১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১. উত্তৰ প্ৰদেশত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ অনুষ্ঠানত অঘটন। কৰ্তব্যৰত অৱস্থাতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু এজন আৰক্ষীৰ।
২. পত্নী অনুষ্কা শৰ্মাসহ হায়দৰাবাদত উপস্থিত ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলি। ১২ অক্টোবৰত চহৰখনৰ আৰজিআই আন্তৰ্জাতিক ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ভাৰত-ৱেষ্টইণ্ডিজৰ চলিত টেষ্ট শৃংখলাৰ দ্বিতীয়খন মেচ।
৩. ৰাষ্ট্ৰসংঘৰ মাৰ্কিন ৰাষ্ট্ৰদূত নিকি হেলীৰ পদত্যাগ। ডনাল্ড ট্ৰাম্প ৰাষ্ট্ৰপতি হোৱাৰ ৪ দিনৰ পাছতে ২০১৭ চনত উক্ত পদত নিযুক্তি দিয়া হৈছিল নিকিক।


৪. উত্তৰ-পূবলৈ সুখবৰ। মিজোৰামৰ জেৰেমি লালৰিন্দুগাই আৰ্জেটিনাৰ যুৱ অলিম্পিকত ভাৰতৰ হৈ প্ৰথমটো স্বৰ্ণ অৰ্জন কৰি ইতিহাস ৰচনা কৰে। ইয়াৰ পূৰ্বে যুৱ অলিম্পিকত কোনো ভাৰতীয়ই অৰ্জন কৰা নাছিল স্বৰ্ণ পদক।
৫. আৰম্ভ হল নানা পাটেকাৰৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া। বুধবাৰে মুম্বাইৰ অশ্বিৱাৰা আৰক্ষী থানাত জবানবন্দী প্ৰদান কৰিব অভিনেত্ৰী তনুশ্ৰীয়ে।
৬. 'মোদীয়ে যিসকল উদ্যোগপতিক কোটি কোটি টকা দিয়ে তেওঁলোকেই ২৪ ঘণ্টাই মোদীক টিভিৰ পৰ্দাত উলিয়াই মোদীৰ মাৰ্কেটিং কৰে।'-ৰাজস্থানৰ এখন জনসভাত নৰেন্দ্ৰ মোদীক কটাক্ষ কৰি ৰাহুল গান্ধীৰ মন্তব্য।
৭. আৰ্জেন্টিনাত অনুষ্ঠিত যুৱ অলিম্পিকত ভাৰতলৈ দ্বিতীয়টো স্বৰ্ণ আজুৰি আনিলে হাৰিয়ানাৰ মনু ভাকেৰে। ১০ মিটাৰ এয়াৰ পিষ্টল শিতানত ১৬ বছৰীয়া মনুয়ে অৰ্জন কৰে স্বৰ্ণ।
৮. দিল্লীত টাটা মৰ্টছৰ হেক্সা এক্স এম প্লাছ নামৰ নতুন সংষ্কৰণৰ গাড়ীখন মুকলি। গাড়ীখনৰ প্ৰাৰম্ভিক মূল্য ১৫.২৭ লাখ টকা।


৯. আজি বিশ্ব ডাকঘৰ দিৱস। ১৯৬৯ চনৰ পৰাই সমগ্ৰ বিশ্বত ৯ অক্টোবৰত পালন কৰা হয় এই দিৱসটি ।
১০. ১২ ডিচেম্বৰত সমগ্ৰ দেশত মুক্তি পাব অভিনেত্ৰী কাজল অভিনীত ছবি 'হেলিকপ্টাৰ ইলা' নামৰ হিন্দী ছবিখন। কাজলৰ স্বামী অজয় দেৱগণে কৰিছে ছবিখনৰ প্ৰযোজনা ।
১১. স্বচ্ছ ভাৰত অভিযানৰ বাবে নৰেন্দ্ৰ মোদীক টুইটাৰযোগে প্ৰশংসা মাইক্ৰ'ছফটৰ প্ৰতিষ্ঠাপক বিল গেটছৰ। 'স্বচ্ছতাৰ দিশে মোদী আৰু ভাৰত চৰকাৰৰ এয়া বিশেষ অৱদান, এতিয়া স্বচ্ছ ভাৰত সফল কৰাৰহে সময়।'-গেটছৰ টুইট।
১২. চীনা কোম্পেনী অপ'ই ১০ অক্টোবৰত মুকলি কৰিব 'অপ' কে১'। পাৰফেক্ট ছেলফিৰ বাবে ফোনটোত আছে ২৫ মেগা পিক্সেলৰ বিশেষ কেমেৰা।
১৩. নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত মঙলবাৰে মধ্যপ্ৰদেশত আৰক্ষীয়ে জব্দ কৰে ৩ কোটি ৩২ টকা মূল্যৰ জালনোট। একেদিনাই ৰাজ্যখনৰ ভিন্ন স্থানৰ পৰা জব্দ কৰে বৃহৎ পৰিমাণৰ জালনোটখিনি।


১৪. বিহাৰত নগৰ নিগম, নগৰ পৰিষদ আৰু নগৰ পঞ্চায়তৰ এলেকাত পলিথিনৰ বেগ ব্যৱহাৰত নিষেধাজ্ঞা। কেবিনেট বৈঠকৰ পিছতে এই সিদ্ধান্ত।
১৫. প্ৰতিৰক্ষাৰ ক্ষেত্ৰত সৰ্তক পাকিস্তান। খবৰ অনুসৰি অচিৰেই পাকিস্তানে চীনৰ পৰা ক্ৰয় কৰিব ৪৮ টা অত্যাধুনিক সৈন্য ড্ৰোন ।
১৬. ১১ অক্টোবৰত আহিব পাৰে প্ৰচণ্ড ঘূৰ্ণী। কেৰালা, কৰ্ণাটকৰ লগতে লক্ষদ্বীপত ৰেড এৰ্লাট জাৰি প্ৰশাসনৰ।

১৭. কামৰূপৰ আগিয়াঠুৰীত দুৰ্বৃত্তৰ গুলীত থিতাতে নিহত এছ বি আইৰ দদৰা শাখাৰ গাণনিক বিষয়া জুনু শৰ্মা। ইয়ন গাড়ীত আহিছিল দুই দুৰ্বৃত্ত। ঘটনা সংঘটিত কৰিয়েই পলায়ন।
১৮. বুধবাৰে পুনৰ উত্তৰ প্ৰদেশলৈ নিয়াৰ পূৰ্বে কামৰুজ জামানক এদিনৰ বাবে নগাঁও কাৰাগাৰলৈ প্ৰেৰণ। বিশেষ বিমানযোগে গুৱাহাটীৰ পৰা নিয়া হ'ব উত্তৰ প্ৰদেশলৈ।
১৯. ২০১৯ বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু অসম হাই মাদ্ৰাছা পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ দিন ঘোষণা অসম মাধ্যমিক শিক্ষা পৰিষদৰ। ২৫ অক্টোবৰৰ পৰা ১৫ নৱেম্বৰলৈ হ'ব প-পত্ৰ পূৰণ।
২০. ৰাজ্যচৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ২ শতাংশ বৃদ্ধি হ'ব ৰাজ্যৰ কৰ্মচাৰীসকলৰ মৰগীয়া বানচ। ১ জুলাইৰ পৰা কাৰ্যকৰী হ'বলগীয়া বানচ বৃদ্ধিত অনুমোদন মুখ্যমন্ত্ৰীৰ।
২১. মঙলবাৰে বৰপেটাৰ নিউ আছাম বণ্ডেড ৱেৰ হাউছত ই ডিৰ অভিযান। অভিযানত পোহৰলৈ আহিছে বহু চাঞ্চল্যকৰ তথ্য।

২২. ইণ্ডিয়ান ফিল্ম এণ্ড টেলিভিছন ডাইৰেক্টৰ্ছ এছ'চিয়েশ্যনে বিকাশ বেহলৰ বিৰুদ্ধে জাৰি কৰিছে শ্ব'-কজ। তেওঁৰ বিৰুদ্ধে উত্থাপিত যৌন নিৰ্যাতনৰ গোচৰৰ সন্দৰ্ভত বাখ্যা বিচাৰিছে।

২৩. দ্বিতীয় পৰ্যায়ৰ গুণোত্সৱৰ কাৰ্যসূচীত ভিন্ন স্থানৰ বিদ্যালয়ত ছাত্র-ছাত্ৰীৰ সৈতে মত বিনিময় কেবাগৰাকী মন্ত্ৰীৰ। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে
কামৰূপৰ জাৰাপাটি প্ৰাথমিক বিদ্যালয়ত ভাগ লোৱাৰ বিপৰীতে সিদ্ধাৰ্থ ভট্টাচাৰ্যই জাগীৰোডত, ফণীভূষণ চৌধুৰীয়ে বঙাইগাঁও, পল্লবলোচন দাসে মৰিগাঁও আৰু তপন গগৈয়ে চৰাইদেউ জিলাৰ বিদ্যালয় পৰিদৰ্শন কৰে।

২৪. ছত্তিশগড় আৰক্ষীৰ সন্ত্ৰাসবাদ বিৰোধী অভিযান। ২ মহিলাৰ সৈতে ১৬ নক্সালবাদী আটক।

২৫. বুধবাৰে নিশা মহাৰাষ্ট্ৰৰ নাগপুৰত সংঘটিত হ'ল ভয়ংকৰ পথ দুৰ্ঘটনা। দুখন বাহনৰ মুখামুখি সংঘৰ্ষত নিহত হ'ল ৫জনকৈ লোক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in