পশ্চিম বৰক্ষেত্ৰী শাখা ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত অনলাইন নিবন্ধ প্ৰতিযোগিতাৰ ফলাফল ঘোষণা

পশ্চিম বৰক্ষেত্ৰী শাখা ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত অনলাইন নিবন্ধ প্ৰতিযোগিতাৰ ফলাফল ঘোষণা

ডিজিটেল সংবাদ, চেঙাঃ নলবাৰী জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত বৰক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাৰ অন্যতম শাখা পশ্চিম বৰক্ষেত্ৰী ছাত্ৰ সন্থাৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সদৌ অসম ভিত্তিত আয়োজন কৰা হৈছিল এখনি অনলাইন নিবন্ধ প্ৰতিযোগিতা। ইতিমধ্যে ঘোষিত ফলাফল অনুসৰি প্ৰথম স্থান দখল কৰিছে নলবাৰী মহাবিদ্যালয়ৰ অৰ্ণৱজ্যোতি তালুকাদাৰে, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিছে ক্ৰমে টংলা(ওদালগুৰি)ৰ নৱনীতা শৰ্মা আৰু নৰ্থ লখিমপুৰ কলেজৰ ছাত্ৰী লিপিকা ভূঞাই। উদগনি বঁটা লাভ কৰিছে নলবাৰী জিলাৰ দৌলাশাল হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ পল্লৱ বৰুৱাই।

উল্লেখ্য যে, লকডাউনৰ সময়ছোৱাত ছাত্ৰ-ছাত্ৰীসকলৰ বৌদ্ধিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল। প্ৰতিযোগিতাৰ বিষয় আছিল- "কোৰোনা মহামাৰীঃ বিশৃংখল মানৱ সভ্যতাৰ পৰিণতি" অথবা "দিহিং পাটকাইৰ খনন আৰু জৈৱ বিচিত্ৰতাৰ প্ৰতি ভাবুকি"। স্থানপ্ৰাপ্তসকলক গ্ৰন্থৰ টোপোলা আৰু প্ৰমাণ-পত্ৰৰে পুৰস্কৃত কৰা হ'ব।

পুৰস্কাৰসমূহ ডাকযোগে পঠোৱা হ'ব বুলি জানিবলৈ দিয়ে পশ্চিম বৰক্ষেত্ৰী শাখা ছাত্ৰসন্থাৰ উপদেষ্টা সুৰজিৎ পাঠক, খঞ্জনজ্যোতি পাঠক আৰু সম্পাদক দেৱজিৎ নাথে। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী শিক্ষাৰ্থীলৈ অভিনন্দন জনাইছে পশ্চিম বৰক্ষেত্ৰী শাখা ছাত্ৰ সন্থাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in