১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১. পুনৰ উজলিল ৰীমা দাসৰ চলচ্চিত্ৰ। বেষ্ট ইণ্ডী ফিল্মৰ সন্মান ৰীমা দাসৰ ছবিলৈ। বুলবুল কেন ছিং নামৰ ছবিখনৰ বাবে বঁটা ।

২. মধ্যপ্ৰদেশৰ বাদৱানীত ধাৰাসাৰ বৃষ্টিপাত। নৰ্মদাৰ জলপৃষ্ঠ বৃদ্ধি পোৱা আৰু ধাৰাসাৰ বৃষ্টিপাতৰ ফলত বানৰ সৃষ্টি। অঞ্চলবাসীক স্থানান্তৰ কৰা হৈছে আশ্ৰয় শিবিৰলৈ।

৩. হাৰিয়ানাৰ মেৱাটত এগৰাকী কিশোৰীক দলবদ্ধ বলাৎকাৰ। বলাৎকাণ্ডৰে জড়িতৰ অভিযোগত তিনিজনক গ্ৰেপ্তাৰ।

৪. জম্মু-কাশ্মীৰৰ ৰাইছি জিলাৰ সকলো শিক্ষানুষ্ঠানত শুকুৰবাৰ আৰু শনিবাৰে বন্ধ ৰখা হ'ব। ৰাজ্যখনত ১৪৪ ধাৰা জাৰি কৰাৰ বাবে বন্ধ ৰখা হ'ব শিক্ষানুষ্ঠানসমূহ।

৫. অসমৰ ক্ৰীড়াক্ষেত্ৰৰ বাবে সুখৱৰ। অসমৰ সফল ফুটবলাৰ হলিচৰণ নাৰ্জাৰীয়ে ২০২২ কাটাৰ বিশ্বকাপৰ যোগ্যতা নিৰ্ণয়কাৰী খেলৰ বাবে ভাৰতীয় সাম্ভাব্য দলত স্থান লাভ কৰিছে।

৬. গোলাঘাটৰ বৰপথাৰৰ জীয়ৰী লাভলিনা বৰগোঁহাইয়ে মেৰীকমৰ সৈতে ৰাছিয়াৰ বিশ্ব বক্সিং চেম্পিয়নশ্বীপলৈ যোগ্যতা অৰ্জন কৰিছে। ভাৰতীয় দলৰ ৫১ কেজি শাখাত মেৰী কম নিৰ্বাচিত হোৱাৰ দৰেই ৬৯ কেজি শাখাত জাতীয় দলৰ জাৰ্চি পিন্ধিব লাভলিনা বৰগোঁহাইয়ে।

৭. ৯ আগষ্টত অসম পাবহি বিহাৰত বন্দী অসমৰ নৃত্যশিল্পীৰ দল, বিহাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে দুই অভিযুক্তক।অসম আৰক্ষীৰ দলে শিল্পীৰ দলটোক জিম্মাত লৈ ইতিমধ্যে ৰে'লযোগে অসম অভিমুখে ৰাওনা হৈছে।

৮. হাৰিয়ানাৰ মেৱাটত এগৰাকী কিশোৰীক দলবদ্ধ বলাৎকাৰ। বলাৎকাণ্ডৰে জড়িতৰ অভিযোগত তিনিজনক গ্ৰেপ্তাৰ।

৯. আন্তৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় দিলে দক্ষিণ আফ্ৰিকা ক্ৰিকেটাৰ হাছিম আমলাই। বৃহস্পতিবাৰে কৰা হয় এই ঘোষণা।

১০. মোৰ শত্ৰুকো যেন ভগৱানে এনেকুৱা চুবুৰীয়া নিদিয়ে। পাকিস্তানক এনেদৰে কটাক্ষ কৰিলে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।

১১. প্ৰযুক্তিগত শিক্ষাৰ সমান্তৰালভাৱে শাৰিৰীক আৰু যোগ প্ৰশিক্ষণ মানুহৰ বাবে অতি জৰুৰী। এই মন্তব্য কৰে দেশৰ উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডুয়ে।

১২. জম্মু-কাশ্মীৰৰ কাৰাগাৰত বন্দী হৈ থকা ৭০ টা সন্ত্ৰাসবাদীক আগ্ৰালৈ স্থানান্তকৰণ।

১৩. নীৰজ শেখৰ হব উত্তৰ প্ৰদেশৰ পৰা বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী। সমাজৱাদী পাৰ্টি এৰি যোগদান কৰিছিল বিজেপিত।

১৪. বিজেপিয়ে শেষ কৰিলে কাশ্মীৰক, জম্মু-কাশ্মীৰ পুনৰগঠন আইন হৈছে এখ কলা আইন। বৃহস্পতিবাৰে জম্মু-কাশ্মীৰত এই মন্তব্য কৰিলে কংগ্ৰেছ নেতা গোলাম নৱী আজাদে।

১৫. নয়দা পুলিচে বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰে ভুৱা বেংকৰ নামত গ্ৰাহকৰ পৰা ধন সৰকোৱা ৭ জন লোকক। কেইবালাখ টকা আত্মসাত কৰিছে লোককেইজনে।

১৬. মহাৰাষ্ট্ৰত বানত বৰ্তমানৰ লৈকে মৃত্যু হৈছে ২৭ জন লোকৰ। এই ঘোষণা মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ।

১৭. দিল্লীত এগৰাকী কিশোৰীক অপহৰণ কৰি হত্যা। ধন দাবী কৰা ১ জন লোকক গ্ৰেপ্তাৰ।

১৮. বানত বিধ্বস্ত কৰ্ণাটক। বৃহস্পতিবাৰে বান প্ৰভাৱিত এলেকাত পৰিদৰ্শন কৰিলে মুখ্যমন্ত্ৰী য়েডিয়ুৰপ্পাই।

১৯. নেপালত বৃহস্পতিবাৰে সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড। ৫০০ মিলিয়ন নেপালী নোট ধ্বংস।

২০. কাবুলত বোমা বিস্ফোৰণ. নিহত ১৮ আৰু আহত ১০০ ৰো অধিক লোক।

২১. আগন্তুক ইণ্ডিয়ান ছুপাৰ লীগ চমুকৈ আই এছ এল ছীজনৰ বাবে নৰ্থ-ইষ্ট য়ুনাইটেড এফ চিয়ে অভিজ্ঞ গলৰক্ষক ছ'ৰাম আংগানবাক চুক্তিবদ্ধ কৰিছে।বৃহস্পতিবাৰে এই কথা ক্লাব কৰ্তৃপক্ষই টুইটাৰৰ জৰিয়তে ৰাজহুৱা কৰে।

২২. যোৱা ৪ জুলাইৰ দিনা অসমৰ পৰা মক্কালৈ যোৱা হজযাত্ৰীসকলৰ মাজৰ এজন যাত্ৰীয়ে বৃহস্পতিবাৰে পুৱাৰ ভাগত মৃত্যুক সাবটি লয়। মৃত্যুক সাবটি লোৱা হজযাত্ৰীজনক কাছাৰৰ আজিজুৰ ৰহমান লস্কৰ বুলি চিনাক্ত কৰা হৈছে।

২৩. ৰাজ্যত এতিয়া বিভীষিকাৰ ৰূপ লৈছে জাপানীজ এনকেফেলাইটিছে। পুৰণিগুদামত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ বৃহস্পতিবাৰে পুৱা মৃত্যু হৈছে এগৰাকী মহিলাৰ।

২৪. গোৱালপাৰাৰ পঞ্চৰত্নত অঘটন ৷ নৰনাৰায়ণ সেতুত পহৰাৰত দুই আৰক্ষী জোৱানক মহতিয়াই নিলে তীব্ৰবেগী ৰেলে ৷ দুই আৰক্ষী জোৱানৰ নাম কৰণধৰ নাথ আৰু আবুল কালাম আজাদ ৷ । দুয়ো নিশাৰ নৰনাৰায়ণ সেতুৰ পহৰাৰ দায়িত্বত আছিল ৷

২৫. ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকা দেৱক মৰণোত্তৰ ভাৱে ভাৰত ৰত্ন সন্মান প্ৰদান কৰা উপলক্ষে দৰং জিলা প্ৰশাসনৰ উদ্যোগত ভাৰতৰত্ন গৰাকীলৈ বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰে।বিধায়ক গুৰুজ্যোতি দাস উপস্থিত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in