শেহতীয়া খবৰ
ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ সাহায্যৰে পশু চিকিৎসা বিভাগৰ প্ৰশিক্ষণঃ আত্মসহায়ক গোটৰ মাজত গৰু, গাহৰি বিতৰণ  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ঢকুৱাখনাত প্ৰয়াত সংবাদসেৱী অনিৰ্বাণ বৰগোঁহাইৰ স্মৃতিচাৰণ সভা...  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  ভাৰতীয় হকী দলটোত দলিত খেলুৱৈ থকাৰ বাবেই পৰাস্ত হ'লঃ হকী খেলুৱৈৰ ঘৰৰ সন্মুখত আতচবাজী ফুটাই উল্লাখ তথাকথিত উচ্চ বৰ্ণৰ

দগাঁৱত ‘দগাঁও চেন্ট্ৰেল স্কুল’ নামেৰে ইংৰাজী মাধ্যমৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ শুভাৰম্ভণি…

ডিজিটেল সংবাদ, বটদ্ৰৱা : নগাঁও জিলাৰ দগাঁও স্থিত অসম গ্ৰামীণ বিকাশ বেংকৰ সমীপতে ‘দগাঁও চেন্ট্ৰেল স্কুল’ নামেৰে এখনি ইংৰাজী মাধ্যমৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ দেওবাৰে আনুষ্ঠানিকভাবে শুভ উদ্বোধন কৰা হয়। সমাজকৰ্মী ডাঃ ৰিয়াজ উদ্দিন আহমেদৰ ঐকান্তিক প্ৰচেষ্টাত ‘দগাঁও চেন্ট্ৰেল স্কুল’ নামেৰে স্থাপিত হোৱা শিক্ষানুষ্ঠান খনৰ চৌহদত দেওবাৰে অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কান্ধুলিমাৰী ছিৰাজীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ তফাইল উদ্দিন ফাৰুক আহমেদ, আলিটাঙনী ওচমানীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ তালেব আলী, জুৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত শিক্ষক তৰুণ চন্দ্ৰ গোস্বামী, জুৰীয়া উন্নয়ন খণ্ডৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি জাকিৰ হুছেইনৰ লগতে বহুকেইজন শিক্ষাবিদ উপস্থিত থাকি শিক্ষাৰ প্ৰয়োজনীয়তা বিশ্লেষণ কৰাৰ লগতে শিক্ষানুষ্ঠান খনৰ উত্তৰোত্তৰ কামনা কৰি ভাষন প্ৰদান কৰে।

শিক্ষানুষ্ঠান খনৰ পৰিচালন সঞ্চালিকা শ্বাবানা আজমীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে, “উন্নত মানদণ্ডৰ শিক্ষা প্ৰদানৰ বাবে, উচ্চ শিক্ষাসম্পন্ন শিক্ষক শিক্ষয়িত্ৰীৰ দ্বাৰা পাঠদান, অনলাইন, অফলাইন দুয়োটা পদ্ধতিৰে পাঠদান আদি বিভিন্ন লক্ষ্য উদ্দেশ্যৰে বৃহত্তৰ অঞ্চলৰ নৱ প্ৰজন্মক সঠিক পথ প্ৰদৰ্শৰ বাবে এই বিদ্যালয়খন প্ৰতিষ্ঠা কৰা হৈছে। আজি শুভাৰম্ভ হোৱা ‘দগাঁও চেন্ট্ৰেল স্কুল’ শীৰ্ষক ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠান খনিয়ে বৃহত্তৰ অঞ্চলত এক সুস্থ শৈক্ষিক পৰিৱেশ গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ লগতে শৈক্ষিক জগতত এক আশাৰ বতৰা কঢ়িয়াই আনিব” বুলি মন্তব্য প্ৰদান কৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি