ভাইৰেল ভিডিঅ’- দিনত গালি, ৰাতি ভাগিনৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মিতিৰালি…

ভাইৰেল ভিডিঅ’- দিনত গালি, ৰাতি ভাগিনৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মিতিৰালি…

ডিজিটেল ডেস্কঃ মামা থওঁ। হ'ব দে মোৰ বাবে দোৱা কৰিবি।- এইদৰে আৰম্ভ হৈছিল বাৰ্তালাপ।কোনবোৰ মাদ্ৰাছা বন্ধ হ'ব? সেই কথা জানিবলৈ তেওঁ আনলৈ ফোন কৰা নাছিল। ফোন কৰিছিল স্বয়ং শিক্ষামন্ত্ৰীলৈ। তেতিয়া বিচনাত বাগৰ দিছিল হিমন্ত বিশ্ব শৰ্মাই। আৰু হোৱাটছএপত আহিছিল সেই ভিডিঅ' কল।

কেৱল ভিডিঅ' কল কৰিয়েই ক্ষান্ত থকা নাছিল তেওঁ। এই হোৱাটছএপ কলটোৰ কিছু অংশ ৰেকৰ্ডিঙো কৰি থৈছিল। শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁক দি গৈছিল তেওঁ কৰা প্ৰশ্নবোৰৰ উত্তৰ। মামা-ভাগিনৰ কি যে মধুৰ সম্পৰ্ক।

হিমন্ত বিশ্ব শৰ্মাঃ … প্ৰাইভেট মাদ্ৰাছা বিলাক চলিব, চৰকাৰী বিলাক নচলে।

প্ৰশ্নঃ অ, তাৰমানে আমাৰ পাৰ্ছনেল বিলাক চলিব ন'?

হিমন্ত বিশ্ব শৰ্মাঃ অ.. চলিব চলিব।

প্ৰশ্নঃ ঠিকে আছে, এই খবৰটোৰ জনাৰ কাৰণে ফোন কৰিলো। ঘৰত আছে নে আপুনি?

হিমন্ত বিশ্ব শৰ্মাঃ পাৰ্ছনেল বিলাক বহুত ভালকৈ চলিব।

প্ৰশ্নঃ ঘৰতে আছে ন' আপুনি?

হিমন্ত বিশ্ব শৰ্মাঃ অ' ঘৰতে আছো।

প্ৰশ্নঃ বাকী খবৰ বিলাক ভাল ন'?

হিমন্ত বিশ্ব শৰ্মাঃ অ, বাকী খবৰ ভাল, দোৱা কৰিবি হা।

প্ৰশ্নঃ অ' ঠিক আছে। তেনেহ'লে ৰাখো হা মামাই।

এইদৰেই পাতিছিল কথা। বৰ আন্তৰিকতাৰে কথা পাতিছিল মন্ত্ৰীগৰাকীয়ে। ৰাজহুৱা সভাত মুছলমান, মিঞা, মোগল আদি বুলি ঠাট্টা, ইতিকিং কৰা সেইগৰাকী মন্ত্ৰীয়ে এইদৰে সৌজন্যতা ৰক্ষা কৰি বাৰ্তালাপ কৰিছিল।

আন এটা ভিডিঅ' এতিয়া চৰ্চাত। সেইটোও হিমন্ত বিশ্ব শৰ্মাৰে। শুকুৰ আলী নামৰ এজন যুৱক ছ'চিয়েল মিডিয়াত প্ৰায়ে চৰ্চা হৈ থাকে। নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাতো তেওঁৰ লক্ষ্য। অৱশ্যে কলেজৰ নিৰ্বাচনতো তেওঁ জয়ী হ'ব পৰা নাই। কিন্তু নিৰ্বাচন বুলি ক'লে তেওঁ ৰৈ থাকিব নোৱাৰে।

সেই শুকুৰ আলীৰ সৈতে ভাইৰেল হোৱা ভিডিঅ'টোত দেখা গৈছিল- হিমন্ত বিশ্ব শৰ্মাই তেওঁক সম্বৰ্ধনা জনাবলৈ আহিছিল। হাতত এটা জাপি আৰু এখন শৰাই লৈ মন্ত্ৰীজনক সাক্ষাতৰ সুযোগ পোৱা শুকুৰ আলীৰ সৈতে কি কৰিলে সেই দৃশ্য বন্দী হৈছিল এই ভিডিঅ'ত-

'ভালকৈ চাই থাক। তোক মই এটা ধুনীয়া ফটো উঠাই আছো। তোক বহুত যাগাত কাম দিব। আৰে পিছলৈকে যা না।অ এতিয়া উঠা। ৰেকৰ্ডিং…।এইফালে… আৰে বাবা তই যা না।তোক এতিয়া মোৰ হাতত জিকা দিনাখন দিব লাগিব। এতিয়া দিলে তোৰ এইটো এন্টি কেম্পেইন হ'ব।'- এইদৰে শুকুৰ আলীৰ সৈতে পাতিছিল কথা।

এজন অতি ব্যস্ত মন্ত্ৰী। তেওঁ এই সৰলতাত সকলো মুগ্ধ। কিন্তু এয়া সৰলতা নে তুচ্ছ-তাচ্ছিল্য কৰিছে এজন মন্ত্ৰীয়ে ? ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এইবোৰ দৃশ্য কোন উৎসৰ পৰা আহিছে সেয়াও লক্ষণীয়।

যদি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ইমানেই এই সম্প্ৰদায়ৰ লোকসকলৰ প্ৰতি প্ৰীতি আছে তেনেহ'লে ৰাইজক শুনুৱাই কিয় সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ চেষ্টা কৰে। এনেবোৰ ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়া।

অসমৰ ৰাজনীতিত অতি দক্ষ আৰু সফল মন্ত্ৰী ৰূপে দাবী কৰা হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ম'বাইল নম্বৰ দিছিল ৰাজহুৱা সভাত। সেয়েহে এতিয়া কাৰোবাৰ কিবা সুধিব লগা থাকিলে পোনপটীয়াকৈ ফোন কৰে মন্ত্ৰীগৰাকীক।ইয়াৰোপৰি তেওঁক সম্বোধন কৰিবলৈ লৈছে মামা বুলি। ভাইৰেল হোৱা এটা ভিডিঅ'ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক 'মামাই' বুলি সম্বোধন কৰা শুনা পোৱা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in