১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১) চুবুৰীয়া অৰুণাচলৰ ভাৰত-ম্যানমাৰ সীমান্তত আছাম ৰাইফলছৰ শিবিৰত ভয়াৱহ আক্ৰমণ সংঘটিত কৰিছে আলফা (স্বাধীন) আৰু এন এছ চি এনয়ে। পুৱতি নিশা সংঘটিত কৰা এই আক্ৰমণৰ পিছতেই দুয়োপক্ষৰ মাজত গুলীয়াগুলী চলে।

২)মহানগৰীৰ বিদ্যালয় সমূহলৈ শিক্ষা বিভাগৰ বিশেষ নিৰ্দেশনা। এতিয়াৰ পৰা বিদ্যালয়সমূহৰ পুৱাৰ প্রাৰ্থনা সভা হ'ব শ্রেণী কোঠাত।

৩)নগাঁৱৰ কাৱৈমাৰীত ভয়ংকৰ ঘটনা। মঙলবাৰে নিশা জ্বলি উঠিল এখন এম্বুলেঞ্চত।
কথমপি প্ৰান ৰক্ষা পৰে এম্বুলেঞ্চত থকা ৰোগী আৰু চালকৰ।

৪) গোলাঘাটৰ আৰক্ষীয়ে মঙলবাৰে প্ৰায় এক কোটি টকাৰ ড্ৰাগছ জব্দ কৰাৰ লগতে চাৰিজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

৫) আজি বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে পদত্যাগ কৰে লগতে এন ডি এৰ লগত মিত্ৰতা ভংগ কৰে।

৬) কাইলৈ বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব নীতিশ কুমাৰে। আৰ জে ডি , কংগ্ৰেছ, সহিত অন্য দলৰ লগত মিত্ৰতা।

৭) ৯ আগষ্ট, মঙলবাৰে কটনৰ এলুমেনি প্ৰেক্ষাগৃহত অসম লেখিকা সমাজে পোন-প্ৰথমবাৰৰ বাবে আন্তৰ্জাতিক খিলঞ্জীয়া দিৱস অথবা আদিবাসী দিৱসৰ আঁত ধৰি আয়োজন কৰে এক বিশেষ অনুষ্ঠানৰ ।

৮) নগাঁৱৰ বেলতলিৰ ইটা ভাটাসমূহ হৈ পৰিছে যৌন নিৰ্যাতনৰ স্থলী। গৰ্ভৱতী এগৰাকী কিশোৰী।

৯)  চৰাইদেউ জিলা কৃষি বিভাগৰ উদ্যোগত মথুৰাপুৰ শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ-ছাত্ৰী সকলৰ সহযোগত মথুৰাপুৰত হৰ ঘৰ ত্ৰিৰংগা শীৰ্ষক সজাগতামূলক শোভাযাত্ৰা উলিওৱা হয়।

১০) বকোত তীব্ৰ চাঞ্চল্য । মঙ্গলবাৰে ৰাতিপুৱাই বকো নিজবগাই গাঁৱৰ উত্তৰা বড়ো (৩৬) নামৰ মহিলাগৰাকীয়ে দাৰে কাটিলে শাহুৱেকসহ তিনিগৰাকীক । থিতাতে মৃত্যু শাহুৱেক সুশীলা বড়ো (৭৫)ৰ ।

১১)মহিলা আৰু শিশু উন্নয়ন বিভাগৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত মঙলবাৰে কোকৰাঝাৰত স্বাস্থ্যবান শিশু বঁটা প্ৰদান কৰা হয় । কোকৰাঝাৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত হোৱা স্বাস্থ্যবান শিশু বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে ৩০ নং পূৱ বিধানসভা সমষ্টিৰ বিধায়ক লৰেঞ্চ ইছলাৰী আৰু ২৮ নং গোসাইগাওঁ বিধানসভা সমষ্টিৰ বিধায়ক জীৰন বসুমতাৰী।

১২) মঙলদৈ ইলেকট্ৰনিক মিডিয়া ফৰাম আৰু ৰাইজৰ সহযোগত জাতীয় পতাকা বিতৰণ আৰু সজাগতা ৰেলী উলিওৱা হয়। 

১৩)মঙলবাৰে পুৱতি নিশা ঢালিগাঁও থানাৰ আৰক্ষীয়ে অভিযান চলাই ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বৈখুনগাঁও জামতলা তিনিআলিৰ পৰা এ.এচ ০১ ই.জে ৮০৭৭ এল্ট' বাহনত পেট্ৰলিয়াম জাতীয় চোৰাং তেল ভৰ্তি ড্ৰাম কঢ়িয়াই নিয়া অবস্থাত হাতেলোটে ধৰা পেলায় ।

১৪) মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে ক্ষোভ ৰাইজৰ। পথ নিৰ্মাণৰ দাবীত ভূঁই ৰুই প্ৰতিবাদ কৰি প্ৰতিবাদী মহিলাই মৰিয়াই ভাঙিলে আঁচনিৰ আধাৰশিলাৰ নাম ফলক।

১৫)  বোকাজানত ৩০ হাজাৰ লিটাৰ বিলাতী সুৰাৰ বটল ধ্বংস। মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে বুলডজাৰ চলাই ধ্বংস কৰে অবৈধ সুৰাখিনি। ধ্বংস কৰা সুৰাখিনিৰ বজাৰ মূল্য ৫৮ লাখ ৩৯ হাজাৰ টকা।

১৬) বিশ্ব খিলঞ্জীয়া দিৱস উপলক্ষে মঙলবাৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাই কোকৰাঝাৰত বিশাল সমদল উলিয়ায়। কোকৰাঝাৰৰ গৌৰাং নৈৰ পাৰৰ পৰা কোকৰাঝাৰৰ শিশু উদ্যানলৈ উলিওৱা উক্ত সমদলটোত অংশগ্ৰহণকাৰীসকলে হাতে হাতে পৰস্পৰাগত ধনুকাড়, ঢোল লৈ নৃত্য-গীত কৰি শোভাযাত্ৰাত অংশ লয় ।

১৭) গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱাশীষ শৰ্মাক অপসাৰণ। গুৱাহাটী মহানগৰৰ নলা-নৰ্দমা পৰিস্কাৰৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছিল আয়ুক্ত দেৱাশীষ শৰ্মাই।

১৮) অহা ২৭ আগষ্টৰ পৰা ১১ ছেপ্তেম্বৰলৈ অনুষ্ঠিত হ'ব এছিয়া কাপ। এই আন্তঃৰাষ্ট্ৰীয় টি-২০ প্ৰতিযোগিতাখনৰ বাবে ১৫ জনীয়া ভাৰতীয় দলটো ঘোষণা কৰিছে বি চি চি আইয়ে। সেই অনুসৰি ভাৰতীয় দললৈ প্ৰত্যাৱৰ্তন কৰিছে প্ৰাক্তন অধিনায়ক বিৰাট কোহলি আৰু আঘাতৰ বাবে দলৰ পৰা বাহিৰত থকা অ'পেনাৰ বেটচমেন তথা উপ-অধিনায়ক কে এল ৰাহুল।

১৯) পুনৰ মহানগৰীত সংঘটিত হৈছে এক জঘণ্য যৌন নিৰ্যাতনৰ ঘটনা। ৬০ বছৰীয়া এজন লম্পট বৃদ্ধৰ কামনাৰ বলি হ'ল এটি ৬ বছৰীয়া কন্যা শিশু। ঘটনাৰ বিৱৰণ মতে অভিযুক্ত দ্বিজেন ৰামছিয়াৰী নামৰ ৬০ বছৰীয়া লোকজনে কন্যা শিশুটিক ছিপছ দিয়াৰ প্ৰলোভন দি যৌন নিৰ্যাতন কৰে। এই ঘটনা সংঘটিত হৈছে নাৰেংগীৰ ভূপেন্দ্ৰ নগৰত।

২০)গুৱাহাটীৰ আঠগাঁৱত আয়কৰ বিভাগৰ অভিযান। ব্যৱসায়ী ভাৰ্গৱ জৈনৰ ঘৰত চলিছে আয়কৰ বিভাগৰ অভিযান। ৰাজস্থান লাইম উদ্যোগৰ গৰাকী ভাৰ্গৱ জৈন।

২১) মঙলবাৰে সন্ধিয়া চিলাপথাৰ নগৰৰ সমীপৰ চিলাগাঁওত আৰক্ষীৰ হাতত পৰিল দুই দুৰ্ধৰ্ষ ড্ৰাগচ সৰবৰাহকাৰী। ধৃত সৰবৰাহকাৰী দ্বয় হ'ল হিতেশ মিলি (৩০) আৰু ইন্দ্ৰকান্ত পাইত (২৬)।

২২) ভংগ কৰা হ'ল গুৱাহাটী কাবাদী সন্থা । বহিষ্কৃত হ'ল বিতৰ্কিত সাধাৰণ সম্পাদক মজিবুৰ ৰহমান।

২৩) সৰ্থেবাৰীৰ বেঙাপাৰাত মঙবাৰে সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা । দুৰ্ঘটনাত থিতাতে নিহত কিশোৰ ডেকা নামৰ এজন যুৱক।

২৪) গোলকগঞ্জৰ হালাকুৰাত এটা পেট্র'ল পাম্প ছীল। শ্রদ্ধাঞ্জলি ফুইল ষ্টেচন নামৰ পেট্র'ল পাম্প ছীল। ধুবুৰী যোগান বিভাগে ছীল কৰিলে পেট্র'ল পাম্পটো ।

২৫) গুজৰাট ৰাষ্ট্রীয় গেমছৰ অসম দলৰ চীফ-দ্য-মিছন নিযুক্তি । ৰাজ কাকতিক চীফ-দ্য-মিছন নিযুক্তি কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱালৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in