১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. তামিলনাডুৰ বিভিন্ন প্ৰান্তত বিশুদ্ধ খোৱাপানীৰ অভাৱৰ সন্মুখীন সৰ্বসাধাৰণ। প্ৰতিদিনে বৃদ্ধি পোৱা তাপমাত্ৰাৰ ফলত শুকাবলৈ ধৰিছে সকলো পুখুৰী, হ্ৰদ।

২. দক্ষিণ দিল্লীৰ হজৰত নিজামুদ্দিন ৰেল ষ্টেচন ৰেল ৰাজ্যিক মন্ত্ৰী সুৰেশ অংগাৰীয়ে কৰে নিৰীক্ষণ। মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত দিল্লীৰ বিজেপি সভাপতি মনোজ তিৱাৰী।

৩. জম্মু-কাশ্মীৰৰ কিষ্টৱাৰ জিলাত আত্মগোপন কৰি থকা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সেনাৰ অভিযান। অভিযান কালত বহু অস্ত্ৰ-শস্ত্ৰ আৰু আপত্তিজনক নথিপত্ৰ উদ্ধাৰ।

৪. সোমবাৰে বছিৰহাতসহ সমগ্ৰ পশ্চিমবংগত ১২ ঘণ্টীয়া বন্ধৰ আহ্বান জনাইছে বিজেপিয়ে। ক'লা দিৱস হিচাপে সোমবাৰৰ দিনটো পালন কৰিব বিজেপিয়ে।

৫. পশ্চিমবংগত বিজেপি নেতাক বছিৰহাটত বাধা প্ৰদান নিৰাপত্তাৰক্ষীৰ। নিহত বিজেপি কৰ্মীসকলৰ মৃতদেহ দলৰ কাৰ্যালয়লৈ নিবলৈ যোৱা সময়ত বাধা দিয়ে নিৰাপত্তাৰক্ষীয়ে।

৬. দিল্লীত তাপমাত্ৰা বৃদ্ধি হৈ হৈছেগৈ ৪৩.৮ ডিগ্ৰী চেলচিয়াছ। তাপমাত্ৰাৰ ফলত ভীষণ অসুবিধাৰ সন্মুখীন হৈছে সৰ্বাসাধাৰণ।

৭. গৃহ মন্ত্ৰী অমিত শ্বাহৰ মহাৰাষ্ট্ৰ ক'ৰ গ্ৰুপৰ সৈতে বিজেপি মুখ্য কাৰ্যালয়ত গুৰুত্বপূৰ্ণ বৈঠক। এই বৈঠকত আলোচনা কৰা হয় মহাৰাষ্ট্ৰত হ'ব লগা আগন্তুক বিধানসভা নিৰ্বাচনৰ সন্দৰ্ভত।

৮. মহাৰাষ্ট্ৰত দেওবাৰে সংঘটিত হয় দুটাকৈ পৃথক পৃথক শোকাৱহ ঘটনা। ৰাজ্যখনৰৰ মেৰিন ড্ৰাইভত এটি ১১ বছৰীয়া শিশু আৰু জুহু বিচ্ছত এজন লোকৰ মৃত্যু।

৯. দেওবাৰে গৃহমন্ত্ৰী ৰাজনাথ সিঙে ঝাৰখণ্ড ক'ৰ গ্ৰুপৰ সৈতেও এক গুৰুত্বপূৰ্ণ বৈঠকত অংশ লয়। দিল্লীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত এই বৈঠক অনুষ্ঠিত হয়।

১০. দেওবাৰে হিমাচলপ্ৰদেশৰ ৰাছোলত উদ্ধাৰ কৰা হয় দুজন ইজৰাইলৰ পৰ্যটকক। শনিবাৰৰ পৰা সন্ধানহীন হৈ আছিল পৰ্যটকদ্বয়। হিমালয়ান এডভেন্সাৰ ৰেছকিউ দলে উদ্ধাৰ কৰে পৰ্যটকদ্বয়ক।

১১. মহাৰাষ্ট্ৰৰ বিভিন্ন প্ৰান্তত বৃষ্টিপাতৰ ফলত কিছু সকাহ পাইছে সৰ্বসাধাৰণে। যোৱা কিছুদিনৰ পৰা তাপমাত্ৰা বৃদ্ধিৰ ফলত ভীষণ অসুবিধাৰ সন্মুখীন হৈছিল স্থানীয় ৰাইজ।

১২. দেওবাৰে প্ৰধানমন্ত্ৰী মোডীয়ে মিলিত হয় মাহিন্দ ৰাজাপাকছাৰ সৈতে। ৰাজাপাকছা শ্ৰীলংকাৰ বিৰোধী দলৰ নেতা তথা প্ৰাক্তন ৰাষ্ট্ৰপতি।

১৩. কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধী উপস্থিত কেৰালাৰ এক ৰোড শ্ব'। কেৰালাৰ কোঝিকোডেত এই ৰোড শ্ব' অনুষ্ঠিত। উপস্থিত থাকে শ শ সমৰ্থক।

১৪. দেওবাৰে হাৰিয়ানাত অনুষ্ঠিত হয় কংগ্ৰেছৰ নেতাসকলৰ এক গুৰুত্বপূৰ্ণ বৈঠক। ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপিন্দৰ সিং হুডাৰ বাসভৱনত এই বৈঠক।

১৫. আলিগড়ৰ তাপ্পালত দেওবাৰে স্থানীয় ৰাইজৰ প্ৰতিবাদ। এটি ৩ বছৰীয়া শিশুৰ বলাৎকাৰ কৰা দোষীক কঠোৰতম শাস্তি দিয়াৰ দাবীত এই প্ৰতিবাদ। প্ৰতিবাদকাৰীক বাধা দিয়াৰ বাবে অঞ্চলটোত নিৰাপত্তাৰক্ষী মোতায়েন।

১৬. ভুপালৰ ড্ৰেইনত দেওবাৰে উদ্ধাৰ এটি ৮বছৰীয়া শিশুৰ মৃতদেহ। মধ্যপ্ৰদেশৰ গৃহ মন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কয়- 'আমি এজন লোকক এই ঘটনাৰে জড়িত থকাৰ সন্দেহ কৰিছো। আৰু ব্যক্তিজন ক'ত আছে সেই সন্দৰ্ভত আমি তদন্ত কৰি আছো।'

১৭. দেওবাৰে পুৱাই শিলচৰ-ত্ৰিবন্দাম এক্সপ্ৰেছত অগ্নিকাণ্ড। ৰেলখনৰ ৩টাকৈ দবা ক্ষতিগ্ৰস্ত হয় এই অগ্নিকাণ্ডত। শিলচৰ ৰেল ষ্টেচনৰ সমীপত সংঘটিত হয় এই অগ্নিকাণ্ড। বৰ্তমানলৈ কোনো লোক হতাহত হোৱা খবৰ পোৱা হোৱা নাই।

১৮. তামিলনাডুৰ কাৰুংগালাকুডি গাঁৱত খোৱা পানীৰ অভাৱ। স্থানীয় ৰাইজে বহু দূৰৰ পৰা খোৱা পানী কঢ়িয়াই আনিব লগা হৈছে। গাঁওবাসী সন্মুখীন হৈছে ভীষণ অসুবিধাৰ।

১৯. দেওবাৰে কলম্বৰ ছেণ্ট এন্থনী গীৰ্জাগৃহত প্ৰাৰ্থনা জনায় প্ৰধানমন্ত্ৰী মোডীয়ে। উল্লেখ্য যে, ২০১৯চনৰ এপ্ৰিলত মাহত গীৰ্জাঘৰটোত আক্ৰমণ চলাইছিল সন্ত্ৰাসবাদীয়ে। য'ত কেইবাজনো লোকে হেৰুৱাইছিল প্ৰাণ।

২০. দেওবাৰে কেৰেলাৰ কোঝিকোডেত কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে সাক্ষাৎ কৰে এগৰাকী অৱসৰপ্ৰাপ্ত নাৰ্ছ ৰাজাম্মাক। ৰাহুল গান্ধীৰ জন্মৰ সময়ত উপস্থিত আছিল অৱসৰপ্ৰাপ্ত নাৰ্ছ গৰাকী।

২১. ওড়িশ্যাৰ আলাছুৱা মাৰ্কেটত ভয়ংকৰ ঘটনা। এটা অট্টালিকা খহি পৰাৰ ফলত থিতাতে নিহত ৪জনকৈ লোক। ইফালে, ৫জন লোকৰ অৱস্থা সংকটজনক। আহত লোক কেইজনক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় হাস্পতালত।

২২. দেওবাৰে ৰাজস্থানৰ আলৱাৰত মৃত্যু হয় এটা বাঘৰ। এছ টি-১৬ নামৰ এই বাঘটো ট্ৰাংকুলাইজ কৰাৰ পাছতাই মৃত্যু হয় বাঘটোৰ।

২৩. আগ্ৰা-লক্ষ্ণৌ এক্সপ্ৰেছৱে'ৰ সমীপৰ কান্নাউজত দুৰ্ঘটনা। এখন ট্ৰাকৰ খুন্দাত থিতাতে নিহত দুজন। সংকটজনক অৱস্থাত আন দুজনক হাস্পতালত ভৰ্তি।

২৪. গ্ৰীষ্ম বন্ধৰ পাছত ১৬ জুনৰ পৰা খুলিব লগা মহাৰাষ্ট্ৰৰ সকলো বিদ্যালয় ২৩ জুনৰ পৰাহে পুনৰ পাঠদানৰ বাবে খোলা হ'ব। মধ্যপ্ৰদেশৰ শিক্ষা বিভাগৰ এই সিদ্ধান্ত। প্ৰতিদিনে বৃদ্ধি পোৱা তাপমাত্ৰাৰ বাবে লোৱা হৈছে এই সিদ্ধান্ত।

২৫. মহাৰাষ্ট্ৰৰ ছেৱৰীৰ জাকাৰীয়া বন্দৰ বাছ আস্থানৰ সমীপত ভয়ংকৰ দুৰ্ঘটনা। এখন ব্যক্তিগত বাহনে মহতিয়ালে কেইবাজনো লোকক। দুৰ্ঘটনাত থিতাতে নিহত ১জন। ইফালে সংকটজনক অৱস্থাত ৫জনক চিকিৎসালয়ত ভৰ্তি।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in