মেট্ৰ’ ৰে’লৰ দৰ্জাত যান্ত্ৰিক বিজুতি! চোঁচৰাই নিলে এজন যাত্ৰীক…

মেট্ৰ’ ৰে’লৰ দৰ্জাত যান্ত্ৰিক বিজুতি! চোঁচৰাই নিলে এজন যাত্ৰীক…

ডিজিটেল ডেস্কঃ কলকাতাত শনিবাৰে সংঘটিত হয় এক ভয়ংকৰ ঘটনা। মেট্ৰ' ৰে'লৰ দৰ্জাত এজন ব্যক্তিৰ হাতখন লাগি ধৰাৰ ফলত মৃত্যু হয় লোকজনৰ। লোকজনৰ হাতখন ৰেলখনৰ দৰ্জাত লাগি ধৰাৰ পাছতেই ষ্টেচনৰ পৰা ৰেলখন আগুৱাই যাবলৈ আৰম্ভ কৰে। কেইবা মিটাৰ দূৰলৈ লোকজনক চোচৰাই নিয়ে ৰেলখনে। ফলত লোকজনে মৃত্যুক সাৱটিবলগীয়া হয়। ৰেলখনৰ দৰ্জাত যান্ত্ৰিক বিজুতিৰ ফলত এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

দৰাচলতে, কলকাতাৰ পাৰ্ক ষ্ট্ৰীট ষ্টেচনত শনিবাৰে সন্ধিয়া প্ৰায় ৭ বজাত সংঘটিত হয়। লোকজনে যেতিয়া ৰেলখনত উঠিবলৈ চেষ্টা কৰে, সেই সময়তে ৰেলখনৰ ছেঞ্চৰ থকা দৰ্জাখন বন্ধ হৈ যায় আৰু তেওঁৰ হাতখন দৰ্জাত লাগি ধৰে। ইফালে, এই ঘটনা সন্দৰ্ভত এক উচ্চপৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে মেট্ৰ' কৰ্তৃপক্ষই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in