১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১. মঙলবাৰে নিউজীলেণ্ডৰ বিৰুদ্ধে চলিত বিশ্বকাপৰ ছেমি ফাইনেলত মুখামুখি হ'ব ভাৰতীয় ক্ৰিকেট দল। মানচেষ্টাৰৰ অ'ল্ড ট্ৰেফৰ্ড ষ্টেডিয়ামত অনুষ্ঠিত হ'ব এই খেলখন। 

২. 'তেও জনতাৰ কাৰনে নহয়, নিজৰ কাৰনে কাম কৰি আছে' কেজৰিৱালক এনেদৰে আক্ৰমণ কৰিলে ন বিজেপি স্বপ্না চৌধুৰীয়ে।

৩. নিৰ্বাচনৰ পাছত প্ৰথমবাৰৰ বাবে আমথিলৈ যাব ৰাহুল গান্ধী। লগত থাকিব প্ৰিয়ংকা গান্ধী।

৪. 'কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিম, এয়া স্পষ্ট কথা' কৰ্ণাটক কংগ্ৰেছ বিধায়ক ৰোশন ৱেগে কৰিলে এই মন্তব্য।

৫. 'উত্তৰ প্ৰদেশে অকলেই সমগ্ৰ দেশক চলাব পাৰে' এই মন্তব্য উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ।

৬. সোমবাৰে ৰাজ থাকৰেই সাক্ষাৎ কৰে ছোনিয়া গান্ধীক। মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে হ'ব পাৰে মিত্ৰতা।

৭. উজনিৰ বিভিন্ন অঞ্চলত ভয়ংকৰ বান পৰিস্থিতি। নগা পাহাৰৰ পৰা নামি অহা পানীৰ ধলত ছিগি গ'ল কাকদোঙা নৈৰ মথাউৰি। বানত জলমগ্ন হ'ল তিতাবৰৰ বৰহোলা। ইফালে বানত ডুবিল পশ্চিম যোৰহাটৰ ২০খনৰো অধিক গাঁও।

৮. পঞ্জাৱৰ অমৃতসৰত শুল্ক বিভাগে জব্দ কৰিছে সন্দেহজনক হেৰ'ইন। হেৰ'ইনখিনিৰ পৰিমাণ ৯৪৫ গ্ৰাম।

৯. বিজেপি নেতা বিজেন্দ্ৰ গুপ্তাই তৰা মানহানি গোচৰত কেজৰিৱাল আৰু মনোজ চিছৌদিয়ালৈ আদালতৰ চমন। ১৬ জুলাইত উপস্থিত হ'ব লাগিব আদালতত।

১০. পাকিস্তানে গুলী বাৰুদেৰে ক্ষতি কৰিব নোৱাৰে ভাৰতৰ সীমান্তবাসীক। সীমান্তত ১৫০ টা বাংকাৰ নিৰ্মাণ।

১১. দিল্লীৰ মঙ্গলপুৰত উদ্ধাৰ স্বামী-স্ত্ৰীৰ মৃতদেহ। আত্মহত্যাৰ সন্দেহ আৰক্ষীৰ।

১২. দিল্লী কংগ্ৰেছৰ ইনচাৰ্জ তথা সৰ্বভাৰতীয় কংগ্ৰেছৰ সম্পাদক কুলজিত সিঙে প্ৰেৰণ কৰিলে পদত্যাগ পত্ৰ। ৰাহুল গান্ধীলৈ প্ৰেৰণ কৰিছে পদত্যাগ পত্ৰ।

১৩. সোমবাৰে মুক্তি পালে বাটলা হাউছৰ পোষ্টাৰ। ১১ জুলাইত মুক্তি পাব ট্ৰেইলাৰ।

১৪. আমেৰিকাত ভয়ংকৰ বানপানী। প্ৰচণ্ড বৰষুণৰ বাবে সৃষ্টি হয় কৃত্ৰিম বানৰ।

১৫. দিল্লীত ভয়ংকৰ অগ্নিকাণ্ড। মুনিৰ্কা ফাৰ্নিচাৰ মাৰ্কেটত হোৱা এই জুই নিৰ্বাপনৰ চেষ্টা ১২ খন অগ্নিনিৰ্বাপক বাহিনীৰ বাহনৰ।

১৬. হায়দৰাবাদ শুল্ক বিভাগৰ এয়াৰ ইন্টেলিজেন্স বিভাগে এজন ছুদানৰ নাগৰিকক সোমবাৰে কৰিলে আটক। লোকজনৰ পৰা জব্দ ১৯৩.৭০০ গ্ৰাম চুৰি সোণ।

১৭. হিমাচল প্ৰদেশ চৰকাৰে সোমবাৰে আৰক্ষী বিভাগৰ কেইবাজনো বিষয়াক দিলে বদলিৰ নিৰ্দেশ। ১০ জন আই পি এছ আৰু এজন ৰাজ্যিক আৰক্ষী বিষয়াক বদলিৰ নিৰ্দেশ।

১৮. দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ গোৱৰ্ধনত সোনবাৰে বিয়লি সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা৷ গোৱৰ্ধনৰ শনি মন্দিৰৰ সমীপত গুৱাহাটী অভিমুখী এখন আলট্ৰা বাছে খুন্দা মাৰে এখন ইণ্ডিকাক। 

১৯. বৰডুমচাৰ মহঙত উত্তপ্ত পৰিস্থিতি। দেওবাৰে স্বামী আৰু শাহুৱেকে মৰিয়াই মৰিয়াই হত্যা কৰিছিল এগৰাকী নৱবিবাহিতা বোৱাৰীক। হত্যা কৰাৰ পিছত কেৰাচিন ঢালি জ্বলাই দিছিল প্ৰিয়ংকা চেতিয়া নামৰ বোৱাৰীগৰাকীৰ মৃতদেহ।

২০. চাকৰিৰ নামত ধন আত্মসাৎ কৰি আৰক্ষীৰ জালত পৰিল চামগুৰিৰ কংগ্ৰেছ নেতা। চলচলি মণ্ডল কংগ্ৰেছৰ সভাপতি আব্দুল গফুৰক গ্ৰেপ্তাৰ কৰে নগাঁও আৰক্ষীয়ে।

২১. অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ নাগ মন্দিৰৰ সমীপত সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। এটা কালভাৰ্ট, এখন ৰেষ্টুৰেণ্ট আৰু কেইবাটাও বাসগৃহ নিমিষতে উটুৱাই নিয়ে পাহাৰীয়া নৈৰ সোঁতে৷

২২. মধ্যপ্ৰদেশৰ বিজেপি নেতা প্ৰদীপ যোশীক সোমবাৰে কৰিলে দলৰ পৰা নিলম্বণ। এজন দলীয় কৰ্মীৰ সৈতে হোৱা বাৰ্তালাপ ভাইৰেল হোৱাৰ পিছতে লোৱা হয় এই সিদ্ধান্ত।

২৩. মৃত্যুদূতত পৰিণত হৈছে যমুনামুখ এক্সপ্ৰেছ হাইৱে। নিৰ্মাণ হোৱাৰে পৰা বৰ্তমানলৈ ৫০০০ ৰো অধিক দুৰ্ঘটনাত ৮,১৯১ অধিক লোক।

২৪. অহা ১০ জুলাইত অৰ্থাৎ বুধবাৰে পুৱা ১০ বজাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ ২০১৯ বৰ্ষৰ স্নাতক কলা, স্নাতক বিজ্ঞান আৰু স্নাতক বানিজ্য শাখাৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব।
যোৱা মে' আৰু জুন মাহত উক্ত পৰীক্ষাসমূহ অনুষ্ঠিত হৈছিল।

২৫. মঙলবাৰে ভাৰতত মুকলি হ'ব হুণ্ডাইৰ ইলেক্ট্ৰিক কাৰ কোনা (Kona)। আকৰ্ষণীয় ষ্টাইলৰ হুণ্ডাই কোনাৰ আনুমানিক বজাৰ মূল্য হ'ব পাৰে ২২ লাখৰ পৰা ২৫ লাখৰ ভিতৰত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in