১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১. নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত প্ৰতিবাদ। দেওবাৰে বহু দল-সংগঠনে সাব্যস্ত কৰে প্ৰতিবাদ।

২. সোমবাৰে লোকসভাত উত্থাপিত হ'ব কেব। সকলো সাংসদক উপস্থিত থাকিবলৈ হুইপ জাৰি বিজেপিৰ!

৩. জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এইবাৰ ৰাজপথত জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ। হাতত কেব বিৰোধী পোষ্টাৰ লৈ কৰিলে প্ৰতিবাদ।

৪. ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দ্বিতীয়খন টি-২০ত ৮ উইকেটত পৰাস্ত ভাৰত। প্ৰথমখন মেচত পৰাস্ত হৈছিল ৱেষ্ট ইণ্ডিজ।

৫. উত্তৰ প্ৰদেশৰ সৰজু নৈত নাও দুৰ্ঘটনা। সন্ধানহীন ৩জন লোক।

৬. দেওবাৰে ৭৫ বছৰত ভৰি দিলে বলীউডৰ অভিনেত্ৰী শৰ্মিলা টেগুৰে। ১৯৪৬ চনত হায়দৰাবাদত হৈছিল জন্ম।

৭. সোম আৰু মঙলবাৰে অসম বন্ধৰ আহ্বান। ৬ জনগোষ্ঠীৰ জনজাতিকৰণ, নাগৰিকত্ব সংশোধনী বিধেয়কৰ লগতে কেইবাটাও দাবীত বন্ধৰ আহ্বান।

৮. নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ কংগ্ৰেছ নেতা শশী থাৰুৰৰ মন্তব্য। ক'লে, এই বিধেয়ক গৃহীত হ'লে বাপুজীৰ আদৰ্শ পৰাজয় হোৱাৰ লগতে জয় হ'ব জিন্নাৰ আদৰ্শ।

৯. দিল্লীত অগ্নিকাণ্ড। ফেক্টৰীৰ মালিকক গ্ৰেপ্তাৰ। ৪৪ জন লোকৰ মৃত্যু হোৱাৰ উপৰিও বৰ্তমানেও ২৯ জনৰ অৱস্থা সংকটজনক।

১০. আমেৰিকাৰ গণতন্ত্ৰ দিৱসত অংশ ল'ব আনন্দ কুমাৰে। আমেৰিকাৰ হোৱাইট হাউচৰ পৰা কৰা হৈছে নিমন্ত্ৰণ।

১১. দেশৰ সকলো শক্তি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত আবদ্ধ হৈ থকাটো অনুচিত। দেশৰ অৰ্থব্যৱস্থাক লৈ ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্ণৰ ৰঘুৰাম ৰাজনে কৰিলে মন্তব্য।

১২. কৰ্ণাটকত অনুষ্ঠিত হোৱা উপ নিৰ্বাচনৰ ফলাফল সোমবাৰে কৰা হ'ব ঘোষণা। চৰকাৰ ৰক্ষা কৰিবলৈ বিজেপিক প্ৰয়োজন ১৫ৰ ভিতৰত ৭খন আসন।

১৩. বলাৎকাৰৰ সৈতে জড়িত যিকোনো ঘটনা দুমাহৰ ভিতৰত বিচাৰ কৰিবলৈ মোডী চৰকাৰে ল'ব পাৰে বিশেষ পদক্ষেপ। কেন্দ্ৰীয় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে দিলে ইয়াৰ ইংগিত।

১৪. 'আমি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিম।'- এই মন্তব্য কৰে কংগ্ৰেছ নেতা অধিৰঞ্জন চৌধুৰীয়ে।

১৫. কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বি এছ য়েডিয়ুৰাপ্পা উপস্থিত ধৰ্মস্থল এলেকাত। শ্ৰী মঞ্জুনাথা স্বামী মন্দিৰত পূজা অৰ্চনা আগবঢ়াই তেওঁ।

১৬. শিৰদী চাইবাবা মন্দিৰত উপস্থিত জে ডি এছৰ নেতা তথা মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এইচ ডি দেৱেগৌডা।

১৭. 'নেডাই উত্তৰ-পূববাসীৰ সৈতে একেলগে থিয় দিব লাগে।'- কেব সন্দৰ্ভত এই মন্তব্য কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ।

১৮. ছত্তীশগড়ৰ কোৰবা এলেকাত নৃশংস ঘটনা। এগৰাকী মহিলাক স্বামীয়ে হত্যা কৰি দেওবাৰে। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।

১৯. প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অৰুণ শ্বোৰীক সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। তেওঁৰ স্বাস্থ্য সন্দৰ্ভত বুজ লয় প্ৰধানমন্ত্ৰীগৰাকীয়ে।

২০. দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ৰেহান নামৰ লোকজনক। দিল্লীৰ এটা ফেক্টৰীত অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাছত ফেক্টৰীটোৰ স্বত্তাধিকাৰক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

২১. দিল্লীত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডক লৈ অব্যাহত চাঞ্চল্য। অগ্নিকাণ্ডত গুৰুতৰভাৱে আহত সকলক চিকিৎসালয়ত সাক্ষাৎ কৰে বিজেপি সাংসদ ড০ হৰ্ষ বৰ্ধনে।

২২. মহাৰাষ্ট্ৰৰ নাগপুৰত উদ্ধাৰ এটি ৫ বছৰীয়া শিশুৰ মৃতদেহ। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ।

২৩. হাৰিয়ানাত দেওবাৰে সংঘটিত ভয়ংকৰ অগ্নিকাণ্ড। ৬খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে নিৰ্বাপিত কৰে জুই।

২৪. কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধীয়ে উদযাপন নকৰে নিজৰ জন্মদিন। দেশত নাৰীজনিত অপৰাধ বৃদ্ধি পোৱাৰ বাবেই জন্মদিন পালন নকৰে তেওঁ।

২৫. দ্বিতীয় দিনা দৰ্শকৰ সহাৰি লাভ কৰিবলৈ সক্ষম হৈছে হিন্দী ছবি পানীপট। দেওবাৰে উপাৰ্জন কৰিলে ৫.৭৫ কোটি টকা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in