১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. উলুবাৰীৰ চিআইডি কাৰ্যালয়ত হাঁহাকাৰ। একেদিনাই ২১জনকৈ কোভিডত আক্ৰান্ত।আৰু বহুকেইজন আক্ৰান্ত হোৱাৰ আশংকা। চিআইডিৰ বিষয়া-কৰ্মচাৰীৰ দেহত ধৰা দিছে কোৰোনাৰ উপস্থিতি।

২. ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানৰ লগতে খহনীয়াত সকলো গ'ল বহুজনৰ। চিৰাঙৰ বিভিন্ন প্ৰান্তত এতিয়া বানৰ পিছত ব্যাপক খহনীয়া। আনহাতে চুবুৰীয়া ৰাজ্য অৰুণাচলতো চিয়াং নদীৰ খহনীয়াৰ সংহাৰ।

৩. ২ অক্টোবৰৰ পৰা ৰাজ্যৰ ১৭ লাখ পৰিয়াললৈ মাহে ৮৩০ টকা। প্ৰতি মাহৰ প্ৰথম দিনটোতে একাউণ্টত জমা হ'ব এই ধন। বাজেটৰ 'অৰুণোদয়' আঁচনিৰ কাৰ্য ৰূপায়নৰ কথা ঘোষণা বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

৪. গোলাঘাটৰ মেৰাপানী থানাৰ অচিৰ বিৰুদ্ধে সাধাৰণ জনতাক হাৰাশাস্তিৰ অভিযোগ। সামান্য অজুহাত দেখুৱাই ধন দাবীৰ অভিযোগ আৰক্ষী বিষয়া আব্দুল জলিলৰ বিৰুদ্ধে। দাবী কৰা ধন নাপালে শাৰীৰিকভাবে অপদস্থ কৰাৰো অভিযোগ।

৫. ড্ৰাগছৰ ঘাটিলৈ পৰিণত হৈছে কৰিমগঞ্জ। পাঠাখাউৰি, জালালবাদ আদি অঞ্চলত গঢ় লৈ উঠিছে ড্ৰাগছৰ সাম্ৰাজ্য। আৰক্ষীৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ অবাধে চলিছে ড্ৰাগছৰ বেহা। ড্ৰাগছৰ অবাধ বেহাৰ বিৰুদ্ধে প্ৰতিবাদ স্থানীয় ৰাইজৰ।

৬. বৈষ্ণৱ পণ্ডিত ড০ নাৰায়ণ চন্দ্ৰ গোস্বামীৰ শেষকৃত্য সম্পন্ন। সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে ভক্ত, শুভাকাংক্ষীৰ উপস্থিতিত শেষকৃত্য। নতুন কমলাবাৰী সত্ৰ প্ৰাংগনতে সত্ৰাধিকাৰ জনৰ শেষকৃত্য সম্পন্ন। মঙলবাৰে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিত্সালয়ত পৰলোকপ্ৰাপ্তি।

৭. অন্ধ্ৰপ্ৰদেশৰ ভেংকেটাপুৰাম গাঁৱত বুধবাৰে উদ্ধাৰ এটা বনৰীয়া হাতীৰ মৃতদেহ। বন বিভাগৰ লোকে হাতীটোৰ মৃতদেহ ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

৮. হাৰিয়ানাত পুনৰ ৭৯৭জনৰ দেহত ধৰা পৰে কোৰোনাৰ উপস্থিতি। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৪৪,০২৪জনলৈ পাইছে বৃদ্ধি।

৯. পশ্চিমবংগত বুধবাৰে নতুনকৈ ২৯৩৬জনৰ দেহত ধৰা পৰে কোভিড-১৯। দিনটোত ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত ৫৪জন লোকে হেৰুৱাই প্ৰাণ।

১০. মুম্বাইত পুনৰ ১১৩২জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। মহানগৰীখনতেই এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১,২৬,৩৭১জনলৈ পাইছে বৃদ্ধি।

১১. বুধবাৰে মধ্যপ্ৰদেশত ৮৭০জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত ৪১,৬০৪জনলৈ বৃদ্ধি পাইছে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।

১২. জম্মু-কাশ্মীৰত পুনৰ যুদ্ধবিৰতি উলংঘা। নৌশ্বেৰা ছেক্টৰত পাক সেনাৰ গুলীবৰ্ষণ। ভাৰতীয় সেনা বাহিনীয়েও দিয়ে ইয়াৰ যোগ্যপ্ৰত্যুত্তৰ।

১৩. ভুপালৰ লক্ষ্মী নাৰায়ণ মন্দিৰত পূজা অৰ্চনা মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ। লগতে উপস্থিত থাকে মুখ্যমন্ত্ৰীগৰাকীৰ পত্নী।

১৪. দেশৰ ভিতৰত মহাৰাষ্ট্ৰত কোৰোনাত আক্ৰান্ত হৈছে সৰ্বাধিক লোক। ৰাজ্যখনত ৫,৪৮,৩১৩জনলৈ বৃদ্ধি পাইছে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।

১৫. চুবুৰীয়া ৰাজ্য মেঘালয়ত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৬৫৬জনলৈ বৃদ্ধি। ইয়াৰে ৫১৭জন লোক হৈছে সুস্থ। এই কথা সদৰী কৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কনৰাড ছাংমাই।

১৬. ১৪ আগষ্টত মুক্তি পাব নতুন হিন্দী ছবি এটেক। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে অভিনেতা জ'ন আব্ৰাহামে।

১৭. উত্তৰাখণ্ডত পুনৰ ৪৩৯জনৰ দেহত ধৰা পৰিছে কোৰোনাৰ উপস্থিতি। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্তৰ সংখ্যা ১০,৮৮৬জনলৈ বৃদ্ধি পাইছে।

১৮. বুধবাৰে পঞ্জাৱত ১০২০জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২৬,৯০৯জনলৈ পাইছে বৃদ্ধি।

১৯. কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাজীৱ ত্যাগীৰ দেহাৱসান। হৃদজনিত ৰোগত আক্ৰান্ত হৈ মৃত্যু হয় তেওঁৰ।

২০. গোৱাত পুনৰ ৪৮০জন লোক আক্ৰান্ত হয় কোৰোনা ভাইৰাছত। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৯৯২৪জনলৈ বৃদ্ধি।

২১. বাংগালুৰুত ফেচবুকৰ এটা পোষ্টক লৈ হিংসাত্মক ঘটনা। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ লাঠীচালনা, কন্দোৱা গেছ নিক্ষেপ আৰু গুলীচালনা। গুলীচালনাত মৃত্যুজন লোকৰ।

২২. উত্তৰপ্ৰদেশত যোৱা ২৪ ঘন্টাত ৪৫৮৩জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। এই সময়চোৱাত ৰাজ্যখনত কোৰোনাত আক্ৰান্ত ৫৫জন লোকৰ মৃত্যু হয়।

২৩. কৰ্ণাটকত পুনৰ ৭৮৮৩জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ।ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১,৯৬,৪৯৪জনলৈ বৃদ্ধি।

২৪. হিমাচলপ্ৰদেশত কথমপি প্ৰাণ ৰক্ষা ৪জনৰ। কুল্লু জিলাৰ ছুটলেজ নদীত বাগৰি পৰা তিনিজন লোকক উদ্ধাৰ কৰে স্থানীয় লোকে।

২৫. জম্মু-কাশ্মীৰত পুনৰ ৪৮২জনৰ দেহত ধৰা পৰে কোভিড-১৯। ইয়াৰে ১০৬জন জম্মু আৰু ৩৭৬জন কাশ্মীৰৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in