১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. বকোত ছাত্ৰবৃত্তিৰ ধন কেলেংকাৰীৰ ঘটনা। ছাত্ৰ নামত অহা ধন আত্মসাৎ কৰি আটক হ'ল চাৰিজনকৈ লোক। হজৰত আলী নামৰ লোকজনৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰিলে আবুশ্বামা আহমেদ, আমিৰ হামজা আলী, চাইজুদ্দিন আলী আৰু শুকুৰ আলীক।

২. নাগৰিকত্ব সংশোধিত আইন বাতিল আৰু অখিল গগৈ মুক্তিৰ দাবীত লখিমপুৰত অভিনৱ প্ৰতিবাদ। খোল-তাল বজাই লালুকৰ মেনেহাত অভিনৱ প্ৰতিবাদী কাৰ্য্যসূচী ।

৩. মহানগৰীত নিষিদ্ধ ড্রাগছৰ বিৰুদ্ধে ক্রাইম ব্রান্সৰ অভিযান। অভিযানত জব্দ ৫৭,৫০০ নগদ ধনৰ লগতে ১০ লাখ টকা মূল্যৰ মুঠ ১১ পেকেট ড্রাগছ। ড্ৰাগছ সৰবৰাহৰ অভিযোগত আটক হ'ল এগৰাকী মহিলা ।

৪. বিটিচিত ৰক্তাক্ত পৰিৱেশ। বাক্সাত দুটা ফৈদৰ মাজত হোৱা সংঘাতৰ ফলত আহত ৪জনকৈ লোক। পথাৰ দখলকলৈ লৈ এই সংঘাত। ইউপিপিএলৰ কৰ্মীয়ে গো চৰণীয়া পথাৰ দখল কৰাৰ অভিযোগ।

৫. বঙাইগাঁৱত এইবাৰ আৰক্ষীৰ জালত পৰিল আৰক্ষী। উৎকোচ লৈ থকা অৱস্থাতে হাতে-লোটে ধৰা পৰিল এগৰাকী আৰক্ষী। অপৰাধ অনুসন্ধান শাখাৰ হাতত গ্ৰেপ্তাৰ হ'ল হৰমুজ আলী দেৱান নামৰ আৰক্ষীৰ লোকজন।

৬. মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত নহয় অখিল গগৈৰ। শুকুৰবাৰে পুনৰ নিয়া আদালতে জামিন আৱেদন নাকচ কৰিলে অখিল গগৈৰ।

৭. মাজুলীৰ কুলামুৱা চাপৰিত সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ড ঘটনা। অগ্নিকাণ্ডত জ্বলি ভস্মিভূত হ'ল দুটাকৈ বাসগৃহ। গৃহস্থ পথাৰত ব্যস্ত থকাৰ সময়তে সংঘটিত হ'ল এই অগ্নিকাণ্ডৰ ঘটনা।

৮. নুমলীগড়ত পুনৰ হাতী-মানুহৰ সংঘাত। বনৰীয়া হাতীয়ে ভাঙি তহিলং কৰিলে ২০টাতকৈও অধিক বাসগৃহ। নুমলিগড় চাহ বাগিচাৰ ২৫ নং লাইনত এই ঘটনা।

৯. কুসুমপুৰত কোৰোনা কেন্দ্ৰিক মাৰপিট। কোৰোনাৰ খবৰ দিয়াৰ বাবেই গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰিলে এজন যুৱকক। ঘটনাৰ লগত জড়িত চাৰিজনক আটক কুসুমপুৰ আৰক্ষীৰ।

১০. বিহাৰৰ চিবিআইয়ে ইতিমধ্যে লাভ কৰিছে সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ কাণ্ডৰ বহু নথিপত্ৰ। বিহাৰৰ চিবিআইৰ বিষয়াই শুকুৰবাৰে সদৰী কৰে এই কথা।

১১. যোৱা ২৪ ঘন্টাত পঞ্জাৱত পুনৰ ১০৬৩জনৰ দেহত ধৰা পৰে কোভিড-১৯। ৰাজ্যখনত এই সময়চোৱাত ২৩জন লোকে হেৰুৱাই প্ৰাণ।

১২. ই ডি কাৰ্যালয়ত উপস্থিত সুশান্ত সিং ৰাজপুতৰ ব্যৱসায় প্ৰবন্ধক শ্ৰুতি মোডী। অভিনেতাগৰাকীৰ আত্মহত্যা কাণ্ডৰ সন্দৰ্ভত কৰা হয় সোধ-পোছ।

১৩. যোৱা ২৪ ঘন্টাত গুজৰাটত ১০৭৪জন আক্ৰান্ত কোৰোনা ভাইৰাছত। এই সময়চোৱাত ৰাজ্যখনত কোভিড-১৯ত আক্ৰান্ত ২২জন লোকে হেৰুৱাই প্ৰাণ।

১৪. কেৰালাৰ ৱানাইডৰ মেপ্পাডীত এনডিআৰএফ বাহিনীৰ উদ্ধাৰ অভিযান। বানত আৱদ্ধ সকলক উদ্ধাৰ কৰে এনডিআৰএফ বাহিনীয়ে।

১৫. কৰ্ণাটকৰ চাৰ্মাডী ঘাটত ভূমিস্খলনৰ ঘটনা। ভূমিস্খলনৰ ফলত চাৰ্মাডী ঘাটৰ এটা পথত ব্যাহত হৈ পৰে যান-বাহন চলাচল।

১৬. জম্মু-কাশ্মীৰত পুনৰ যুদ্ধবিৰতি উলংঘন। মাচাল ছেক্টৰত পাক সেনাই কৰে গুলীবৰ্ষণ। ভাৰতীয় সেনা বাহিনীয়েও দিয়ে পাকিস্তানক যোগ্যপ্ৰত্যুত্তৰ।

১৭. ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজে ছিণ্ডিয়াই সাক্ষাৎ কৰে বিজেপিৰ অধ্যক্ষ জে পি নড্ডাক। শুকুৰবাৰে পুৱা ভাগত অধ্যক্ষগৰাকীৰ বাসগৃহত কৰে সাক্ষাৎ।

১৮. কেৰালাৰ পাণ্ডালামত উদ্ধাৰ এটি হাতী পোৱালিৰ মৃতদেহ। এখন দলঙৰ তলত উদ্ধাৰ হয় হাতী পোৱালিটোৰ মৃতদেহ।

১৯. কেৰালাত যোৱা কেইবাদিন ধৰি ধাৰাসাৰ বৃষ্টিপাত। বৃষ্টিপাতৰ ফলত বিভিন্ন স্থানত সৃষ্টি হৈছে ভূমিস্খলন। এই ভূমিস্খলনত ৰাজ্খনৰ ইডুক্কিত বহু জন লোকে হেৰুৱাইছে প্ৰাণ। মৃত লোকসকলৰ পৰিয়ালক ৫ লাখ টকা এককালীন সাহায্য প্ৰদানৰ ঘোষণা চৰকাৰৰ।

২০. কাশ্মীৰত শুকুৰবাৰে পুনৰ ৪৭৩জনৰ দেহত ধৰা পৰে কোভিড-১৯। ইয়াৰে ১২৮জন জম্মু আৰু ৩৪৫জন কাশ্মীৰ ডিভিজনৰ।

২১. ১৪ আগষ্টত মুক্তি পাব নতুন হিন্দী ছবি এটেক। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা জন আব্ৰাহামে।

২২. দিল্লীত শুকুৰবাৰে ১১৯২জনৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰে। ৰাজ্যখনত দিনটোত এই ভাইৰাছত আক্ৰান্ত ২৩জন লোকে হেৰুৱাই প্ৰাণ।

২৩. ওড়িশ্যাৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৃষ্টিপাত। আগন্তুক ৪দিন ভূৱনেশ্বৰতো নেৰানেপেৰা বৰষুণ হোৱাৰ সম্ভাৱনা। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ এই ঘোষণা।

২৪. অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাই এছ জগন মোহন ৰে়ড্ডীয়ে বৈঠকত বহে ৰাজ্যখনৰ বিষয়াসকলৰ সৈতে। কোৰোনা পৰিস্থিতি সন্দৰ্ভত কৰে আলোচনা।

২৫. কেৰালাত সংঘটিত হৈছে ভয়ংকৰ বিমান দুৰ্ঘটনা। কেৰেলাৰ কালিকাটত ক্ৰেচ লেণ্ডিং হৈ দুৰ্ঘটনাগ্ৰস্ত হৈছে বিমানখন। দুৰ্ঘটনাত বৈমানিকসহ দুজনৰ মৃত্যু।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in