অনলাইনত পিণ্ডদান! জীয়াই থাকোতেই কৰিব পাৰিব মৃত্যুৰ পাচৰ যা-যোগাৰ…

অনলাইনত পিণ্ডদান! জীয়াই থাকোতেই কৰিব পাৰিব মৃত্যুৰ পাচৰ যা-যোগাৰ…

ডিজিটেল ডেস্কঃ এতিয়া ডিজিটেল যুগ। লাহে লাহে দেশত সকলো কাম এতিয়া কৰা হয় হাতত থকা ফোনটোৰ জৰিয়তেই। বিভিন্ন সামগ্ৰী অৰ্ডাৰ দিয়াৰ পৰা আদি কৰি দৈনন্দিন প্ৰায়বোৰ কাম আজিকালি কৰা হয় অনলাইনৰ যোগেদিয়েই। দিনে দিনে নিজৰ কামত অধিক ব্যস্ত হৈ পৰা এচাম লোকৰ বাবে শেহতীয়াকৈ উলিওৱা হৈছিল অনলাইন পূজা, অনলাইন আৰতীৰ দৰে ব্যৱস্থা।

প্ৰায়বোৰ কামেই অনলাইন হৈ পৰা আমাৰ দেশত শেহতীয়াকৈ উলিওৱা হৈছে আন এক ব্যৱস্থা। কোনো লোক মৃত্যুৰ পাছতে পিণ্ডদান কৰে লোকজনৰ সন্তানে। পূৰ্বপুৰুষৰ পৰা আমাৰ সমাজত সেই নিয়মেই চলি আহিছে। কিন্তু এতিয়া কোনোলোকে জীয়াই থকা অৱস্থাতে কৰিব পাৰিব নিজৰ পিণ্ডদানৰ ব্যৱস্থা।

জীয়াই থকা অৱস্থাতে পিণ্ডদান কৰা এই কথা আচৰিত যেন লাগিলেও সচাঁ। শেহতীয়াকৈ কৰা হৈছে এনে ব্যৱস্থা। এই ব্যৱস্থা কৰিছে খোদ বিহাৰৰ চৰকাৰৰ পৰ্যটন বিভাগে। বিভাগটোৱে উলিওৱা এই পিণ্ডদান ব্যৱস্থাত আছে কেইবাটাও পেকেজ। এই পেকেজ অনুসৰি কোনো লোকে মৃত্যুৰ পূৰ্বেই ঠিক কৰি যাব পাৰিব নিজৰ পিণ্ডদান প্ৰক্ৰিয়া। উপযুক্ত মাচুল জমা দিয়াৰ লগতে এখন ফৰ্ম ভৰ্তি কৰাৰ পাছতে কোনো এজন লোকৰ মৃত্যুৰ পাছত পিণ্ডদান কৰিব বিভাগটোৱে।

বিহাৰ পৰ্যটন বিভাগৰ এজন বিষয়াৰ মতে এই পিণ্ডদান প্ৰক্ৰিয়াত মুঠ খৰচ হয় প্ৰায় ২০ হাজাৰ টকা। পুজাৰীৰ খৰচ ১৯ হাজাৰ আৰু বাকী ৯৫০ টকা কটা হয় জি এছ টিত। মৃতলোকজনৰ পিণ্ডদান প্ৰক্ৰিয়াৰ ভিডিঅ প্ৰেৰণ কৰা হব পৰিয়ালৰ লোকলৈ। উল্লেখ্য যে, কেৱল বিহাৰতে নহয় সমগ্ৰ দেশত এনে কেইবাটাও প্ৰতিষ্ঠান আছে, যত এই অনলাইন পিণ্ডদান ব্যৱস্থা উপলদ্ধ। এই প্ৰতিষ্ঠানবোৰত ২০০০ টকাৰ পৰা আৰম্ভ হয় পেকেজ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in