১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১. কৰ্ণাটকত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। কৰ্ণাটক চৰকাৰে ৪৮ ঘণ্টাৰ বাবে মাংগালুৰু চহৰ আৰু দক্ষিণ কানাড়া জিলাত বন্ধ কৰে ইন্টাৰনেট সেৱা।

২. প্ৰয়াগৰাজতো শুকুৰবাৰৰ পুৱা ১০ বজালৈ বন্ধ কৰা হয় ইন্টাৰনেট সেৱা। নাগৰিকত্ব সংশোধনী আইনৰ বিৰু্দ্ধে সাব্যস্ত কৰা প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখি বন্ধ কৰা হয় ইন্টাৰনেট সেৱা।

৩. বৰেলীত শুকুৰবাৰে বন্ধ থাকিব অষ্টম শ্ৰেণীলৈ স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ পাঠদান। ঠাণ্ডাৰ প্ৰতি লক্ষ্য ৰাখি বন্ধ ৰখা হয় পাঠদান।

৪. 'নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সাধাৰণ ৰাইজে সত্যাগ্ৰহ কৰিব লাগে।'- এই মন্তব্য সমাজৱাদী পাৰ্টিৰ অধ্যক্ষ অখিলেশ যাদৱৰ।

৫. গাজিয়াবাদত বৃহস্পতিবাৰৰ নিশা ১০ বজাৰ পৰা শুকুৰবাৰৰ নিশা ১০ বজালৈ বন্ধ কৰা হয় ইন্টাৰনেট সেৱা। গাজিয়াবাদত 'কা'ৰ বিৰুদ্ধে সাব্যস্ত হোৱা প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখি বন্ধ কৰা হয় ইন্টাৰনেট সেৱা।

৬. মাংগালুৰুত বৃহস্পতিবাৰে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধী প্ৰতিবাদৰ মাজতে সৃষ্টি হয় হিংসাত্মক ঘটনাৰ। দুজন প্ৰাণ হেৰুৱাই মাংগালুৰুত।

৭. আহমেদাবাদত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। একাংশ প্ৰতিবাদকাৰীয়ে আৰক্ষীৰ ওপৰত শিলাবৰ্ষণ কৰে। লগতে ভাঙি লণ্ড ভণ্ড কৰে দোকান-পোহাৰ।

৮. 'নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰা সকলৰ ওপৰত অত্যাচাৰ চলোৱা বা দমন কৰাৰ অধিকাৰ চৰকাৰৰ নাই।'- এই মন্তব্য কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ।

৯.কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান মিলিত হয় ওড়িশ্যা মহিলা অন্ধ ক্ৰিকেট দলৰ খেলুৱৈসকলৰ সৈতে। উল্লেখ্য যে, ৱ'মেনছ নেশ্যনেল টি-২০ টুৰ্ণামেন্টৰ ফাইনেলত কৰ্ণাটকৰ দলক পৰাস্ত কৰিছিল ওড়িশ্যা দলটোৱে।

১০. ভাৰতত উপস্থিত পৰ্টুগলৰ প্ৰধানমন্ত্ৰী এন্টনীঅ কিষ্টাই। বুধবাৰে ৰাজঘাটত উপস্থিত হয় পৰ্টুগলৰ প্ৰধানমন্ত্ৰীগৰাকী।

১১. মাংগালুৰুত কা বিৰোধী প্ৰতিবাদৰ মাজতে সংঘৰ্ষ। আহত ২০জনকৈ আৰক্ষীৰ জোৱান। ইফালে, আই চি ইউত ভৰ্তি দুজন লোকক।

১২. ২০ ডিচেম্বৰ, ২০১৯ৰ পৰা দিল্লীৰ ডিপাৰ্টমেন্টে দোকানত বিক্ৰী কৰিব নোৱাৰিব সুৰা। দিল্লী চৰকাৰে দিয়ে এই নিৰ্দেশ।

১৩. প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে উত্তৰ-প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদ সন্দৰ্ভত আলোচনা কৰে দুয়োগৰাকী নেতাই।

১৪. লক্ষ্ণৌৰ পৰিবৰ্তন চকত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে ২০খন বাইক, ১০খন সৰু বাহন, ৩খন বাছ আৰু ৪খনকৈ সংবাদমাধ্যমৰ অ বি ভান।

১৫. দিল্লীৰ যন্তৰ-মন্তৰত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত। 'চাৰে জাহা চে আতছা' গাই প্ৰতিবাদকাৰীয়ে সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী।

১৬. 'হঠাৎ স্বাধীনতাৰ ৭৩ বছৰ পাছত আমি প্ৰমাণ দিব লগা হৈছে যে আমি ভাৰতীয় নাগৰিক।'- বিজেপি চৰকাৰক সমালোচনা কৰি এই মন্তব্য পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ।

১৭. শুকুৰবাৰে পুৱা ৯ বজালৈ অসমত বন্ধ ৰখা হ'ল ইন্টাৰনেট সেৱা। উল্লেখ্য যে, ইয়াৰ পূৰ্বে বৃহস্পতিবাৰেই মুকলি কৰা আছিল ইন্টাৰনেট সেৱা।

১৮. মহাৰাষ্ট্ৰৰ নাগৰিকত্ব সংশোধনী বিৰুদ্ধে প্ৰতিবাদ অব্যাহত। ৰাজ্যখনৰ নাগপুৰত প্ৰতিবাদকাৰীয়ে এই আইনখনৰ বিৰুদ্ধে উলিয়াই সমদল।

১৯. বৃহস্পতিবাৰে সন্ধিয়া ভাগত ছোনিয়া গান্ধীৰ বাসভৱনত কংগ্ৰেছ কৰ কমিটীৰ বৈটক। নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত অনুষ্ঠিত হয় বৈঠক।

২০. ভূৱনেশ্বৰ মন্দিৰত পূজা-অৰ্চনা আগবঢ়ালে ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈসকলে। ২২ ডিচেম্বৰত হ'ব লগা ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তৃতীয়খন এদিনীয়া শৃংখলা খেলাৰ পূৰ্বে পূজা-অৰ্চনা ভাৰতীয় ক্ৰিকেটাৰসকলৰ।

২১. শ্ৰেণীকোঠা এৰি ৰাজপথত প্ৰাথমিক শিক্ষক। 'কা'ৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰায় ২০০টা স্থানত শিক্ষকৰ প্ৰতিবাদ।

২২. আফগানিস্তানৰ শৰণাৰ্থীসকলৰ সৈতে মিলিত হয় বিজেপি কাৰ্যকৰী সভাপতি জে পি নড্ডাই। দিল্লীত মিলিত হয় শৰণাৰ্থীসকলৰ সৈতে।

২৩. পৰ্টুগলৰ প্রধানমন্ত্ৰীয়ে সাক্ষাৎ কৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক। দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতৰ উপস্থিত পৰ্টুগলৰ প্ৰধানমন্ত্ৰীগৰাকী।

২৪. ২০ ডিচেম্বৰত মুক্তি পাব নতুন হিন্দী ছবি ডব্বং-৩। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা ছলমান খানে।

২৫. নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অসমত অব্যাহত প্ৰতিবাদ। বৃহস্পতিবাৰেও হাজাৰ হাজাৰ লোকে উত্তাল কৰিলে অসমৰ বিভিন্ন প্ৰান্তৰ ৰাজপথ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in