ডিমেনচিয়া ৰোগ বিষয়ক অনলাইন আলোচনাচক্ৰ…

ডিমেনচিয়া ৰোগ বিষয়ক অনলাইন আলোচনাচক্ৰ…

ডিজিটেল ডেস্ক: এলঝেইমাৰ এণ্ড ৰিলেটেড ডিচঅৰ্ডাৰ ছোচাইটি অৱ ইণ্ডিয়া (Alzheimer's and Related Disorders Society of India ) গুৱাহাটী শাখাই অহা ২১ চেপ্টেম্বৰত এখনি অনলাইন সজাগতা সভাৰ আয়োজন কৰিছে ।বিশ্ব এলঝেইমাৰ দিৱসৰ উপলক্ষে অনুষ্ঠিত কৰা এই সভাৰ আলোচ্য বিষয় ডিমেনচিয়া ৰোগ আক্ৰান্ত সকলৰ যত্ন আৰু দৈনিক জীৱনশৈলী ।

এই আলোচনাত বক্তা হিচাপে উপস্থিত থাকিব গুৱাহাটী মেডিকেল কলেজৰ স্নায়ুৰোগ বিভাগৰ অৱসৰপ্ৰাপ্ত মূৰব্বী ড০ অজন্তা মহন্ত, অৱসৰপ্ৰাপ্ত মূৰব্বী মনোৰোগ বিশেষজ্ঞ ড০ দিপেশ ভাগৱতী, ৰাজ্যিক কেঞ্চাৰ ইনষ্টিটিউট গুৱাহাটী মেডিকেল কলেজৰ অনকোল'জি বিভাগৰ মূৰব্বী বিশেষজ্ঞ ড০ নীলাক্ষী মহন্ত আৰু শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ কমিউনিটি মেডিচিনৰ অধ্যাপক ড০ অংকুমণি শইকীয়া ।

আহ্বায়ক সকলে ৰোগৰ বিষয়ে জানিব খোজা বা ৰোগত আক্ৰান্ত সকলক অংশগ্ৰহণৰ বাবে আহ্বান জনাইছে । পোনপটীয়াকৈ অংশগ্ৰহণৰ বাবে ব্যক্তিসকলে হোৱাটচএপ নম্বৰ ৯৮৬৪০১৫৮৭২ত নিজৰ নাম, ঠিকনা লিখি পঠাই সবিশেষ জানিব পাৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in