কাশ্মীৰত চলিছে অপাৰেচন ক্লিনঃ শ্ৰমিক হত্যা কৰা সন্ত্ৰাসবাদী সেনাৰ গুলীত নিহত…

কাশ্মীৰত চলিছে অপাৰেচন ক্লিনঃ শ্ৰমিক হত্যা কৰা সন্ত্ৰাসবাদী সেনাৰ গুলীত নিহত…

ডিজিটেল ডেস্কঃ জন্মু-কাশ্মীৰত চলিছে সেনাৰ অপাৰেচন ক্লিন। শেহতীয়াকৈ প্ৰায় প্ৰতিদিনেই কাশ্মীৰ উপত্যকাত সেনা আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষ হোৱাৰ লগতে সন্ত্ৰাসবাদীয়ে আক্ৰামণৰ লক্ষ্য কৰি লৈছে সাধাৰণ নাগৰিকক। সন্ত্ৰাসবাদীয়ে হত্যা কৰিছে বহু কেইজন প্ৰবাসী শ্ৰমিকৰ লগতে কাশ্মীৰৰ স্থায়ী লোককো। একেদৰে সেনা আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষত কেইবাজনো সেনা বিষয়াসহ জোৱান ছহিদ হৈছে। সেনাৰ হাততো প্ৰাণ গৈছে বহু কেইটা সন্ত্ৰাসবাদীৰ।

এনে পৰিস্থিতিৰ মাজতে কাশ্মীৰ উপত্যকাত সেনাই সন্ত্ৰাসবাদী শেষ কৰিবলৈ অপাৰেচন ক্লিন অভিযান আৰম্ভ কৰিছে। উপত্যকাখনৰ শ্ৰীনগৰত বৃহস্পতিবাৰে চানপোৰাত নিৰাপত্তাৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত সংঘৰ্ষ সংঘটিত হয়। এই সংঘৰ্ষত নিৰাপত্তাৰক্ষীৰ এটা সন্ত্ৰাসবাদীৰ মৃত্যু হৈছে। ইয়াৰ পূৰ্বে নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হৈছিল ৪ টা সন্ত্ৰাসবাদী।

কুলগামত সেনা আৰু আৰক্ষীয়ে এক যুটীয়া অভিযানত লস্কৰ-ই-তৈবাৰ কমাণ্ডাৰ গুলজাৰ আহমেদ ৰেছিকে ধৰি দুজন সন্ত্ৰাসবাদীক মৃত্যু হৈছে। কাশ্মীৰৰ আই জি বিজয় কুমাৰে কৈছে যে নিহত হোৱা দুটা সন্ত্ৰাসবাদী কাশ্মীৰত বিহাৰৰ দুজন শ্ৰমিকক হত্যাত জড়িত আছিল।বিহাৰৰ শ্ৰমিক দুজনক ১৭ অক্টোবৰত ৱানপোহত সন্ত্ৰাসবাদীয়ে হত্যা কৰিছিল।

ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে শ্বপিয়ান জিলাত সংঘটিত এক সংঘৰ্ষত নিৰাপত্তাৰক্ষীয়ে দুজন লস্কৰ-ই-তৈবা উগ্ৰপন্থীক হত্যা কৰে। এই সংঘৰ্ষত এজন সেনা জোৱান ছহিদ হোৱাৰ লগতে দুজন সুৰক্ষা কৰ্মী আহত হৈছিল।সেনা বিষয়াৰ মতে নিহত সন্ত্ৰাসবাদীসকলৰ এজন শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ চাহাৰনপুৰ জিলাৰ এজন লোকৰ হত্যাৰ সৈতে জড়িত আছিল।

আই জি বিজয় কুমাৰে কৈছে যে আদিল ২০২০ চনৰ জুলাইৰ পৰা উপত্যকাটোত সক্ৰিয় আছিল। তেওঁ উত্তৰ প্ৰদেশৰ চাহাৰনপুৰৰ পৰা কাশ্মীৰলৈ অহা কাঠমিস্ত্ৰী চাকিৰ আহ ৱানীক হত্যা কৰিছিল। তেওঁ সন্ত্ৰাসবাদী সংগঠন টি আৰ এফৰ শ্বপিয়ান জিলাৰ কমাণ্ডাৰ আছিল। উল্লেখ্য যে, যোৱা ১৫ দিনত কাশ্মীৰ উপত্যকাত নিৰাপত্তাবাহিনীৰ সৈতে ১১ টা সংঘৰ্ষত ১৭ জন সন্ত্ৰাসবাদী নিহত হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in