১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. কংগ্ৰেছ নেতা বিকাশ চৌধুৰীৰ হত্যাকাণ্ডৰ সৈতে জড়িতৰ সন্দেহত মঙলবাৰলৈ মুঠ ৭জনক গ্ৰেপ্তাৰ। যোৱা ২৭ জুনত ফৰিদাবাদত গুলীয়াই হত্যা কৰা হৈছিল কংগ্ৰেছ নেতাগৰাকীক।

২. তেলেংগানাৰ চাইটান্যাপুৰিত মঙলবাৰে এজন ২২ বছৰীয়া যুৱকে চোকা অস্ত্ৰৰে নিজৰ লগৰ এজনক আঘাত কৰাৰ পাছত নিজেও আত্মহত্যাৰ অপচেষ্টা কৰে। দুয়োকে চিকিৎসালয়ত ভৰ্তি কৰাই স্থানীয় লোকে। আৰক্ষী ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত।

৩. বাংগালুৰুত এগৰাকী ১৭ বছৰীয়া কিশোৰীক বলাৎকাৰ কৰে ৫ পাষাণ যুৱকে। আৰক্ষী থানা কিশোৰীগৰাকীৰ পৰিয়ালে ৰুজু কৰিছে গোচৰ।

৪. পুনেত মঙলবাৰে এটা পুখুৰীত ডুবি সলিল সমাধি এজন ২৯ বছৰীয়া যুৱকৰ। এন ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ অভিযান চলাই উদ্ধাৰ কৰে যুৱকজনৰ মৃতদেহ।

৫. পুডুচেৰীৰ মুখ্যমন্ত্ৰী ভি নাৰায়ণছামীয়ে মঙলবাৰে সাক্ষাৎ কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক। দিল্লী কাৰ্যালয়ত সাক্ষাৎ কৰে পুডুচেৰীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।

৬. আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি ফাৰ্ণানড' ডে লা ৰুৱাৰ মঙলবাৰে দেহাৱসান। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮১ বছৰ।

৭. ইউনাইটেড আৱৰ এমিৰেটছৰ বিদেশ মন্ত্ৰী শ্বেখ আব্দুল্লাহ বীন যায়েদ এল নাহিয়ানে মঙলবাৰে সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক। দিল্লীত সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰীগৰাকীক।

৮. ছত্তীশগড়ৰ ডব্বাক'ন্তা এলেকাত মঙলবাৰে মাওবাদী আৰু নিৰাপত্তাবাহিনীৰ সংঘৰ্ষ। সংঘৰ্ষত নিহত মহিলা মাওবাদী। মহিলা মাওবাদীৰ মৃতদেহ উদ্ধাৰ কৰে নিৰাপত্তাবাহিনীয়ে।

৯. 'মই আশা কৰো ৰবীন্দ্ৰ জাডেজাই ৱৰ্ল্ডকাপ ট্ৰফীটো হাতত তুলি ল'ব আৰু জামনগৰলৈ লৈ আহিব।'- মঙলবাৰে এই মন্তব্য ভাৰতীয় খেলুৱৈ ৰবীন্দ্ৰ জাডেজাৰ পত্নী ৰিৱাদা জাডেজাৰ।

১০. উত্তৰাখণ্ড কুঞ্জ গাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত এজন আৰু গুৰতৰভাৱে আহত ৯জন। আহত কেইজনক ভৰ্তি কৰোৱা হৈছে হাস্পতালত।

১১. নিমাতী ঘাটত বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ। ধেমাজী, উত্তৰ লখিমপুৰ, বিশ্বনাথ, যোৰহাট গোলাঘাট জিলাত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধিৰ ফলত বহু ক্ষয়ক্ষতি হোৱা বুলি জানিব পৰা গৈছে।

১২. কৰ্ণাটকৰ ধাৰৱাডত বিজেপি কৰ্মীৰ প্ৰতিবাদ। মুখ্যমন্ত্ৰী এইচ ডি কুমাৰাস্বামীৰ পদত্যাগ আৰু ৰাজ্যখনত বিজেপি চৰকাৰ গঠনৰ দাবীত এই প্ৰতিবাদ।

১৩. দিল্লীৰ হজ কাজীত মঙলবাৰে অমন কমিটীয়ে বিতৰণ কৰে খাদ্য। হজ কাজীত শোভা যাত্ৰাত অংশ লোৱা লোকসকলৰ মাজত বিতৰণ কৰে খাদ্য।

১৪. 'কৰ্ণাটকত যি হৈ আছে সেয়া কংগ্ৰেছৰ ঘৰুৱা বিষয়। কিন্তু তেওঁলোকে নিজৰ ঘৰে চম্ভালিব নোৱাৰে। সাংসদৰ ল'ৱাৰ হাউছৰহে অসুবিধা সৃষ্টি কৰাৰ চেষ্টা কৰিছে।'- প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৰে এই মন্তব্য।

১৫. কৰ্ণাটকৰ কালাবুৰাগীত প্ৰতিবাদী মিছিল পাহিৰ কৰে কংগ্ৰেছ কৰ্মীসকলে। ৰাজ্যখনৰ ৰাজনৈতিক পৰিস্থিতিৰ বিৰুদ্ধে এই প্ৰতিবাদ কংগ্ৰেছ কৰ্মীসকলৰ।

১৬. অভিনেতা প্ৰশেনজিৎ চেতাৰ্জীলৈ চমন জাৰি কৰে ই ডিয়ে। ৰ'জ ভেলি কেলেংকাৰীৰে জড়িত সন্দেহত চমন জাৰি। অহা ১৯ জুলাইত অভিনেতাগৰাকী হাজিৰ হ'ব লাগিব ই ডি কাৰ্যালয়ত।

১৭. অসমৰ বিভিন্ন প্ৰান্তত একিউট এনকেফেলাইটিছ ছিণ্ড্ৰম আৰু জাপানিজ এনকেফেলাইটিছৰ সন্ত্ৰাস। ডিব্ৰুগড়ত ২০১৯ৰ জানুৱাৰীৰ পৰা বৰ্তমানলৈ মুঠ ১৮৯জন একিউট এনকেফেলাইটিছ ছীণ্ড্ৰমত আক্ৰান্ত হৈছে। ইয়াৰে ৫জন লোকে সাৱটিছে মৃত্যুক।

১৮. অসমৰ বিভিন্ন প্ৰান্তত একিউট এনকেফেলাইটিছ ছিণ্ড্ৰম আৰু জাপানিজ এনকেফেলাইটিছৰ সন্ত্ৰাস। ডিব্ৰুগড়ত ২০১৯ৰ জানুৱাৰীৰ পৰা বৰ্তমানলৈ মুঠ ১৮৯জন একিউট এনকেফেলাইটিছ ছীণ্ড্ৰমত আক্ৰান্ত হৈছে। ইয়াৰে ৫জন লোকে সাৱটিছে মৃত্যুক।

১৯. পশ্চিম বংগৰ কংগ্ৰেছ অধ্যক্ষই হাই কামাণ্ডক দাখিল কৰিলে পদত্যাগ পত্ৰ। গ্ৰহণ কৰা নাই পাৰ্টীৰ হাই কামাণ্ডে।

২০. 'স্বপ্না চৌধুৰীক কংগ্ৰেছত যোগদান কৰাব বিচাৰিছিল প্ৰিয়ংকা গান্ধীয়ে' এই মন্তব্য বিজেপি সাংসদ মনোজ তিৱাৰীৰ।

২১. অহা ১৫ আগষ্টত ছবিগৃহত মুক্তি পাব অক্ষয় কুমাৰৰ নতুন ছবি 'মিছন মংগল'। ছবিখনত অক্ষয়ৰ লগতে অভিনয় কৰিছে অভিনেত্ৰা সৌনাক্ষী সিনহা, বিদ্যা বালন আৰু বহু নামী-দামী অভিনেতা-অভিনেত্ৰীয়ে।

২২. বুধবাৰে বিয়লি ৩ বজাৰ পৰা পুনৰ আৰম্ভ হ'ব বিশ্বকাপৰ ভাৰত আৰু নিউজিলেণ্ডৰ ছেমি ফাইনেল মেচ। মঙলবাৰে বৰষুণৰ বাবে স্থগিত ৰাখিব লগা হয় মেচখন। নিউজিলেণ্ডে ৪৬.১ অভাৰত ২১১ ৰান সংগ্ৰহ কৰা সময়তে আৰম্ভ হৈছিল বৃষ্টিপাত।

২৩. ফিটনেছৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে চেৰ পেলালে ৰামদেৱ আৰু অক্ষয় কুমাৰক। এক সংস্থাই প্ৰকাশ কৰিছে এই তথ্য।

২৪. মহাৰাষ্ট্ৰৰ ৰত্নগিৰিৰ তিৱাৰী ডেমত এন ডি আৰ এফৰ অভিযান অব্যাহত। সপ্তম দিনাও এন ডি আৰ এফ বাহিনীয়ে অব্যাহত ৰাখে অভিযান। বৰ্তমানলৈ ২০টাকৈ মৃতদেহ উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে। নিৰুদ্দেশ হৈ আছে তিনিজনকৈ লোক।

২৫. ৫দিন ধাৰাষাৰ বৰষুণ দিব অসম আৰু উত্তৰ পূৱত, বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে ৰঙা, কমলা আৰু হালধীয়াৰঙী সতৰ্কতা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in