১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১.  প্ৰথম পৰ্যায়ত ৪টা সমষ্টিত বিজেপিৰ জয় নিশ্চিত। কলিয়াবৰত আজিৰ তাৰিখত আগবাঢ়ি আছে বিজেপি। শিৱসাগৰৰ নিৰ্বাচনী সভাত এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ।

২. কথাপমি প্ৰাণৰক্ষা পৰে বিজেপি নেতা মনোজ তিৱাৰীত। বেয়া বতৰৰ বাবে তিৱাৰীয়ে যাত্ৰা কৰা হেলিকপ্টাৰ জৰুৰীকালীন অৱতৰণ।

৩. ছচিয়েল মিডিয়া নিয়ন্ত্ৰণতলৈ আনিবৰ বাবে অন্য কোনো আইনৰ প্ৰয়োজন নাই। এই মন্তব্য কৰিলে প্ৰাক্তন মুখ্য নিৰ্বাচনী আয়ুক্ত এছ বাই কুৰেশ্বীয়ে।

৪. কিছুদিনৰ পূৰ্বে কংগ্ৰেছৰ যোগদান কৰা কীৰ্তি আজাদে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব ঝাৰখণ্ডৰ ধনৱাদৰ পৰা। বহু কংগ্ৰেছ নেতাৰ বিৰোধ।

৫. 'বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰখন হৈছে মিছাৰ বেলুন।' এই মন্তব্য কংগ্ৰেছ নেতা অহমদ পেটেলৰ।

৬. ডিমা হাচাওত গুৱাহাটীৰ ছাত্ৰৰ সলিলসমাধি। উমৰাংচুৰ সমীপৱৰ্তী পাণিমুৰ জলপ্ৰপাতত পৰি মৃত্যু ছাত্ৰজনৰ। মৃত ১৯ বছৰীয়া IIMTৰ ছাত্ৰজন বিকাশ ৰয়।

৭. 'নিৰ্বাচনৰ পূৰ্বেই প্ৰধানমন্ত্ৰী মোডীয়ে দেশৰ জনতাক ফাকি দি আছে। সকলো প্ৰতিশ্ৰুতি ভুৱা।' প্ৰধানমন্ত্ৰীক এনেদৰে কটাক্ষ কৰিলে মায়াৱতীয়ে।

৮. 'ৰাহুল গান্ধীয়ে ৰাজনৈতিক লাভৰ বাবেই মোডীৰ ওপৰত বিভিন্ন অভিযোগ আনে' এই মন্তব্য কৰিলে নীতিন গাডকাৰীয়ে।

৯. '২০১৪ চনত চায়ৱালা আৰু ২০১৯ হ'লহি চকীদাৰ' প্ৰধানমন্ত্ৰীক এনেদৰে কটাক্ষ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ।

১০. 'চৰকাৰক প্ৰশ্ন কৰিলেই এতিয়া হয় দেশদ্ৰোহী' সোমবাৰে এই মন্তব্য কংগ্ৰেছৰ যুৱনেতা শচীন পাইলটৰ।

১১. সোমবাৰে পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ ৬য় মহলাত সুত্ৰপাত হয় অগ্নিকাণ্ড। সেইসময়তে ৪ মহলাত সভাত ব্যস্ত আছিল  প্ৰধানমন্ত্ৰী ইমৰান খান। কোনো লোক হতাহত হোৱা নাই।

১২. চিকাগ'ত শনিবাৰে এটা পৰিয়ালৰ ওপৰত দুৰ্বৃত্তৰ গুলীচালনা। ২ টা শিশুৰ সৈতে ৬ জন লোক আহত।

১৩. সোমবাৰে মুক্তি দিয়া হয় হিন্দী ছবি 'কবীৰ খান'ৰ ট্ৰেইলাৰ। ২১ জুনত ছবিগৃহত মুক্তি পাব ছবিখন।

১৪. পৰিচালক পিছত অভিনেতাৰ ৰূপত দেখা যাব ৰাম গোপাল বৰ্মাক। 'কৌব্ৰা' নামৰ এখন ছবিত কৰিব অভিনয়। সোমবাৰে মুকলি কৰা হয় পোষ্টাৰ।

১৫. বক্স অফিচত ফ্লপ জন আব্ৰাহামৰ ছবি ৰোমিঅ' 'আকবৰ ৱালটাৰ'। মুক্তিৰ ৩ দিনৰ অন্তত ছবিখনে উপাৰ্জন কৰিছে ২২.৭০ কোটি টকা।

১৬. 'অনাগত ৫ টা বছৰত দেশবাসীৰ আশা-আকাংশাবোৰ পূৰণ কৰা হ'ব।' সোমবাৰে এই মন্তব্য কৰিলে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।

১৭. '২০১৯ৰ নিৰ্বাচনত দেশৰ চকীদাৰৰ চকী নাবাচিব' সোমবাৰে নিৰ্বাচনী প্ৰচাৰত এই মন্তব্য অখিলেশ যাদৱৰ।

১৮. সোমবাৰে দিল্লী আৰক্ষীয়ে জব্দ কৰে ২০০ কোটি টকা মূল্যৰ হিৰোইন। ৪ জনক গ্ৰেপ্তাৰ।

১৯. হিমাচলৰ চিমলাত ৪০০ মিটাৰ দ' খাৱৈত পৰিল বলেৰ' বাহন। ২ গৰাকী মহিলা নিহত হোৱাৰ লগতে ৪ জন আহত।

২০. ৰাজস্থানৰ বাছৱাড়াত খাদ্যত বিষক্ৰিয়া। ২ নিহত, ২১ চিকিৎসাধীন।

২১. মঙলবাৰে মনোনয়ন পত্ৰ দাখিল কৰিব ছাত্ৰ নেতা কনহাইয়া কুমাৰে। বেগুচৰাই সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব তেও।

২২.  চামগুৰিত অগপ নেতা নজৰুল ইছলামক আক্ৰমণৰ চেষ্টা। কাঠপাৰাত ৰকিবুল হুছেইনৰ সমৰ্থকে আক্ৰমণৰ চেষ্টা চলোৱাৰ অভিযোগ। মণিমাধৱ মহন্তৰ হৈ প্ৰচাৰ চলাবলৈ গৈছিল অগপ নেতাজন।

২৩. নয়দা বিয়াৰ প্ৰলোভনেৰে এগৰাকী যুৱতীক বলাৎকাৰ। গ্ৰেপ্তাৰ অভিযুক্ত।

২৪. ধুবুৰী আৰক্ষীৰ ক'প ৰাইডাৰ্ছ নামৰ বিশেষ স্কোৱাডৰ হাতত কৰায়ত্ত হ'ল ইৰাণী গোটৰ সদস্য৷ এজন লোকৰ পৰা ধন লুটৰ চেষ্টা চলাওঁতেই ধৰা পৰে চোৰটো৷

২৫. অনিল বৰগোহাঁয়ে নাটক কৰিছে। বিজেপি মিত্ৰজোঁটৰ সমৰ্থকে আক্ৰমণ কৰা নাই বৰগোহাঁইক। এই বিস্ফোৰক অভিযোগ প্ৰদান বৰুৱাৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in