শেহতীয়া খবৰ
ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে ইছলামফোবিয়া বৃদ্ধিৰ অভিযোগ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ...  •  ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দুৰ্গাপূজাস্থলীত উপস্থিত হৈ মাৰ আৰ্শীবাদ ল'লে মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালে...  •  চীন আৰু পাকিস্তানৰ সৈতে যুদ্ধৰ দিন থিক কৰিছে প্ৰধানমন্ত্ৰীয়েঃ বিজেপিৰ অধ্যক্ষ, উত্তৰ প্ৰদেশ...  •  চিকিৎসকৰ দৰমহা আৰু কোৰোনা ভাইৰাছ সম্পৰ্কীয় বিষয়ত মন্তব্য কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ...  •  ৰাসতো পৰিব কোৰোনাৰ প্ৰভাৱ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  চেমচাঙৰ চেয়াৰমেন লী-কুন-হিৰ মৃত্যু...  •  “আপোনাৰ পৰা একো আশা নকৰো..” অনুচ্ছেদ ৩৭০ক লৈ ওমৰ আব্দুল্লাৰ প্ৰতুত্যৰ ৰবি শংকৰ প্রসাদক …  •  "বন্ধুক কেনেকৈ ব্যৱহাৰ কৰিব লাগে নাজানে নেকি?" ট্ৰাম্পে ভাৰতক কৰা মন্তব্যত প্ৰশ্ন জো বিডেনৰ...

নিলম্বন হোৱা সাংসদৰ নিলম্বন প্ৰত্যাহাৰ নকৰিলে ৰাজ্যসভা বৰ্জন কৰিব বিৰোধীয়ে…

338

ডিজিটেল ডেস্ক : সোমবাৰে ৰাজ্যসভাৰ পৰা নিলম্বিত কৰা ৮ জন সাংসদ সদস্যৰ নিলম্বন প্ৰত্যাহাৰ অনুৰোধ জনাইছে । নিলম্বন প্ৰত্যাহাৰ নকৰিলে ৰাজ্যসভা বৰ্জন কৰাৰ হুংকাৰ বিৰোধীৰ ।কংগ্ৰেছ নেতা গোলাম নবী আজাদে কয় যদি নিলম্বিত সাংসদ সকলৰ নিলম্বন প্ৰত্যাহাৰ নকৰে তেনেহ’লে ৰাজ্যসভাত কোনো কাৰ্যত অংশ গ্ৰহণ নকৰে ।ইপিনে নিলম্বিত কৰা সাংসদ সকলে সদৰ পৰীসীমাৰ ভিতৰত প্ৰতিবাদ সাব্যস্ত কৰিছে । বিৰোধী দলৰ নেতা গোলাম নবী আজাদে প্ৰতিবাদ সাব্যস্ত কৰা সাংসদ সকলক লগ কৰি এই দাবী উত্থাপন কৰিছে ।


আজাদে লগতে কয় আমি ৰাজ্যসভাত কংগ্ৰেছ দলে তিনিটা দাবী উত্থাপন কৰিছো । প্ৰথমটো দাবী হ’ল চৰকাৰে এনে এখন বিল আনিব লাগে যাতে কোনো বেচৰকাৰী সংস্থাই প্ৰকৃত মূল্যতকৈ তলত কৃষকৰ পৰা কোনো পন্য সামগ্ৰী কিনিব নোৱাৰিব । দ্বিতীয় দাবীটো হ’ল স্বামীনাথন সূত্ৰৰ অধীনত প্ৰকৃত মূল্য স্থিৰ কৰিব লাগে । তৃতীয়টো দাবী হ’ল ভাৰত চৰকাৰ ৰাজ্য চৰকাৰ আৰু ফুড কৰ্পৰেছন এইটো নিশ্চিত কৰিব লাগে যে নিৰ্ধাৰিত প্ৰকৃত মূল্য অনুযায়ী কৃষকৰ সামগ্ৰী কিনা হব । এই তিনিটা দাবী নমনা পৰ্যন্ত সদনৰ কাৰ্যবাহী বহিস্কাৰ কৰিব বিৰোধীয়ে ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি