নাৰেংগীত কুঁৱাত পৰি মহিলাৰ মৃত্যু

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, গুৱাহাটীঃ মহানগৰীৰ নাৰেংগীৰ বীৰকুছিত দেওবাৰে এক শোকাৱহ ঘটনা সংঘটিত হয়। কুঁৱাৰ পৰা পানী উঠাবলৈ গৈ মৃত্যুমুখত পৰে এগৰাকী মহিলা।

কুঁৱাত পৰি প্ৰাণ হেৰুওৱা মহিলাগৰাকীক চাৰু দেৱী বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে, ঘৰৰ চৌহদৰ এটি কুঁৱাৰ পৰা পানী উঠাবলৈ লওতেই অসাৱধানৱশতঃ কুঁৱাটোত পৰি যায় মহিলাগৰাকী। স্থানীয় লোকসকলে উদ্ধাৰৰ চেষ্টা চলাই যদিও ব্যৰ্থ হয়।

লগে লগে দুৰ্যোগ প্ৰশমন বিভাগক খবৰ দিয়া হয়। দুৰ্যোগ প্ৰশমন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হোৱালৈকে কুঁৱাৰ ভিতৰত নিথৰ হৈ পৰিছিল মহিলাগৰাকী। পিছত দুৰ্যোগ প্ৰশমন বিভাগে উদ্ধাৰ কৰে মহিলাগৰাকীৰ মৃতদেহ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in