কোভিডৰ সংক্ৰমণৰ বাবে সুক্ষ্ম নিয়ন্ত্ৰণ কেন্দ্ৰ ঘোষণা কৰা অঞ্চলত খাদ্য সামগ্ৰী বিতৰণ…

কোভিডৰ সংক্ৰমণৰ বাবে সুক্ষ্ম নিয়ন্ত্ৰণ কেন্দ্ৰ ঘোষণা কৰা অঞ্চলত খাদ্য সামগ্ৰী বিতৰণ…

ডিজিটেল সংবাদ, ওৰাং: ওৰাং খণ্ড প্ৰাৰ্থমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত ২ নং জংঘল ব্লক আৰু চুবুৰা চুবুৰীত বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমণ। ২ নং জংঘল ব্লক আৰু চুবুৰা চুবুৰীত ১০ জুনত কোভিড পৰীক্ষা কৰাত ৩০ গৰাকী লোকৰ দেহত ধৰা পৰিছিল কোভিড পজিটিভ। পুনৰ ১১ জুনত ২ নং জংঘল ব্লক আৰু চুবুৰা চুবুৰীত কোভিড পৰীক্ষা কৰাত ২৩ গৰাকী লোকৰ দেহত ধৰা পৰে কোভিড পজিটিভ। কোভিডৰ গণ সংক্ৰমণ ৰোধ কৰাৰ বাবে ২ নং জংঘল ব্লক আৰু চুবুৰা চুবুৰী গাঁও দুখনক স্বাস্থ্য বিভাগ আৰু প্ৰশাসনে সুক্ষ্ম নিয়ন্ত্ৰণ কেন্দ্ৰ হিচাপে ঘোষণা কৰিছে। ইতিমধ্যে গাঁও দুখনত কোভিডৰ সংক্ৰমণ হৈছে ৫৩ গৰাকী লোকৰ। ইয়াৰ ভিতৰত আছে গৰ্ভৱতী মহিলাও। গাঁও দুখনত কোভিডৰ গণ সংক্ৰমণৰ সংখ্যা বৃদ্ধি পোৱাত। কোভিডৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে স্বাস্থ্য বিভাগ আৰু প্ৰশাসনে ১৪ দিনৰ বাবে সুক্ষ্ম নিয়ন্ত্ৰণ কেন্দ্ৰ হিচাপে ঘোষণা কৰিছে গাঁও দুখন।

কোভিডৰ সংক্ৰমণৰ বাবে সুক্ষ্ম নিয়ন্ত্ৰণ কেন্দ্ৰ হিচাপে ঘোষণা কৰা ২ নং জংঘল ব্লক আৰু চুবুৰা চুবুৰী গাঁৱৰ লোক সকলৰ মাজত শনিবাৰে খাদ্য সামগ্ৰী বিতৰণ কৰে বিটিচি পৰিষদৰ ৪০ নং ৰৌতা সমষ্টিৰ পাৰিষদ তথা বিটিচিৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী সদস্য ড° নিলুট স্বৰ্গীয়াৰীয়ে। সুক্ষ্ম নিয়ন্ত্ৰণ কেন্দ্ৰৰ অন্তৰ্গত থকা পৰিয়াল সমূহক চাউল, দালি, আলু, মিঠাতেল, নিমখ, চাবোন, চয়াবীন, মাক্স আৰু ছেনিটাইজাৰ আদি সামগ্ৰী বিতৰণ বাবে প্ৰেৰণ কৰে বিটিচিৰ কাৰ্যবাহী সদস্য ড° নিলুট স্বৰ্গীয়াৰীয়ে।

২ নং জংঘল ব্লক আৰু চুবুৰা চুবুৰী গাঁৱৰ সুক্ষ্ম নিয়ন্ত্ৰণ কেন্দ্ৰত থকা পৰিয়াল সমূহক ড° নিলুট স্বৰ্গীয়াৰীয়ে বিতৰণ বাবে প্ৰেৰণ কৰা খাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰী সমূহ বিতৰণ কৰে ওদালগুৰি জিলা যুৱ ইউ পি পি এলৰ উপ সভাপতি তুমন ব্ৰহ্ম আৰু গেলাবিল ভি চি ডি চিৰ সভাপতি সুবান বসুমতাৰীয়ে। খাদ্য সামগ্ৰী বিতৰণ এই অনুষ্ঠানত উপস্থিত থাকে ইউ পি পি এল দলৰ বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মী সকল। কোভিডৰ জটিল পৰিস্থিতিৰ মাজতে সুক্ষ্ম নিয়ন্ত্ৰণ কেন্দ্ৰৰ অন্তৰ্গত থকা পৰিয়াল সমূহক খাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰী প্ৰদান কৰাৰ বাবে বিটিচিৰ কাৰ্যবাহী সদস্য ড° নিলুট স্বৰ্গীয়াৰীক ধন্যবাদ জনাইছে ২ নং জংঘল ব্লক আৰু চুবুৰা চুবুৰী গাঁৱৰ লোক সকলে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in