১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. অৱশেষত জামিন লাভ কৰিলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ দ্বীপজ্যোতিয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ে জামীন মঞ্জুৰ কৰিলে ছাত্ৰজনৰ। এটা ফেচবুক পোষ্টক লৈ মহানগৰ ক্ৰাইম ব্ৰান্সে আটক কৰিছিল ছাত্ৰজনক।

২. কোৰোনাত আক্ৰান্ত হ'ল দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালা। কিছুদিন ধৰি জ্বৰত ভুগি আছিল বিধায়কগৰাকী।

৩. কোৰোনাত আক্ৰান্ত হ'ল অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত। আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীৰ লগতে তেওঁৰ কেইবগৰাকী দেহৰক্ষীও আক্ৰান্ত হৈছো কোভিড-১৯ত।

৪. সোমবাৰে অনুষ্ঠিত হ'ল সোণোৱাল মন্ত্ৰীসভাৰ গুৰুত্বপূৰ্ণ কেবিনেট। বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ। বেচৰকাৰী বিদ্যালয় সমূহৰ মাছুল সংগ্ৰহৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কেবিনেটৰ। আনহাতে, বাছ চলাচলক লৈও সিদ্ধান্ত সোণোৱাল কেবিনেটৰ।

৫. এটা গৰু চুৰি কাণ্ডকলৈ উত্তপ্ত হৈ পৰিছে পঞ্চতীৰ্থ হাজো। সোমবাৰে পুৱাৰ ভাগত এটা দহজনীয়া শ্ৰমিকৰ দলক গুৰুলাগুৰলকৈ প্ৰহাৰ কৰিলে একাংশ উন্মাদ লোকে। গোষ্ঠী সংঘৰ্ষ হোৱাৰ ভয়ত ত্ৰস্তমান হাজোৰ কেইবাখনো গাঁৱৰ বাসিন্দা।

৬. কোৰোনা মুক্ত হৈ ঘৰলৈ উভতিল এটি তিনিবছৰীয়া কণমানি শিশু। শিশুটিৰ নাম বিশাল দাস। উল্লেখযোগ্য যে, কোৰোনাত আক্ৰান্ত হোৱাৰ উপৰিও কৰ্কট ৰোগতো আক্ৰান্ত হৈ আছিল শিশুটি। সোমবাৰে কোৰোনা মুক্ত হোৱাত জি এম চি এইছৰ পৰা ঘৰলৈ যাবলৈ দিয়া হয় শিশুটিক।

৭. ৰাজ্যত পুনৰ নতুনকৈ সংযোজন হ'ল এখন নতুন জিলা। বজালী মুকুমাক পূৰ্ণাংগ জিলাৰ অনুমোদন জনালে সোণোৱাল কেৱিনেটে। এতিয়াৰ পৰা অসমৰ জিলাৰ সংখ্যা ৩৪খনলৈ বৃ্দ্ধি পালে।

৮. বাঘজানৰ অগ্নিনিৰ্বাপনৰ অন্তিমটো প্ৰচেষ্টা। অগ্নিকুণ্ড প্ৰশমিত কৰিবৰ বাবে বাঘজানত স্থাপন কৰা হ'ল ব্ল' আউট প্ৰিভেন্টৰ। অগ্নিকুণ্ডৰ জুই আৰু গেছৰ চাপ নিয়ন্ত্ৰণৰ বাবে এই প্ৰচেষ্টা অইল কৰ্তৃপক্ষৰ।

৯. সোমবাৰে মৃত্যুক সাৱটিলে বন গাহৰিৰ খুন্দাত আহত হোৱা মকলেশ আলী। শনিবাৰে পুৱা বনগাহৰিয়ে আক্ৰমণ কৰিছিল পুৰাতত্ব বিভাগৰ চকীদাৰ মকলেশ আলীক।

১০. যোৰহাটৰ ঠাকুৰবাৰীত বিধ্বংসী অগ্নিকাণ্ডত প্ৰাণ গ'ল এহাল বৃদ্ধ দম্পতিৰ। দুপৰ নিশা অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাত সংঘটিত হয় এই হৃদয়বিদাৰক ঘটনাটো।

১১. চুবুৰীয়া ৰাজ্য মণিপুৰতো প্ৰতিদিনাই বৃদ্ধি পাইছে কোৰোনা ভাইৰাছৰ সংক্ৰমণ। যোৱা ২৪ ঘন্টাত ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত হয় ১০০জন লোক।

১২. পশ্চিমবংগত সোমবাৰে ২৯০৫জনৰ দেহত ধৰা পৰে কোভিড-১৯। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৯৮,৪৫৯জনলৈ।

১৩. হিমাচলপ্ৰদেশত ৩৪৬৩জনলৈ বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। ইয়াৰে ১২১৫জন চিকিৎসাধীন হৈ থকাৰ বিপৰীতে সুস্থ হৈছে ২২০৫জন লোক। আৰু মৃত্যু হৈছে ১৫জনৰ।

১৪. চেন্নাই বিমান বন্দৰত শুল্ক বিভাগে গ্ৰেপ্তাৰ কৰে তিনিজন লোকক। প্ৰায় ২২.২১ লাখ টকা মূল্যৰ সোণসহ গ্ৰেপ্তাৰ কৰা হয় লোক কেইজনক।

১৫. ৰাজস্থানত সোমবাৰে ১১৭৩জনৰ দেহত কোভিড ধৰা পৰাৰ লগতে মৃত্যু ১১জন লোকৰ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৫৩,৬৭০জনলৈ পাইছে বৃদ্ধি।

১৬. কৰ্ণাটকত সোমবাৰে কোৰোনাত আক্ৰান্ত ১১৪জন ৰোগীৰ মৃত্যু। ৰাজ্যখনত দিনটোত নতুনকৈ ৪২৬৭জনৰ দেহত ধৰা পৰে এই ভাইৰাছৰ উপস্থিতি।

১৭. গোৱাত ৯০২৯জনলৈ বৃদ্ধি পাইছে কোভিড-১৯ আক্ৰান্ত লোকৰ সংখ্যা। ৰাজ্যখনত সোমবাৰে ৩১৭জনৰ দেহত ধৰা পৰে এই ভাইৰাছৰ উপস্থিতি।

১৮. ১৪ আগষ্টত মুক্তি পাব নতুন হিন্দী ছবি এটেক। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে অভিনেতা জ'ন আব্ৰাহামে।

১৯. হাৰিয়ানাত সোমবাৰে আৰু ৭৯৪জন লোক আক্ৰান্ত হয় কোৰোনাত। ৰাজ্যখনত এই ভয়ংকৰ ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৪২৪২৯জনলৈ পাইছে বৃদ্ধি।

২০. প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীক ভেণ্টিলেটৰ ছাপৰ্টত ৰখা হৈছে আৰ্মী ৰিছাৰ্চ এণ্ড ৰেফেল হাস্পতালত। মগজুৰ সফল অস্ত্ৰোপচাৰৰ পাছতে তেওঁক ৰখা হয় ভেন্টিৰেলটৰ ছাপৰ্টত।

২১. দেশৰ ভিতৰত মহাৰাষ্ট্ৰত সৰ্বাধিক লোক আক্ৰান্ত হৈছে কোৰোনা ভাইৰাছত। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৫,২৪,৫১৩জনলৈ পাইছে বৃদ্ধি।

২২. কলকাতাৰ প'ল্লক ষ্ট্ৰীটত ভয়ংকৰ অগ্নিকাণ্ড। এটা অট্টালিকাত সংঘটিত হয় এই অগ্নিকাণ্ড। ৬খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে নিৰ্বাপিত কৰে জুই।

২৩. তামিলনাডুত সোমবাৰে ৫৯১৪জনকৈ লোকৰ দেহত ধৰা পৰে কোভিড-১৯ পজিটিভ। ইফালে, দিনটোত ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত হৈ ১১৪জন লোকৰ হৈছে মৃত্যু।

২৪. জম্মু-কাশ্মীৰত পুনৰ যুদ্ধবিৰতি উলংঘা। পুঞ্চ জিলাৰ ঘান্টি ছেক্টৰত পাক সেনাৰ গুলীবৰ্ষণ। ভাৰতীয় সেনা বাহিনীয়েও কৰে যোগ্যপ্ৰত্যুত্তৰ।

২৫. অসমত সোমবাৰে কোৰোনাত আক্ৰান্ত ৬জন লোকৰ মৃত্যু। ৰাজ্যত বৰ্তমানলৈ এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ১৫১জনলৈ পাইছে বৃদ্ধি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in