বকোত বনৰীয়া হাতীৰ আক্ৰমণত এজনৰ মৃত্যু…

বকোত বনৰীয়া হাতীৰ আক্ৰমণত এজনৰ মৃত্যু…

ডিজিটেল সংবাদ,বকো : কামৰূপ জিলাৰ বকোত দেওবাৰে ৰাতিপুৱা বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকৰ মৃত্য হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ।ঘটনাৰ বিৱৰণী মতে বকো থানাৰ অন্তৰ্গত পাৰুগাঁৱত আজি ৰাতিপুৱা প্ৰায় ৮.৩০ বজাত এটা বনৰীয়া হাতীক খেদি পঠিয়াবলৈ যাওঁতে পুহিন ৰাভা (৭২) নামৰ লোকগৰাকীক আক্ৰমণ কৰে ।

ফলত লোকগৰাকীৰ থিতাতে মৃত্যু হয় । স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে নিশা বনৰীয়া হাতীৰ জাক এটা গাঁৱখনলৈ আহিছিল । ৰাতিপুৱা হাতীৰ জাকটো জোঙাখুলি পাহাৰৰ ওপৰলৈ যায় যদিও জাকটোৰ এটা হাতী গাঁৱখনত ৰৈ যায় । সেই হাতীটোৱে আক্ৰমণ কৰাত পুহিন ৰাভা মৃত্য হয় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in