জোৰশিমুলী আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান,নগদ ধন আৰু ড্ৰাগছ সহ ১ জনক আটক…

জোৰশিমুলী আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান,নগদ ধন আৰু ড্ৰাগছ সহ ১ জনক আটক…

ডিজিটেল সংবাদ, গৰৈমাৰী : কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ অন্তৰ্গত জোৰশিমুলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰমাকান্ত বৰাই বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৬ বজাত অতৰ্কিতভাৱে অভিযান চলাই নিষিদ্ধ ড্ৰাগছসহ ব্যৱসায়ী এজনক আটক কৰিবলৈ সমৰ্থ হয়৷

জানিব পৰামতে জোৰশিমুলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰমাকান্ত বৰাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দল এটাই বৃহস্পতিবাৰে সন্ধিয়া জোৰশিমুলীত আকস্মিকভাৱে অভিযান চলায়৷ আৰক্ষীৰ অভিযানকালত জোৰশিমুলী গাঁৱৰ ড্ৰাগছ ব্যৱসায়ী বানেজুৰ ৰহমান (২৭)ক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁৰ পৰা নগদ ২২,০০০ টকাসহ দুটা কণ্টিইনাৰত থকা ২.৫০ গ্ৰাম অবৈধ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়৷ ধৃত বানেজুৰ ৰহমানক জোৰশিমুলী আৰক্ষীয়ে নিজৰ জিম্মালৈ নি তদন্ত অব্যাহত ৰাখিছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in