ওৰাঙত আন্তৰাষ্ট্ৰীয় গাড়ী চোৰ আটক,উদ্ধাৰ বাহন…

ওৰাঙত আন্তৰাষ্ট্ৰীয় গাড়ী চোৰ আটক,উদ্ধাৰ বাহন…

ডিজিটেল সংবাদ,ওৰাং : ওৰাং আৰক্ষীৰ বৃহৎ সফলতা। ওৰাঙত আন্তৰাষ্ট্ৰীয় গাড়ী চোৰ আটক । অৰুণাচলৰ নাহৰ লগনৰ পৰা চুৰি কৰা বিলাসী স্কুৰপিঅ বাহন উদ্ধাৰ ওৰাং আৰক্ষীৰ । বৃহস্পতিবাৰে পুৱা ওৰাং আৰক্ষীয়ে অভিযান চলাই আটক কৰে দুই গভাইত চোৰ সহ স্কৰপিঅ বাহন। উদ্ধাৰ হোৱা স্কৰপিঅ বাহন খনৰ নম্বৰ AR 01 L 2010 ।স্কৰপিঅ বাহন খনৰ গৰাকী অৰুণাচলৰ এগৰাকী অধিবক্তাৰ বুলি জানিব পৰা গৈছে ।

আটকাধীন গভাইত চোৰ দুজন ক্ৰমে আলিপুৰ দুৱাৰৰ কুমাৰ গ্ৰামৰ চিদাম বৰ্মন আৰু লক্ষীমপুৰ জিলাৰ লালুকৰ হাচিম আলি বুলি জানিব পৰা গৈছে। চুৰি কৰা স্কৰপিঅ বাহন খন বাইহাটা চাৰিআলি অভিমুখে নি থকা অৱস্থাত গোপন খবৰৰ ভিত্তিত ওৰাং আৰক্ষীয়ে উদ্ধাৰ কৰে। উক্ত গভাইত চোৰ দুজন আন্তৰাষ্ট্ৰীয় গাড়ী চুৰি চক্ৰৰ লগত জড়িত থকাৰ সন্দেহ আৰক্ষীৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in