ্মচাৰীৰ! VIDEO

ডিজিটেল সংবাদ, ওদালগুৰি/ওৰাংঃ ৰাজ্যত চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কামত যথেষ্ট আসোঁৱাহ থকাৰ অভিযোগ ৰাজ্যৰ বিভিন্ন প্ৰান্তত সঘনাই উত্থাপিত হৈ আহিছে। একাংশ এন‌আৰচিৰ উন্নীতকৰণৰ প্ৰক্ৰিয়াত জড়িত কৰ্মচাৰীয়ে উৎকোচ দাবী কৰি হাতে-লোতে ধৰা পৰি জেল হাজোতলৈও যাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।

ইয়াৰ মাজতে বুধবাৰে ওদালগুৰি জিলাৰ ওৰাং আৰক্ষী থানাৰ অন্তৰ্গত এটি কেন্দ্ৰত পোহৰলৈ আহিল এক ভয়ংকৰ ঘটনা। এন‌আৰচিৰ বায়'মেট্ৰিক প্ৰক্ৰিয়া সম্পন্ন কৰাৰ বাবদ মুকলিকৈ ধনদাবী কৰিছে কৰ্মচাৰীয়ে। আনকি ধন নিদিলে এন‌আৰচিৰ পৰা নাম কৰ্তনৰ ভাবুকি দিয়াৰ অভিযোগো উত্থাপিত হৈছে এন‌আৰচি বায়'মেট্ৰিক প্ৰক্ৰিয়াত কৰ্তব্যৰত বিষয়াগৰাকীৰ বিৰুদ্ধে।

এই সন্দৰ্ভত ভুক্তভোগী মহিলা এগৰাকীয়ে ওৰাং আৰক্ষী থানাত দাখিল কৰিছে এখন এজাহাৰ। এজাহাৰকাৰী ওৰাঙৰ বালিগাওঁ গাওঁৰ বাসিন্দা ছাজিদা বেগম নামৰ মহিলাগৰাকীয়ে এজাহাৰখনত উল্লেখ কৰা অনুসৰি বুধবাৰে দিনৰ প্ৰায় ১.৩৮ বজাত ওৰাঙৰ আইবি এন‌আৰচি সেৱা কেন্দ্ৰত তেওঁ পৰিয়ালৰ আন সদস্যৰ সৈতে বায়'মেট্ৰিক প্ৰক্ৰিয়াত অংশ ল'বলৈ যায়।

বায়'মেট্ৰিক প্ৰক্ৰিয়া শেষ হোৱাৰ পাছত তাত কৰ্তব্যৰত বিএম‌ই অপাৰেটৰ কৰ্মচাৰী প্ৰেম কুমাৰ বসুমতাৰীয়ে ভুক্তভোগীগৰাকীৰ পৰা বায়'মেট্ৰিক প্ৰক্ৰিয়া সম্পন্ন কৰাৰ বাবদ ৮০০ টকা উৎকোচ বিচাৰে। কিন্তু কিয় এই ধন দিব লাগে বুলি ভুক্তভোগী গৰাকীয়ে প্ৰশ্ন কৰাত টকা নিদিলে কাম সম্পূৰ্ণ নহ'ব বুলি ভাবুকি প্ৰদান কৰে কৰ্তব্যৰত কৰ্মচাৰীগৰাকীয়ে।

ইয়াৰ পাছত টকাখিনি দিবলৈ অমান্তি হোৱাত কৰ্মচাৰীগৰাকীয়ে ভুক্তভোগীগৰাকীক এন‌আৰচি সেৱা কেন্দ্ৰ ভিতৰতে অশ্লীল গালি দি বাহিৰ কৰি দিয়ে। পাছত সেৱা কেন্দ্ৰটোত উপস্থিত আন এজন বিষয়াই বায়'মেট্ৰিক পত্ৰখন ছিঙি পেলোৱা বুলি এজাহাৰখনত ভুক্তভোগীয়ে উল্লেখ কৰে।

ওৰাং আৰক্ষীয়ে এজাহাৰখনৰ ওপৰত ভিত্তি কৰি এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। যিসময়ত সকলোৱে এখন প্ৰকৃত আৰু শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুত হোৱাটো বিচাৰিছে তেনে সময়ত এনে ধৰণৰ ঘটনাই সকলোকে চিন্তিত কৰি তুলিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in