১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. শুকুৰবাৰে প্ৰয়াগৰাজত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাদকাৰীয়ে উদ্বোধন কৰে দুটাকৈ জলমাৰ্গ। উদ্বোধনী অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ ম'ৰিয়া।

২. ছাহাৰাণপুৰত বিষাক্ত সুৰাপান কৰি মৃত্যু হোৱা লোকৰ সংখ্যা ১৮জনলৈ বৃদ্ধি। ইফালে ৪২জন লোকৰ অৱস্থা অতি সংকটজনক।

৩. বৃহস্পতিবাৰে জম্মু-কাশ্মীৰৰ জৱাহৰ টানেল এলেকাত হিমস্খলনত বৰ্তমানলৈ ৭ জন লোকৰ মৃত্যু। শুকুৰবাৰে উদ্ধাৰকাৰী দলে ৭টা মৃতদেহৰ লগতে ৫জনকৈ আৰক্ষীৰ লোকক জীৱন্তে উদ্ধাৰ।

৪. মুম্বাইত শুুকুৰবাৰে বি এম চিৰ আণ্ডাৰ গ্ৰাউণ্ড ডাষ্টবিন স্থাপন। উক্ত অনুষ্ঠানত উপস্থিত থাকে মেয়ৰ বিশ্বনাথ মহাদেশ্বৰ।

৫. নেপালত ভয়ংকৰ বিস্ফোৰণ। অৰুণ ৩ হাইড্ৰ'পাৱাৰ প্ৰকল্পত সংঘটিত হয় এই বিস্ফোৰণ।

৬. পশ্চিমবংগত শুকুৰবাৰে দুটা স্থানত চিবিআইৰ অভিযান। প্ৰাক্তন চিবিআই শীৰ্ষ বিষয়া এম নাগেশ্বৰ ৰাওৰ আৰু তেওঁৰ পত্নীৰ নামত থকা দুটা স্থানত অভিযান চলাই চিবিআই-য়ে।

৭. 'তেওঁ (প্ৰধানমন্ত্ৰী মোডী) ভয় কৰিছে আমি সকলোৱে একগোট হোৱাৰ বাবে। মই কেতিয়াও ভয় নকৰো। মই সদায় মা-মাটি-মানুহক সন্মান কৰো।'- শুকুৰবাৰে এই মন্তব্য কৰিলে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।

৮. শুকুৰবাৰেও হিমাচলপ্ৰদেশত অব্যাহত তুষাৰপাত। ৰাজ্যখনত তুষাৰপাতৰ ফলত প্ৰায় স্তব্ধ হৈ পৰিছে জন-জীৱন।

৯. ব্ৰাজিলত শুকুৰবাৰে ভয়ংকৰ অগ্নিকাণ্ড। ফ্লামেনগ' ফুটবল ক্লাবত এই অগ্নিকাণ্ড। প্ৰাণ হেৰুৱাই ১০জনকৈ লোকে।

১০. মেঠনীত দুৰ্ঘটনাগ্ৰস্ত গাড়ীৰ উদ্ধাৰ অভিযান সামৰি বোকাখাতলৈ উভতাৰ পথতে ডাম্পাৰে খুন্দিয়াই বোকাখাতত আৰক্ষীৰ গাড়ীত। দুৰ্ঘটনাত আহত হয় যান–বাহন বিভাগৰ আৰক্ষী বিষয়া গোবিন কাকতিসহ আন এজন আৰক্ষীৰ লোক।

১১. নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ। ৰাজ্যৰ বিবিন্ন প্ৰান্তত আচু, অগপকে আদি বহু দল-সংগঠনে শুকুৰবাৰে সাব্যস্ত কৰে প্ৰতিবাদ।

১২. কাজিৰঙাৰ পানবাৰীৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত এটা গাতৰ বাবেই সংঘৰ্ষ দুখন বাহনৰ। দুৰ্ঘটনাৰ বাবে সময় ধৰি ৰাজপথ সৃষ্টি হয় যানঁজতৰ।

১৩. ইউপিএৰ শাসন কাল আছিল নিজামৰ শাসন। সেই সময়ত তেওঁলোকে নিৰ্মাণ কৰিছিল সন্ত্ৰাসবাদৰ কৰিডৰ, আমি নিৰ্মাণ কৰিছো প্ৰতিৰক্ষা কৰিডৰ। উত্তৰপ্ৰদেশত শুকুৰবাৰে এই মন্তব্য কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে।

১৪. 'মমতা বেনাৰ্জী পুতনা হ'ব পাৰিব, কিম জং উন হ'ব পাৰিব। কিন্তু ঝাছীৰ ৰাণী কেতিয়াও হ'ব নোৱাৰে।'- এই মন্তব্য কৰিলে কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে।

১৫. শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চাংসাৰিত ভূমি পূজন কৰিব প্ৰস্তাবিত এইমছৰ। শুকুৰবাৰে চাংসাৰিৰ উক্ত অঞ্চল ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

১৬. শুকুৰবাৰে শ্বিলঙলৈ ৰাওনা কলকাতা আৰক্ষী আয়ুক্ত ৰাজীৱ কুমাৰ। শ্বিলংস্থিত চিবিআই কাৰ্যালয়ত সাৰদা কেলেংকাৰী সন্দৰ্ভত বিষয়াগৰাকীক কৰা হ'ব সোধ-পোছ।

১৭. 'প্ৰধানমন্ত্ৰীৰ আগমনত তেওঁৰ নিৰাপত্তাৰ বাবে সাজু কৰা হৈছে সকলো নিৰাপত্তাবাহিনী।'- শুকুৰবাৰে এই মন্তব্য কৰে আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই।

১৮. উত্তৰ-পূবত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ। অৰুণাচলত মোডী ভ্ৰমণৰ বিৰোধিতাৰে শনিবাৰে কংগ্ৰেছে অৰুণাচলত উৰাব ক'লা বেলুন আৰু ক'লা পতাকা।

১৯. নগাঁৱৰ বৰঙীয়ালত এজন যুৱকৰ নিখোজক কেন্দ্ৰ কৰি আৰক্ষী আৰু স্থানীয় ৰাইজৰ মাজত সংঘাত। যুৱকজনক এগৰাকী মহিলাই হত্যা কৰি পুতি থোৱাৰ অভিযোগ।

২০. গুৱাহাটীত ইণ্ডিগ' বিমানৰ উৰণৰ সময়ত শুকুৰবাৰে বিকল হয় এ চি। যাৰ বাবে এঘণ্টা বিলম হয় বিমান উৰণত।

২১. 'এইবাৰৰ বাজেট হিতাধিকাৰী সৃষ্টি কৰা বাজেট নহয়।'- অসম বিধানসভাত বাজেট বিতৰ্কত এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ।

২২. নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে সৰৱ আছু। মোডীৰ অসম ভ্ৰমণৰ বিৰুদ্ধে শনিবাৰে আছুসহ ৩০ সংগঠনে পালন কৰিব বিক্ষোভ।

২৩. অসম আৰক্ষীত ৫ গৰাকী আই পি এছ বিষয়াৰ পদোন্নতি-ৰদবদল। ডি আই জি পদলৈ পদোন্নতি অৰবিন্দ কলিতাক।

২৪. শুকুৰবাৰে জনজাতিকৰণৰ দাবীত দিল্লীত সদৌ আদিবাসী ছাত্ৰ সন্থাই সাব্যস্ত কৰে প্ৰতিবাদ। প্ৰতিবাদত অংশ ল'লে সাংসদ শান্তিৰাজ কুজুৰ আৰু নৱ শৰণীয়াই।

২৫. চলিত বৰ্ষৰ ১৪ ফেব্ৰুৱাৰীত দেশৰ ছবিগৃহত মুক্তি পাব হিন্দী ছবি 'গলি বয়'। ছবিখনত অভিনয় কৰিছে ৰণবীৰ সিং আৰু আলিয়া ভাটে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in