ভিমা-কোৰেগাওঁ হিংসাৰ গোচৰত পুনৰ এজনক গ্ৰেপ্তাৰ কৰে নিয়াই…..

ভিমা-কোৰেগাওঁ হিংসাৰ  গোচৰত পুনৰ এজনক গ্ৰেপ্তাৰ কৰে নিয়াই…..

ডিজিটেল ডেস্ক : ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা এন আই এয়ে ২০১৮ চনত মহাৰাষ্ট্ৰত সংঘটিত ভিমা-কোৰেগাওঁ হিংসাৰ গোচৰত এজনক গ্ৰেপ্তাৰ কৰে । ভিমা-কোৰেগাওঁত ২০১৮ চনত দলিত আৰু মাৰাঠী সম্প্ৰদায়ৰ মাজত হোৱা হিংসাত্মক ঘটনা সংঘটিত হৈছিল । এই ঘটনাৰ সৈতে জড়িতৰ অভিযোগত ফাদাৰ ষ্টান স্বামীক নিয়াই গ্ৰেপ্তাৰ কৰে।

ঝাৰখণ্ডৰ পৰা ৮৩ বছৰীয়া ফাদাৰ ষ্টান স্বামীক গ্ৰেপ্তাৰ কৰে নিয়াই । দিল্লীৰ এন আই এৰ দলটোৱে ফাদাৰ ষ্টান স্বামীক নামকুম থানা অঞ্চলৰ বাগাংচাত থকা তেওঁৰ ঘৰৰ পৰা নিশা গ্ৰেপ্তাৰ কৰে।ফাদাৰ ষ্টান স্বামী মূলকৈ কেৰালাৰ সমাজকৰ্মী যদিও তেওঁ ঝাৰখণ্ডৰ জনজাতীয় অঞ্চলত প্ৰায় পাঁচ দশক ধৰি কাম কৰি আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in