আনুষ্ঠানিক ভাৱে পৰ্যটকৰ বাবে মুকলি হ’ল ওৰাং ৰাষ্ট্ৰীয় উদ্যান…

আনুষ্ঠানিক ভাৱে পৰ্যটকৰ বাবে মুকলি হ’ল ওৰাং ৰাষ্ট্ৰীয় উদ্যান…

ডিজিটেল সংবাদ ওৰাং: ২০২১-২০২২ বৰ্ষৰ পৰ্যটক তথা দৰ্শনাৰ্থীৰ বাবে বৃহস্পতিবাৰে মুকলি কৰি দিয়া হ'য় ওৰাং ৰাষ্ট্ৰীয় উদ্যান। ৰাষ্ট্ৰীয় উদ্যানখনৰ দ্বাৰ মুকলি কৰে মঙ্গলদৈৰ সাংসদ দিলীপ শইকীয়াই। বৃহস্পতিবাৰৰ পৰা আনুস্থানিক ভাবে ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম ফলক ওৰাং ৰাষ্ট্ৰীয় উদ্যান হিচাপে নামকৰণ কৰা হ'য়।

ৰাষ্ট্ৰীয় উদ্যান খনৰ পৰা ৰাজীৱ গান্ধীৰ নাম কৰ্তন কৰাৰ সম্পৰ্কত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে সাংসদ দিলীপ শইকীয়াই। কোভিডে ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰত প্ৰভাৱ পেলোৱাৰ পিছতে সম্পূৰ্ণ দুটা বছৰৰ পিছত ৰাষ্ট্ৰীয় উদ্যানখন বৃহস্পতিবাৰে মুকলি কৰা হ'য়৷ দেশ-বিদেশৰ সকলো পৰ্যটক তথা দৰ্শনাৰ্থীক ওৰাং ৰাষ্ট্ৰীয় উদ্যান লৈ আমন্ত্ৰণ জনায় সাংসদ দিলীপ শইকীয়াই।

পৰ্যটকক আদৰিবলৈ ৰাষ্ট্ৰীয় উদ্যান খনৰ আন্তঃগাঁথনি নিৰ্মাণৰ কাম পূৰ্ণ গতিত চলি থকাৰ কথা প্ৰকাশ কৰে সাংসদ দিলীপ শইকীয়াই। এছিয়া মহাদেশৰ ভিতৰতে আটাইতকৈ বাঘৰ ঘনত্ব বেছি ওৰাং ৰাষ্ট্ৰীয় উদ্যানত। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ব্যঘ্ৰ প্ৰকল্প পৰ্যটনৰ এক নতুন সম্ভাৱনা। ইতিমধ্যে অসম চৰকাৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বাবে লৈছে বিশেষ পদক্ষেপ।

ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া অঞ্চলত চলা অবৈধ বেদখলৰ সম্পৰ্কত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে সাংসদ দিলীপ শইকীয়াই। ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বেদখলকাৰী থাকিবলৈ দিয়া নহ'ব বুলি স্পষ্টভাৱে মত প্ৰকাশ কৰে সাংসদ দিলীপ শইকীয়াই। ৰাষ্ট্ৰীয় উদ্যানত বেদখল কৰা লোক সকলক আঁতৰি যাবলৈ আহ্বান সাংসদ দিলীপ শইকীয়াৰ।

গৰুখুটীৰ উচ্ছেদ আৰু ৮৩ ৰ অন্দোলনক লৈ বিধায়ক শ্বেৰমান আলিয়ে কৰা উচতনিমূলক মন্তব্যক লৈ দিলীপ শইকীয়াৰ প্ৰতিক্ৰিয়া। শ্বেৰমান আলিৰ মস্তিস্কৰ বিভ্ৰাত হৈছে। শ্বেৰমানৰ মস্তিষ্কৰ বিভ্ৰাত হোৱাটো অস্বাভাৱিক নহ'য়, সেয়া স্বাভাৱিক কথা। কৰাণ তেওঁলোকৰ পূৰ্ব পুৰুষসকলে অসমীয়া থলুৱা খিলঞ্জীয়া লোকক হানি খুচি হত্যা কৰিছিল। লগতে শ্বেৰমান আলিক ক্ষমা খোজাৰ দাবী দিলীপ শইকীয়াৰ।

শ্বেৰমান আলিৰ মন্তব্যক লৈ অসম চৰকাৰে অতি শীঘ্ৰে গোচৰ ৰুজু কৰাৰ লগতে অসমৰ ৰাইজে শ্বেৰমান আলিক একাষৰীয়া কৰিব লাগে বুলি গুৰুত্বপূৰ্ণ মন্তব্য সাংসদ দিলীপ শইকীয়াৰ। শ্বেৰমান আলিয়ে কৰা মন্তব্যৰ ওপৰত সংবাদ মাধ্যমৰ আগত এই মন্তব্য দিলীপ শইকীয়াৰ। দীৰ্ঘদিনৰ পৰা ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ৰাজীৱ গান্ধীৰ নাম কৰ্তন কৰাৰ দাবী উত্থাপন চলি আছিল। শেহতীয়াকৈ অসম চৰকাৰৰ কেবিনেটে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ৰাজীৱ গান্ধীৰ নাম কৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাই সাংসদ দিলীপ শইকীয়াই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in