শেহতীয়া খবৰ
বাৰে বাৰে কাৰাগাৰলৈ কিয় অখিল গগৈক...  •  লকডাউনৰ সময়ত মানসিক অস্থিৰতা, অৱসাদত ভোগা লোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে অসম আৰক্ষী...  •  যোৱা ২৪ ঘণ্টাত দিল্লীত COVID-19ত ২০জন লোক আক্ৰান্ত, ১জনৰ মৃত্যুঃ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল...  •  অৰবিন্দ কেজৰিৱালৰ টুইটাৰক লৈ গৌতম গম্ভীৰৰ প্ৰতিক্ৰিয়া...  •  লকডাউনৰ মাজত লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সহযোগী উপাচাৰ্যৰ আৰ্তজনলৈ সহায়...  •  ৩ জুনলৈকে লকডাউন!- কিমান সঁচা এই খবৰ...  •  ডিমাপুৰত দৰিদ্ৰ পৰিয়ালৰ মাজত এন এছ চি এন মুইভা গোটৰ সাহায্য বিতৰণ...  •  ৭ এপ্ৰিলৰ পুৱা ৬ বজাৰ পূৰ্বে নিজামুদ্দিনৰ পৰা অহা সকল চিকিৎসালয়লৈ যাওঁক, নহ’লে আৰক্ষীয়ে ল’ব কঠোৰ আইনী ব্যৱস্থা...  •  কোৰোনা ভাইৰাছঃ সংকটৰ সময়ত ভাৰত চৰকাৰক চীনে দিলে ১.৭০ লাখ পিপিই…  •  কোৰোনা ভাইৰাছঃ সংকটৰ সময়ত ভাৰত চৰকাৰক চীনে দিলে ১.৭০ লাখ পিপিই…

৪১ চিএছকে ৰাজ্যিক পৰ্যায়ৰ কম্ফু প্ৰতিযোগিতাত ওৰাঙৰ ২ ভগ্নীৰ স্বৰ্ণ জয়

260

ডিজিটেল সংবাদ, ওৰাংঃ কটন বিশ্ববিদ্যালয়ৰ ইণ্ড’ৰ ষ্টেডিয়ামত ২৯ ফ্ৰেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা ৪১ চি এছ কে ৰাজ্যিক পৰ্যায়ৰ কম্ফু প্ৰতিযোগিতাত ওৰাঙৰ দুই ভগ্নীয়ে স্বৰ্ণ পদক জয় কৰি অঞ্চলটোৰ লগতে ওদালগুৰি জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে৷ ৩৭ কেজিৰ শাখাত চুমন দেৱী আৰু ৩৯ কেজিৰ শাখাত নেহা পৌড়েলে স্বৰ্ণ পদক জয় কৰিবলৈ সক্ষম হয়৷

ওৰাঙৰ ইউৰেকা ইংৰাজী স্কুলৰ পঞ্চম আৰু চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী দুয়োগৰাকী ভগ্নী। উল্লেখযোগ্য যে, ওৰাং চাৰিআলিৰ চাহ হোটেল ব্যৱসায়ী তথা হাবিগাওঁ নিবাসী গোবিন্দ পৌড়েল আৰু শান্তি দেৱীৰ কন্যা দুয়োগৰাকী।

দুই‌ স্বৰ্ণ পদক প্ৰাপ্ত ভগ্নীয়ে বৰ্তমান প্ৰশিক্ষক নাৰায়ণ শৰ্মাৰ তত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে৷ দুই ভগ্নীৰ এই সফলতাক সকলোৱে প্ৰশংসা কৰিছে। স্বৰ্ণ পদক প্ৰাপ্ত দুই ভগ্নীৰ সপোন ভবিষ্যতে অলিম্পিক খেলাৰ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি