কোৰোনাৰ সংক্ৰমণৰ বাবে ওৰাং ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে অনিৰ্দিষ্ট কাললৈ বন্ধ ঘোষণা…

কোৰোনাৰ সংক্ৰমণৰ বাবে ওৰাং ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে অনিৰ্দিষ্ট কাললৈ বন্ধ ঘোষণা…

ডিজিটেল সংবাদ, ওৰাং : পৃথিৱী বিখ্যাত এশিঙীয়া গঁড়ৰ বিচৰণ স্থলী ওৰাং বাঘ্ৰ্য প্ৰকল্প অৰ্থাৎ ওৰাং ৰাষ্ট্ৰীয় উদ্যান। প্ৰকৃতিৰ অপৰূপ মনোমোহা সৌন্দৰ্যৰে ভৰপুৰ ৰাষ্ট্ৰীয় উদ্যানখনত পৃথিৱীৰ বিখ্যাত এশিঙীয়া গঁড়, বাঘ, হৰিণা, গাহৰিৰ উপৰি বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকতিৰ আৱাস স্থল।

দেশত অভাৱনীয় হাৰত বৃদ্ধি পোৱা মহা ব্যাধি কোৰোনাৰ সংক্ৰমণৰ বাবে অনিৰ্দিষ্ট কাললৈ ওৰাং ৰাষ্ট্ৰীয় উদ্যানত পৰ্য্যটকৰ বাবে বন্ধ কৰাৰ বিষয়ে সদৰি কৰে বিভাগীয় কৰ্তৃপক্ষই। কভিডৰ সংক্ৰমৰ প্ৰতি লক্ষ্য ৰাখি এক নিৰ্দেশ যোগে পৰ্যটকৰ বাবে ৰাষ্ট্ৰীয় উদ্যান খন বন্ধ কৰা বুলি জানিবলৈ দিয়ে বিভাগে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in