ধেমাজি আঞ্চলিক ছাত্র সন্থাই আয়োজন কৰা অনলাইন প্ৰাক-পৰীক্ষা প্ৰশিক্ষণ শিৱিৰ সফল সামৰণি

ধেমাজি আঞ্চলিক ছাত্র সন্থাই আয়োজন কৰা অনলাইন প্ৰাক-পৰীক্ষা প্ৰশিক্ষণ শিৱিৰ সফল সামৰণি

ডিজিটেল সংবাদ,ধেমাজি : ধেমাজি আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত গুৱাহাটীৰ ভিজন কিউ প্ৰশিক্ষণ কেন্দ্ৰৰ সহযোগত ছাত্র-ছাত্ৰী সকলক কৰনা মহামাৰী সময়ত ঘৰতে থাকি অলপ সহায় হোৱাকৈ ১ চেপ্তেম্বৰ পৰা ১৫ চেপ্তেম্বৰ ২০২০ লৈ অসম লোকসেৱা আয়োগ আৰু বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাক-পৰীক্ষা অনলাইনৰ জৰিয়তে প্ৰশিক্ষণ অনুষ্ঠিত কৰা হয় । প্ৰশিক্ষণ অনুষ্ঠানটিত ধেমাজি জিলাৰ বিভিন্ন অঞ্চলৰ ছাত্র-ছাত্ৰীৰ লগতে নগাঁও , গোলাঘাট , শিৱসাগৰ , চৰাইদেউ , ডিব্ৰুগড়ৰ প্ৰায় ৬০ গৰাকী ছাত্র-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ।প্ৰশিক্ষক হিচাপে থাকে ভিজন কিউ সঞ্চালক ৰৱি শংকৰ কুমাৰ আৰু সহ সঞ্চালক ইন্দ্ৰানী বৰ্মণ য়ে ।


১ চেপ্তেম্বৰ দিনা অনুষ্ঠানটি উদ্ধোধন কৰে সদৌ ধেমাজি জিলা ছাত্র সন্থাৰ সভাপতি দিপক শৰ্মাই ।
সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে সদৌ ধেমাজি জিলা ছাত্র সন্থাৰ উপদেষ্টা সুভাষ বূঢ়াগোহাঁই , সাধাৰণ সম্পাদক কল‍্যাণ গগৈ , ধেমাজি আঞ্চলিক ছাত্র সন্থাৰ সভাপতি জয়ন্ত বৰগোঁহাই , সাধাৰণ সম্পাদক কৰুণ জ্যোতি চেতিয়াই ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in