জম্মু-কাশ্মীৰত শ্বহীদ এজন সেনা জোৱান

জম্মু-কাশ্মীৰত শ্বহীদ এজন সেনা জোৱান
  • জম্মু-কাশ্মীৰৰ পুলবামা জিলাত সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষত শ্বহীদ এজন সেনা জোৱান।
  • শনিবাৰে পুৱাৰ পৰা সেনা আৰু আৰক্ষীয়ে যৌথভাৱে চলাইছিল সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান।
  • জিলাখনৰ এটা অঞ্চলত সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি থকাৰ খবৰ লাভ কৰিয়েই চলোৱা হৈছিল এই অভিযান।
  • সেনা-আৰক্ষীক দেখি গুলিচালনা কৰিছিল সন্ত্ৰাসবাদীৰ দলটোৱে।
  • তাৰ প্ৰত্যুত্তৰ দি গুলিচালনা কৰে সেনা-আৰক্ষীয়েও।
  • ইতিমধ্যে সেনা-আৰক্ষীৰ গুলীত নিহত হৈছে হিজবুল মুজাহিদীনৰ ৩ সদস্য সন্ত্ৰাসবাদী।
  • সন্ত্ৰাসবাদীৰ গুলিচালনাত প্ৰাণ হেৰুৱায় এজন সেনা জোৱানেও।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in