শেহতীয়া খবৰ
ৰাজ্যত আকৌ ২১৫জন কোভিড পজিটিভ, সুস্থ হৈছে ২৮৩২জন...  •  কোভিড-১৯ঃ ৰাজ্যত আকৌ দুজনৰ মৃত্যু...  •  বিহাৰ বিধানসভা নিৰ্বাচন...  •  ৩১ অক্টোবৰত চাব আকাশলৈ, দেখা পাব ‘ব্লু মুন’...  •  উত্তৰ প্ৰদেশৰ গো হত্যা আইনৰ অপব্যৱহাৰকলৈ উদ্বেগ প্ৰকাশ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ...  •  হাথৰছ ধৰ্ষণ-হত্যাকাণ্ডঃ মঙলবাৰে উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিব কিছু গুৰুত্বপূৰ্ণ ৰায়দান...  •  হাতে হাতে দা-তৰোৱাল, তিনিচুকীয়াত বজৰং দলৰ সশস্ত্ৰ বাইক ৰেলী...  •  নৱমী পূজাৰ নিশা বৰপেটাৰোডত সাংবাদিক আক্ৰমণৰ ঘটনা...  •  আইপিএলৰ পৰা বাহিৰ হ’ল চেন্নাই...  •  জম্মু-কাশ্মীৰৰ পিপলছ ডেম’ক্ৰেটিক পাৰ্টীৰ মুৰব্বী মেহবুবা মুফতীৰ মন্তব্যক লৈ সৰৱ তিনি নেতাৰ পদত্যাগ...

সদৌ অসম অনলাইন টাইকোৱাণ্ড প্ৰতিযোগিতাৰ ফলাফল ঘোষণা…

422

ডিজিটেল ডেস্কঃ কোৰোনা মহামাৰীৰ বাবে সমগ্ৰ বিশ্ব স্থবিৰ হৈ পৰাৰ লগতে ক্ৰীড়া জগতখনৰ ও যথেষ্ট ক্ষতি হৈছে, খেলুৱৈ সকল ঘৰতে আবদ্ধ হৈ পৰিছে। ক্ৰীড়া একাডেমী সমূহ বন্ধ হোৱাৰ ফলত খেলুৱৈ সকলৰ অনুশীলনত বাৰুকৈয়ে প্ৰভাৱ পৰিছে । ইয়াৰ মাজতে খেলুৱৈ সকলক সবল আৰু সক্ষম কৰি ৰাখিবলৈ অনলাইন যোগে সদৌ অসম টাইকোৱাণ্ড সংস্থাই সংস্থাৰ অধীনত থকা ৰাজ্যিক কমিটি আৰু ক্লাৱ একাডেমী সমূহৰ সহযোগত লকডাউনৰ আৰাম্ভনিৰে পৰাই চলাই আহিছিল প্ৰশিক্ষণ।

দৈনন্দিন অনুশীলনৰ দ্বাৰা ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে আগন্তুক দিনবোৰত হবলগীয়া ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় প্ৰতিযোগিতা সমূহলৈ নিজকে সাজু কৰি ৰখাৰ উদ্দেশ্যে সদৌ অসম টাইকোৱাণ্ড সংস্থা খেলুৱৈ সকলক অনলাইন পদ্ধতিৰে চলাই আহিছে প্ৰশিক্ষণ। শেহতীয়াকৈ সদৌ অসম টাইকোৱাণ্ড সংস্থাই অনুস্থিত কৰিছিল প্ৰথম সদৌ অসম ভিত্তিত Poomsae প্ৰতিযোগিতাৰ।

সংস্থাৰ সাংগঠনিক ও প্ৰচাৰ সম্পাদক তথা চেম্পিয়নছ মেকাৰ একাডেমীৰ সঞ্চালক হৃদয়ানন্দ দাসে জানিবলৈ দিয়া অনুসৰি প্ৰতিযোগিতাৰ ফলাফল সমূহৰ হৈছে চাব জুনিয়ৰ শাখাত প্ৰথম জিজ্ঞাসা নয়নী বৰা (শোনিতপুৰ), দ্বিতীয় বৈষ্ণবী কলিতা(কামৰূপ), তৃতীয় অঞ্চু ৰাজকোঁৱৰ (শিৱসাগৰ) আৰু ৰেকিব মহম্মদ চানী (গোৱালপাৰা) কেডেট শাখাত প্ৰথম মনচুম বৰা (কামৰূপ), দ্বিতীয় ভাৰ্গৱী কলিতা (কামৰূপ), তৃতীয় প্ৰিয়াংশী গগৈ (চৰাইদেউ) আৰু প্ৰিয়াদৰ্শনী লামা (বিশ্বনাথ), জুনিয়ৰ শাখাত কাঞ্জনা মুছাহাৰী (কোকৰাঝাৰ), তৃষ্ণা দেৱী শেনচোৱা (লক্ষীমপুৰ), তৃতীয় তৃষ্ণা দেৱী (ধেমাজি) আৰু নিৰ্লভ কৌশিক কোঁৱৰ (শিৱসাগৰ) চিনিয়ৰ শাখাত প্ৰথম বিশ্বজিৎ চেতিয়া (শিৱসাগৰ), দ্বিতীয় সত্যম দেৱ (কাছাৰ), তৃতীয় জয়প্ৰকাশ শৰ্মা (নগাঁও) আৰু তনয়া কোঁৱৰ (শিৱসাগৰ)

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি