এফালে বড়োলেণ্ড দিৱস, আনফালে ৰাজপথত টায়াৰ জ্বলাই-বিটিচি চুক্তি জ্বলাই ছাত্ৰ সংগঠনৰ প্ৰতিবাদ

এফালে বড়োলেণ্ড দিৱস, আনফালে ৰাজপথত টায়াৰ জ্বলাই-বিটিচি চুক্তি জ্বলাই ছাত্ৰ সংগঠনৰ প্ৰতিবাদ

ডিজিটেল সংবাদ, শালবাৰীঃ দেওবাৰে বড়োলেণ্ড দিৱস৷ এই দিনটোতেই ২০০৩ চনত ৰূপায়িত হৈছিল বিটিচি চুক্তি৷ তেতিয়াৰ পৰাই বিটিচি অঞ্চলৰ অনাবড়ো ৰাইজ-সংগঠনে মিলি বিৰোধিতা কৰি আহিছিল এই চুক্তিখনৰ৷ দেওবাৰে পুনৰ তাৰেই বৰ্হিপ্ৰকাশ ঘটিল বাক্সাৰ ভিন্ন প্ৰান্তত৷

দেওবাৰে কোকৰাঝাৰত কেন্দ্ৰীয়ভাৱে বড়োলেণ্ড দিৱস উদযাপিত হৈ থকাৰ সময়তে বাক্সাৰ শালবাৰী মহকুমাৰ শান্তি বজাৰ চ'কত সংগ্ৰামী যুৱ ছাত্ৰ মঞ্চ নামৰ ছাত্ৰ সংগঠনটোৱে বড়োলেণ্ডৰ বিৰোধিতাৰে বিটিচি চুক্তিৰ প্ৰতিলিপি দাহ কৰাৰ লগতে ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে৷ ছাত্ৰ সংগঠনটোৰ নেতা-কৰ্মীসকলে বিটিচি চুক্তিৰ প্ৰতিলিপি দাহ কৰি হাগ্ৰামা মহিলাৰী মুৰ্দাবাদ, বিপিএফ মুৰ্দাবাদ, এবছু মুৰ্দাবাদ, প্ৰমোদ বড়ো হুঁচিয়াৰ, বিটিচি চুক্তি বাতিল কৰক আদি ভিন্ন শ্ল'গানেৰে শান্তি বজাৰ অঞ্চলৰ আকাশ-বতাহ মুখৰ কৰে৷

ইফালে সংবাদ মাধ্যমৰ সৈতে হোৱা এক বাৰ্তালাপত ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰীত হৈ যোৱা বিটিচি চুক্তিমৰ্মে বিটিচিৰ সকলো বাসিন্দাকে সমঅধিকাৰ, সমমৰ্যাদা দিয়াৰ কথা আছিল যদিও সেইয়া যেন বিটিচিৰ অনাবড়ো সকলৰ বাবে আজিও বহুদূৰৈতে ৰৈ থাকিল এনেদৰে মন্তব্য আগবঢ়ায় সংগ্ৰামী যুৱ ছাত্ৰ মঞ্চ অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উদ্দীপ্ত মহন্তই৷ ছাত্ৰ সংগঠনটোৱে বাক্সাৰ সোণাপুৰতো দেওবাৰে বিটিচি চুক্তিৰ প্ৰতিলিপি দাহ কৰি একেই প্ৰতিবাদ সাব্যস্ত কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in