এসাজ ভাতৰ দাম মাত্ৰ ১ টকা…

এসাজ ভাতৰ দাম মাত্ৰ ১ টকা…

ডিজিটেল ডেস্কঃ ১ টকাত এসাজ ভাত। মূল্যবৃদ্ধিৰ দিনত এনে কথা অতি আচৰিত যেন লাগিলেও এই খবৰ কিন্তু মিছা নহয়। ২৩ জুলাই পৰা ২ টা বেচৰকাৰী সংস্থাই আৰম্ভ কৰিছে এখন বিপনী। এই বিপনীত মাত্ৰ ১ টকাতে বিভিন্নজনে ১ টকাতে গ্ৰহণ কৰিব পাৰিব আহাৰ। দিল্লীৰ নয়দাত এই বিপনী আৰম্ভ কৰিছে শ্ৰী চিত্ৰগুপ্ত সভা টাষ্ট্ৰ আৰু নাৰায়ন সাংস্কৃতিক চেতনা ন্যাসে। নয়দাৰ চেক্টৰ-৫৫ত আৰম্ভ কৰা হৈছে এই সুবিধা।

এই সুবিধা আৰম্ভ কৰা সংস্থাকেইটাৰ দাবী যে, সমগ্ৰ দেশত কতোয়ে ১ টকাৰ বিনিময়ত আহাৰ যোগান ধৰা নহয়। সংবাদমাধ্যমক তেওলোকে জনায় যে, সপ্তাহত দেওবাৰক এৰি বাকী ৬ টা দিনেই খোলা থাকিব এই বিপনী। দিনৰ ১২.৩০ পৰা ২ বজালৈ ১ টকাত সকলোৱে পেট ভৰাই খাব পাৰিব আহাৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in