১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. মৰিয়নীৰ ধোদৰ আলিত মাজনিশা অবৈধ কাঠসহ ট্ৰাক জব্দ। বন বিভাগে জব্দ কৰা ট্ৰাকখনৰ নম্বৰ এএচ২৩বিচি৫১৫২ অসম ৰাজ্যিক যুৱ কংগ্ৰেছৰ গোপন সূত্ৰৰ খৱৰ ভিত্তিত মাজনিশা ধোদৰ আলিত বনবিভাগে অভিযান চলাই কৰে জব্দ।

২. তিনি বছৰৰ পাছত ৰাজস্থানৰ পৰা উদ্ধাৰ লংকাৰ এগৰাকী মহিলা।দুই নাৰী সৰবৰাহকাৰীক কাকী আৰক্ষীয়ে মঙলবাৰে আটক কৰিবলৈ সক্ষম হয়।

৩. বিশ্ব ইকন'মিক ফৰামৰ অধ্যয়নত ভাৰতৰ স্থান ৬৮লৈ অৱনমিত। 'বিশ্ব প্ৰতিযোগিতামূলীয় সূচক'ত ভাৰতে ১০টা স্থান অৱনমিত হৈ বৰ্তমান ১৪১খন সমীক্ষা চলোৱা দেশৰ ভিতৰত ৬৮তম স্থানত আছে৷

৪. ৰাজ্যত পুনৰ ভয়ংকৰ ডকাইতিৰ ঘটনা সংঘটিত হৈছে৷ বিজয়া দশমীৰ দিনটোতে লখিমপুৰৰ ডিজুত নিশা এটা ৯জনীয়া ডকাইতৰ দলে গৃহস্থক হাতে-ভৰিয়ে বান্ধি লুটপাত চলায়৷

৫. দুৰ্গোৎসৱৰ সময়ত তিনিচুকীয়াৰ পৰা সেনা-আৰক্ষীৰ যৌথ অভিযানত মঙলবাৰে গ্ৰেপ্তাৰ কৰা হয় এজন আলফা সদস্যক৷ পেঙেৰী আৰক্ষী থানাৰ অন্তৰ্গত তৰাণী চিকৰাজানত আটক কৰা হয় দুৰ্ধৰ্ষ আলফা সদস্যজনক৷

৬. গুজৰাটৰ ভাদোদাৰা-আনন্দ সংযোগী পথত উদ্ধাৰ এটাঘৰিয়াল। বন বিভাগৰ লোকে ঘৰিয়ালটো উদ্ধাৰ কৰি এৰি দিয়ে সুৰক্ষিত স্থানত।

৭. জম্মু-কাশ্মীৰত পুনৰ পাকিস্তানৰ যুদ্ধবিৰতি উলংঘা। ৰাজ্যখনৰ ডেকৱাৰ ছেক্টৰত পাক সেনাৰ গুলীবৰ্ষণ।ভাৰতীয় সেনা বাহিনীয়েও দিয়ে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ।

৮. মহাৰাষ্ট্ৰৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৃষ্টিপাত। পুনেৰ বিভিন্ন স্থানত বুধবাৰে বৰষুণৰ ফলত সৃষ্টি হয় বানৰ।

৯. মহাৰাষ্ট্ৰৰ আৰক্ষীয়ে বুধবাৰে গ্ৰেপ্তাৰ কৰে এজন লোকক। প্ৰায় ৯ লাখ টকাসহ গ্ৰেপ্তাৰ কৰা হয় লোকজনক। বৰ্তমান আৰক্ষীয়ে সোধ-পোছ অব্যাহত ৰাখিছে।

১০. মহাৰাষ্ট্ৰৰ আগন্তুক বিধানসভা নিৰ্বাচন প্ৰচাৰত অংশ ল'ব ৰাহুল গান্ধীয়ে। ১৩ অক্টোবৰৰ পৰা ১৫ অক্টোবৰলৈ এই প্ৰচাৰত অংশ ল'ব তেওঁ।

১১. দিল্লীৰ দৰিয়াগঞ্জত ভয়ংকৰ ঘটনা। অঞ্চলটোৰ এটা টেন্ট হাউছত সংঘটিত হয় অগ্নিকাণ্ড। ১৩খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে নিৰ্বাপিত কৰে জুই। বৰ্তমানলৈ কোনো লোক হতাহত হোৱা খবৰ পোৱা হোৱা নাই।

১২. মহাৰাষ্ট্ৰৰ গাডচিৰোলীত মাওবাদীৰ আত্মসমৰ্পণ। ৭জনকৈ মাওবাদীয়ে আত্মসমৰ্পণ কৰে আৰক্ষীৰ আগত।

১৩. দিল্লীৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ গুৰুত্বপূৰ্ণ বৈঠক। ২০১৮চনৰ আই পি এছ বেটছৰ বিষয়াসকলৰ সৈতে বহে এই বৈঠকত।

১৪. জাৰ্মানৰ হাল্লেত দুৰ্বৃত্তৰ গুলীবৰ্ষণ। গুলীবৰ্ষণত নিহত দুজন লোক। ইফালে গুৰুতৰভাৱে আহত কেইবাজনো।

১৫. হিমাচলপ্ৰদেশৰ বিভিন্ন প্ৰান্তত তুষাৰপাত। তুষাৰপাতৰ ফলত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ বাট-পথত আৱদ্ধ যান-বাহন।

১৬. 'কংগ্ৰেছে ছাৰ্জিকেল ষ্ট্ৰাইক, এয়াৰ ষ্ট্ৰাইক, তিনি তালাকৰ বিৰুদ্ধে মাত মাতিছে। কিন্তু মই সুধিব বিচাৰো ৰাহুল গান্ধীক যে, তেওঁলোকে নিজৰ শাসন কালত দেশৰ বাবে কি কৰিলে।'- এই মন্তব্য কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ।

১৭. ২০১৯ৰ ৰসায়ন বিজ্ঞানৰ নবেল পুৰস্কাৰ ঘোষণা। তিনিজনকৈ বিজ্ঞানীক প্ৰদান কৰা হয় এই নবেল পুৰস্কাৰ।

১৮. দুৰ্গা পূজাৰ দশমীৰ পাছত যমুনা নদীত প্লাষ্টিকৰ আৱৰ্জন। বিসৰ্জন দিয়া প্ৰতিমাসমূহৰ পৰা জমা হয় বৃহৎ পৰিমানৰ জাৱৰ-জোথৰ।

১৯. মুম্বাইত পি এম চি বেংকৰ গ্ৰাহৰ প্ৰতিবাদ। হাতে হাতে প্লে কাৰ্ড লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে।

২০. 'আমাৰ ভাৰতীয়ে জোৱানসকলে বালাকোটত এয়াৰ ষ্ট্ৰাইক কৰিছিল। আৰু এই এয়াৰ ষ্ট্ৰাইকত বহু কেইজন পাকিস্তানী সন্ত্ৰাসবাদীৰ মৃত্যু হৈছিল। যাৰ প্ৰতিশোধ লৈছে তেওঁলোকে।'- এই মন্তব্য গৃহ মন্ত্ৰী অমিত শ্বাহৰ।

২১. মধ্যপ্ৰদেশৰ মান্ধছুৰত ভয়ংকৰ ঘটনা। অচিনাক্ত দুৰ্বৃত্তই কৰিলে অঞ্চলটোত গুলীবৰ্ষণ। গুলীবৰ্ষণত নিহত ভি এইচ পিৰ এজন কৰ্মী।

২২. বাংগালুৰুত আটক ৬জনকৈ লোকক। ড্ৰাগছ, মাৰণাস্ত্ৰসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লোক কেইজনক। বৰ্তমান সোধ-পোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে।

২৩. পাৰালিম্পীক কমিটী অৱ ইণ্ডিয়াৰ মুৰব্বীৰ বাবে মনোনয়ন দাখিল। দীপা মালিকে বুধবাৰে দাখিল কৰে মনোনয়ন।

২৪. অন্ধ্ৰপ্ৰদেশৰ বিভিন্ন প্ৰান্ত উৎসৱমুখৰ পৰিৱেশ। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত বুধবাৰে বন্নী উৎসৱ পালন।

২৫. ১১ অক্টোবৰত মুক্তি পাব নতুন হিন্দী ছবি দ্য স্কাই ইজ পিংক।ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে অভিনেতা ফাৰহান আখতাৰ আৰু অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in