অনলাইন শ্বপিংৰ নামত ৰাম ঠগণ,এইবাৰ প্ৰবঞ্চকৰ জালত সংবাদকৰ্মী 

অনলাইন শ্বপিংৰ নামত ৰাম ঠগণ,এইবাৰ প্ৰবঞ্চকৰ জালত সংবাদকৰ্মী 

ডিজিটেল সংবাদ,ঢকুৱাখনা:   অনলাইন শ্বপিংৰ নামত একাংশ  ধুৰন্ধৰ বহুজাতিক কোম্পানীয়ে গ্ৰাহকক  সীমাহীন প্ৰতাৰণা প্ৰবঞ্চনা চলাই অহাৰ দৃষ্টান্ত অলেখ। এইবাৰ এনে প্ৰতাৰনাৰ  বলি হ'ব লগা হল ঢকুৱাখনা মহকুমাৰ এজন সংবাদসেৱী।  প্ৰাপ্ত  তথ্য মতে  ঢকুৱাখনাৰ  "প্ৰাগ নিউজ"ৰ সংবাদসেৱী  লিখন  গগৈয়ে RAPPIDX নামৰ এটা অনলাইন শ্বপিং  কোম্পানীৰ  জৰিয়তে  RPDX004141  নম্বৰৰ অৰ্ডাৰ দিছিল  এটা Arrow Smart. Watch with 360 Routing  হাই দেফিনেচন কেমেৰা ঘড়ী।

 বুধবাৰে গগৈয়ে দিয়া অৰ্ডাৰৰ  ভিত্তিত প্ৰায় ১৬৯৯ টকা  ব্যয় সাপেক্ষ  Arrow Smart Watch with 360 Routing  কেমেৰা ঘড়ীতো অহাৰ খবৰ দিয়া হয় গ্ৰাহক গগৈক।  বুধবাৰে  ঢকুৱাখনা  এক্সপ্ৰেছ  বিজ নামৰ  কুৰীয়াৰ কোম্পানীটোৰ  কাৰ্যালয়লৈ  আহি  অৰ্ডাৰকৃত পাৰ্চেলটোৰ  বিপৰীতে ধন প্ৰদান কৰি খোলাত হতভম্ব হয়  গ্ৰাহকজন।   পাৰ্চেলটো খোলাৰ সময়ত  ভিতৰত নিৰ্দিষ্ট ঘড়ীটোৰ বিপৰীতে  উদ্ধাৰ হয় এটা পুৰণা সস্তীয়া, অচল, কাটা বিহীন  ফাষ্টট্ৰেক ঘড়ী।

 নিৰ্দিষ্ট  সামগ্ৰীৰ পৰিৱৰ্তে  এটা বিকল ঘড়ী দি গ্ৰাহকক কৰা প্ৰতাৰণা  সন্দৰ্ভত  কুৰীয়াৰ কোম্পানীটোৰ পৰিচালক স্নিগ্ধ বুঢ়াগোহাঁইক  ক্ৰুটিপূৰ্ণ ঘড়ীটো  উভতাই দিয়াৰ ব্যৱস্থা কৰাৰ বাবে জনোৱা আহ্বান অগ্ৰাহ্য কৰে পৰিচালকজনে।  গ্ৰাহকক  কৌশলপূৰ্ণ আৰু ভুৱা  প্ৰচাৰেৰে  আকৰ্ষিত কৰি  অব্যাহত ৰখা প্ৰবঞ্চনা লুণ্ঠনৰ ভয়ানক জালখনক নাকী লগোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে।  ভুক্তভোগী সংবাদসেৱী গ্ৰাহক গৰাকীয়ে এই প্ৰবঞ্চনাৰ বিৰুদ্ধে জিলাৰ গ্ৰাহক উপভোক্তা আদালতত গোচৰ তৰাৰ প্ৰস্তুতি চলাইছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in