১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে প্ৰতিবাদৰ জোৱাৰ অব্যাহত। বিগত এটা সপ্তাহে অসমত জোৰদাৰ গতিত চলি আছে 'কা' বিৰোধী প্ৰতিবাদ। 

২. 'মই প্ৰাক্তন আই পি এছ বিষয়া দাৰাপুৰিজীৰ পৰিয়ালক সাক্ষাৎ কৰিবলৈ যোৱাত আৰক্ষীয়ে বাধা দিছিল। আৰু এগৰাকী মহিলা আৰক্ষীয়ে মোৰ ডিঙিত ধৰিছিল।'- এই মন্তব্য কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী বাদ্ৰাৰ।

৩. ছ'চিয়েল মিডিয়াত প্ৰিয়ংকা গান্ধীক আৰক্ষীয়ে যিধৰণৰ ব্যৱহাৰ কৰা বুলি ভুৱা প্ৰচাৰ চলি আছে সেয়া সম্পূৰ্ণ মিছা- এই কথা সদৰী কৰিলে লক্ষ্ণৌৰ এছ এছ পি কালানিধি নাইথিনিয়ে।

৪. ঝাৰখণ্ডৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হেমন্ত চোৰেনে সাক্ষাৎ কৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক। হেমন্ত চোৰেনৰ দেওবাৰৰ শপতগ্ৰহণ অনুষ্ঠানত অংশ ল'ব বেনাৰ্জীয়ে।

৫. ছ'চিয়েল মিডিয়াত ২৪৬টা নাগৰিকত্ব সংশোধনী আইনৰে জড়িত পোষ্ট ধৰা পেলোৱা হৈছে। এই সন্দৰ্ভত মুঠ ৩৬টা গোচৰ ৰুজু কৰা হৈছে। এই তথ্য অসম আৰক্ষীৰ।

৬. শনিবাৰে হাওৰা এক্সপ্ৰেছত এগৰাকী প্ৰসূতীয়ে জন্ম দিয়ে এটি সন্তান। বৰ্তমান দুয়োকে ভৰ্তি কৰা হৈছে হাস্পতালত। সন্তান আৰু মাতৃ দুয়ো সুস্থ বুলি জানিব পৰা গৈছে।

৭. হিমাচলপ্ৰদেশৰ কুল্লুত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নেপালৰ দুই নাগৰিকক। প্ৰায় ১৫ কেজি ওজনৰ গাঞ্জাসহ গ্ৰেপ্তাৰ কৰে দুয়োকে।

৮. ছত্তীশগড়ৰ ৰায়পুৰত নিৰাপত্তাৰক্ষী আৰু মাওবাদীৰ সংঘৰ্ষ। এই সংঘৰ্ষত গুৰুতৰভাৱে আহত নিৰাপত্তাৰক্ষীৰ এজন জোৱান।

৯. কৰ্ণাটকৰ বিভিন্ন প্ৰান্তত অব্যাহত এন আৰ চি আৰু কা বিৰোধী প্ৰতিবাদ। দেওবাৰে ৰাজ্যখনৰ শিৱামোগ্গাত হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে সাব্যস্ত কৰে প্ৰতিবাদ।

১০. শনিবাৰে গুৱাহাটীত উপস্থিত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধী। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি প্ৰাণ হেৰুওৱা ছেম ষ্টেফ'ৰ্ডৰ বাসগৃহত উপস্থিত হয় তেওঁ।

১১. 'আমি বিজেপি আৰু আৰ এছ এছক অসমৰ ইতিহাস, ভাষা, সংস্কৃতিত আক্ৰমণ কৰিবলৈ নিদিওঁ।'- এই হুংকাৰ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ।

১২. 'ডিজিপি আৰু আৰ্মী জেনেৰেল চৰকাৰক সমৰ্থন কৰিবলৈ আহ্বান জনাইছে। এইটো ৰাজনৈতিক বিষয়। আপোনালোকে এই সন্দৰ্ভত কোনো মন্তব্য নকৰিব।'- এই মন্তব্য কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পি চিদাম্বৰামৰ।

১৩. লক্ষ্ণৌত কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত উপস্থিত প্ৰিয়ংকা গান্ধী। হঠাৎ নিৰাপত্তা বেষ্টনীৰ মাজতে এজন লোকে প্ৰিয়ংকা গান্ধীৰে মিলিত হ'বলৈ আহিল আগবাঢ়ি।

১৪. ৰাজস্থানৰ বিভিন্ন প্ৰান্তত পৰিছে অতিপাত ঠাণ্ডা। ৰাজ্যখনৰ ছিকাৰ এলেকাত শনিবাৰে -৪ ডিগ্ৰী ছেলছিয়াছলৈ হ্ৰাস পাই তাপমাত্ৰা।

১৫. তামিলনাডুত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত। তামিলনাডু থৌহিদ জামাথৰ নেতৃত্বত এই আইনখনৰ বিৰুদ্ধে প্ৰতিবাদ কাৰ্যসূচী।

১৬. ৱোমেনছ বক্সিং ট্ৰায়েল ফৰ অলিম্পিক ২০২০ৰ কোৱালিফায়াৰ মেচত জয়ী ভাৰতীয় মহিলা বক্সাৰ মেৰী কম। ৯-১ পইন্টৰ ব্যৱধানত মেচখনত জয়ী হয় খেলুৱৈগৰাকী।

১৭. দিল্লীত কংগ্ৰেছ দলে বাহিৰ কৰে এক সমদল। কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে বাহিৰ কৰে এই সমদল।

১৮. নাগৰিকত্ব সংশোধনী আইন আৰু এন আৰ চিৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদ অব্যাহত। শনিবাৰে মুম্বাইতো কংগ্ৰেছে কা আৰু এন আৰ চিৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ।

১৯. পূব ছিকিমৰ নাথু লাত প্ৰায় ১৫০০ জন পৰ্যটকক উদ্ধাৰ। তুষাৰপাতৰ ফলত তেওঁলোকক বিভিন্ন প্ৰান্তৰ পৰা সেনা বাহিনীয়ে উদ্ধাৰ কৰে।

২০. 'মই এটা ভিডিঅ' টুইট কৰিছো। তাত মোডীয়ে এবাৰ কৈছে ভাৰতত ডিটেশ্যন কেম্প নাই। আকৌ একেটা ভিডিঅ'ত ডিটেশ্যন কেম্পৰ দৃশ্যাংশ দেখুৱায়।'- এই মন্তব্য কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ।

২১. কৰ্ণাটকৰ মহাগাঁৱত দুৰ্ঘটনা। নিয়ন্ত্ৰণহীন হৈ বাগৰিল এখন ট্ৰাক। দুৰ্ঘটনাত থিতাতে নিহত ৩জনকৈ লোক। ইফালে, গুৰুতৰভাৱে আহত দুজন।

২২. ১০ জানুৱাৰী, ২০২০ত মুক্তি পাব হিন্দী ছবি তানাজী। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা অজয় দেৱগানে।

২৩. পাকিস্তানৰ ইছলামাবাদত ভয়ংকৰ বিস্ফোৰণ। বিস্ফোৰণত গুৰুতৰভাৱে আহত তিনিজনকৈ লোক।

২৪. উত্তৰপ্ৰদেশ চৰকাৰে তিনি তালাকৰ পীড়িত মহিলাক অহা বছৰ অৰ্থাৎ ২০২০চনৰ পৰা দিব ৬ হাজাৰ টকাকৈ সাহায্য। এই কথা ঘোষণা কৰিলে ৰাজ্য চৰকাৰে।

২৫. 'দেশ আজি সংকটত।যদি আমি এতিয়াই এই সন্দৰ্ভত মাত নামাতো তেন্তে ভয়াতুৰ হিচাপে পৰিগণিত হম।'- এই মন্তব্য কংগ্ৰেছ নেত্ৰ প্ৰিয়ংকা গান্ধীৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in